ETV Bharat / state

নতুন বছৰটোৰ প্ৰথমটো দিনতে বৃদ্ধি ৰে’ল ভাড়া

author img

By

Published : Jan 1, 2020, 11:46 PM IST

ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে নতুন বছৰটোৰ প্ৰথমটো দিনতে ভাৰতীয় ৰে’ল বিভাগে দুৰণিবটীয়া ৰে’লৰ ভাড়া বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইয়াৰোপৰি ৰে’ল বিভাগে উল্লেখ কৰা মতে যাত্ৰীসকলৰ সা-সুবিধা বৃদ্ধিৰ বাবেও ভাড়া বঢ়োৱা হৈছে ৷

Railway fair hikes
নতুন বছৰটোৰ প্ৰথমটো দিনতে বৃদ্ধি ৰে’ল ভাড়া

গুৱাহাটী, 1 জানুৱাৰীঃ ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে নতুন বছৰটোৰ প্ৰথমটো দিনতে ভাৰতীয় ৰে’ল বিভাগে দুৰণিবটীয়া ৰে’লৰ ভাড়া বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইয়াৰোপৰি ৰে’ল বিভাগে উল্লেখ কৰা মতে যাত্ৰীসকলৰ সা-সুবিধা বৃদ্ধিৰ বাবেও ভাড়া বঢ়োৱা হৈছে ৷ বৰ্ধিত মূল্য অনুসৰি প্ৰতি কিঃমিঃত এক পইছা, শ্লীপাৰ ক্লাছত প্ৰতি কিঃমিঃত 2 পইছা আৰু 3AC, 2AC আৰু AC ফাৰ্ষ্ট ক্লাছৰ বাবে প্ৰতি কিঃমিঃত 4 পইছাকৈ বৃদ্ধিৰ কৰাৰ কথা ঘোষণা কৰিছে ৰে'ল বিভাগে ৷

নতুন বছৰটোৰ প্ৰথমটো দিনতে বৃদ্ধি ৰে’ল ভাড়া

উল্লেখ্য যে 31 ডিচেম্বৰত ৰে'ল মন্ত্ৰণালয়ে দিয়া এক নিৰ্দেশ মতে উপ-নগৰীয় অঞ্চলসমূহত ভাড়াসমূহ একে থাকিব ৷ কিন্তু ন'ন এচি, Non-Suburban ভাড়াসমূহ প্ৰতি কিলোমিটাৰত এক পইছাকৈ বৃদ্ধি পালে ৷ আনহাতে পূৰ্বে টিকট ক্ৰয় কৰাসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় এই নতুন নিৰিখ। অৰ্থাৎ আজিৰে পৰা যাত্ৰীসকলে এই নতুন নিৰিখ অনুসৰি টিকট ক্ৰয় কৰিব লাগিব। এই কথা ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰিলে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দে।

আৰু পঢ়কঃ ঋণ আদায়ৰ বাবে মালিয়াৰ অস্থাৱৰ সম্পত্তি ব্যৱহাৰৰ অনুমতি আদালতৰ

Intro:আজিৰে পৰা বৃদ্ধি পালে ভাৰতীয় ৰে'লৱেৰ বহুকেইখন গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰেলৰ ভাড়া৷ যাত্ৰীসকলৰ অধিক সা-সুবিধা প্ৰদানৰ লক্ষ্যৰে বৃদ্ধি কৰা হৈছে এই ভাড়া। বৰ্ধিত মূল্য অনুসৰি প্ৰতি কিঃমিঃত এক পইছা, শ্লীপাৰ ক্লাছত প্ৰতি কিঃমিঃত 2 পইছা আৰু 3AC, 2AC আৰু AC ফাৰ্ষ্ট ক্লাছৰ বাবে প্ৰতি কিঃমিঃত 4 পইছাকৈ বৃদ্ধিৰ কৰাৰ কথা ঘোষণা কৰিছে ৰে'ল বিভাগে৷ 31 ডিচেম্বৰত ৰে'ল মন্ত্ৰণালয়ে এক নিৰ্দেশ মতে উপ নগৰীয় অঞ্চলসমূহত ভাড়াসমূহ একে থাকিব৷ কিন্তু ন'ন এ চি, non-suburban ভাড়াসমূহ প্ৰতি কিলোমিটাৰত এক পইছাকৈ বৃদ্ধি পালে৷ পূৰ্বে টিকট ক্ৰয় কৰাসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় এই নতুন নিৰিখ। অৰ্থাৎ আজিৰে পৰা যাত্ৰীসকলে এই নতুন নিৰিখ অনুসৰি টিকট ক্ৰয় কৰিব লাগিব। এই কথা ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰিলে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দে। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.