ETV Bharat / state

বহিঃৰাজ্যৰ পৰা অসমলৈ অহা ৰে’লযাত্রীৰ ক'ভিড পৰীক্ষা বাধ্যতামূলক

author img

By

Published : Apr 15, 2021, 9:30 PM IST

গুৱাহাটী ৰে'লৱে ষ্টেচনত দৈনিক সহস্ৰাধিক লোকৰ ক'ভিড পৰীক্ষা কৰা হয় । অসমৰ বাহিৰৰ পৰা অহা প্ৰতিগৰাকী যাত্রীৰ ক'ভিড টেষ্ট বাধ্যতামূলক কৰা হৈছে । বিগত ২৪ ঘণ্টাত অসমত ৩৮৫ গৰাকী লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে আৰু ইয়াৰে ২১০ গৰাকী কামৰূপ মহানগৰ জিলাৰ ৷

অসমত বহিঃৰাজ্যৰ পৰা অহা সকলো ৰে'ল যাত্রীৰ ক'ভিড টেষ্ট বাধ্যতামূলক
অসমত বহিঃৰাজ্যৰ পৰা অহা সকলো ৰে'ল যাত্রীৰ ক'ভিড টেষ্ট বাধ্যতামূলক

গুৱাহাটী,১৫ এপ্ৰিলঃ ক'ভিডৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাত বহিঃৰাজ্যৰ পৰা অসমলৈ অহা ৰে'ল যাত্রীৰ ক্ষেত্রত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ লগতে অসম চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । ৰে'ল কৰ্তৃপক্ষই জনোৱা মতে, এতিয়ালৈ কোনো ৰে'ল বাতিল কৰাৰ সিদ্ধান্ত লোৱা নাই । ৰাইজক আতংকিত নহ'বলৈ আহ্বান জনাই ৰে'ল কৰ্তৃপক্ষই উৰা বাতৰিত বিশ্বাস নকৰিবলৈ অনুৰোধ জনাইছে । বৰ্তমান উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধীনত ৮০ খন ৰে'ল চলি আছে আৰু ইয়াৰে ২৭ খন স্থানীয় যাত্ৰীবাহী ৰে'ল । ৰে'লৱে ষ্টেচনত সামাজিক দূৰত্ব মানি চলা, ছেনিটাইজাৰৰ ব্যৱহাৰ তথা মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে । ৰে'ল ষ্টেচনত ক'ভিডৰ প্ৰতি লক্ষ্য ৰাখি প্ৰয়োজনীয় সকলো সতৰ্কতামূলক ব্যৱস্থা অৱলম্বন কৰা হৈছে । ইফালে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ষ্টেচনসমূহত ক'ভিড টেষ্টৰ ব্যৱস্থা কৰা হৈছে ।

অসমত বহিঃৰাজ্যৰ পৰা অহা সকলো ৰে'ল যাত্রীৰ ক'ভিড টেষ্ট বাধ্যতামূলক

বিশেষকৈ অসমৰ বাহিৰৰ পৰা অহা প্ৰতিগৰাকী যাত্রীৰ ক'ভিড টেষ্ট বাধ্যতামূলক কৰা হৈছে । ৰাজ্যৰ ভিতৰত চলাচল কৰা স্থানীয় ৰে'লৰ যাত্রীৰ ক্ষেত্রত ক'ভিড টেষ্ট বাধ্যতামূলক কৰা হোৱা নাই । লক্ষণীয় বিষয় যে, গুৱাহাটীত কৰ’ণাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাব ধৰিছে । ইফালে ক'ভিড টেষ্ট বাধ্যতামূলক কৰাৰ পৰা পল্টনবজাৰ ৰে'ল ষ্টেচনত দৈনিক বহু লোকৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰিছে । বুধবাৰে পাঁচজন লোকৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে । পল্টনবজাৰ ৰে'ল ষ্টেচনত ক'ভিড টেষ্টৰ দায়িত্বত থকা স্বাস্থ্য বিভাগৰ দেৱ শইকীয়াই জনোৱা মতে ষ্টেচনটোত দৈনিক সহস্ৰাধিক লোকৰ ক'ভিড পৰীক্ষা কৰা হয় । বাহিৰৰ পৰা অহা প্ৰতিগৰাকী যাত্রীৰ ক'ভিড পৰীক্ষা কৰা হয় । দৈনিক প্ৰায় ৭-৮ খন ৰে'ল বহিঃৰাজ্যৰ পৰা ষ্টেচনটোলৈ আহে আৰু পৰীক্ষাত দৈনিক বহু লোকৰ শৰীৰত ক'ভিডৰ উপস্থিতি পোৱা গৈছে বুলি শইকীয়াই জানিবলৈ দিয়ে ।

আনহাতে, প্ৰশাসনৰ ফালৰ পৰা দায়িত্বত থকা ভাস্কৰ ভট্টাচাৰ্যই জনোৱা মতে, ক'ভিড চিনাক্ত হোৱা যাত্রীসকলক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা প্ৰশাসনৰ ফালৰ পৰা কৰি থকা হৈছে । হোম কোৱাৰেণ্টাইনত থাকিব বিচৰাসকলৰ ক্ষেত্রত যাৱতীয় দিশ চালি-জাৰি চাই সেইধৰণে ব্যৱস্থা কৰা হয় । উল্লেখ্য যে, ক'ভিডৰ সংক্ৰমণ ভয়াৱহ হাৰত বৃদ্ধি পালে ৰে'ল চলাচলৰ সংখ্যা হ্ৰাস হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি । বিগত ২৪ ঘণ্টাত অসমত ৩৮৫ গৰাকী লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে আৰু ইয়াৰে ২১০ গৰাকী কামৰূপ মহানগৰ জিলাৰ ।

লগতে পঢ়কঃ আজি পহিলা ব’হাগৰ দিনাই মঙলদৈত বিহুৰ ব্যাপক উচাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.