ETV Bharat / state

Raijor Dal on disputed land transfer : মেঘালয়ক বিবাদমান ভূমি হস্তান্তৰৰ বিৰোধিতা ৰাইজৰ দলৰ

author img

By

Published : Jan 20, 2022, 7:00 PM IST

ৰাজ্য গঠনৰ ৫০ বছৰীয়া বৰ্ষপূৰ্তিত মেঘালয়ক উপহাৰ প্ৰদান কৰাৰ উদ্দেশ্যে ৰাজ্যৰ দল-সংগঠনসমূহক অন্ধকাৰত ৰাখি অসমৰ মাটি হস্তান্তৰ কৰিবলৈ অসম চৰকাৰে উঠিপৰি লাগিছে বুলি মন্তব্য কৰে ৰাইজৰ দলে (Rajor Dal on Assam Meghalaya border issue) ৷ অমস-মেঘালয় সীমা সমস্যা সমাধানক লৈ দৃঢ়ভাৱে মাত মাতি অহা ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিক সৰ্বদলীয় বৈঠকত এৰাই চলাৰ অভিযোগো উত্থাপন কৰে ৰাইজৰ দলে।

Assam Meghalaya Border dispute
মেঘালয়ক বিবাদমান ভূমি হস্তান্তৰৰ বিৰোধিতা ৰাইজৰ দলৰ

গুৱাহাটী, ২০জানুৱাৰী: অসম মেঘালয়ৰ সীমা বিবাদক লৈ হোৱা বৈঠকৰ পিছত কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে ৰাইজৰ দলে (Raijor Dal opposes transfer of disputed land to Meghalaya) । বৃহস্পতিবাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি ৰাইজৰ দলৰ উপ-সভাপতি ৰাছেল হুছেইন আৰু সাধাৰণ সম্পাদক আজিজুৰ ৰহমানে কয় যে, যোৱা ১৮ জানুৱাৰীত অসম-মেঘালয়ৰ সীমা সমস্যাৰ নিষ্পতি তথা সমাধানৰ সূত্ৰ উলিয়াবৰ বাবে ৰাজনৈতিক দল আৰু জাতীয় সংগঠনক লৈ দুখন সভা অনুষ্ঠিত হৈছিল । কিন্তু দুৰ্ভাগ্যজনকভাৱে চুবুৰীয়া ৰাজ্যৰ সীমা সমস্যা সমাধানক লৈ দৃঢ়ভাৱে মাত মাতি অহা ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিক দুয়োখন সভাত শাসকীয় চৰকাৰখনে এৰাই চলে (Rajor Dal on Assam Meghalaya border issue) ।

লক্ষণীয়ভাৱে যোৱা ১৬ জানুৱাৰীত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে ৰাইজৰ দলৰ সভাপতিক আমন্ত্ৰণ কৰা পত্ৰ ১৮ জানুৱাৰী তাৰিখে সভা অনুষ্ঠিত হৈ যোৱাৰ পিছত প্ৰেৰণ কৰে । ইফালে মূল বিৰোধী দল কংগ্ৰেছে কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে বিধানসভাত সীমা সমস্যাটো আলোচনাৰ আহ্বান জনোৱাৰ লগতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অসমৰ স্বাৰ্থ বিঘ্নিত নোহোৱাকৈ আগবঢ়াৰ আহ্বান জনাইছিল যদিও বিৰোধী দল আৰু জাতীয় সংগঠনক অৱজ্ঞা কৰি অসম চৰকাৰে কেবিনেট সভাত চৰকাৰৰ প্ৰস্তাৱক অনুমোদন জনায় ।

মেঘালয়ক বিবাদমান ভূমি হস্তান্তৰৰ বিৰোধিতা ৰাইজৰ দলৰ

ৰাইজৰ দলৰ নেতা দুগৰাকীয়ে কয় যে, অসমেই একমাত্ৰ ৰাজ্য য’ত নিজৰ ভাষা ৰক্ষাৰ স্বাৰ্থত আন্দোলন কৰিবলগা হৈছে । মিজোৰামৰ সৈতে হোৱা সীমা বিবাদ কেন্দ্ৰিক ঘটনাত অসমৰ ৬ জন আৰক্ষীয়ে শ্বহীদ বৰণ কৰিছিল কিন্তু ৰাজ্য চৰকাৰে সীমান্তৰ সিপাৰৰ দুষ্কৃতিকাৰীৰ বিৰুদ্ধে থকা গোচৰ উঠাই লৈছে । পূৰ্বৰ দৰেই এইবাৰো ৰাজ্য গঠনৰ ৫০ বছৰীয়া বৰ্ষপূৰ্তিত মেঘালয়ক উপহাৰ প্ৰদান কৰাৰ উদ্দেশ্যে ৰাজ্যৰ দল-সংগঠনসমূহক অন্ধকাৰত ৰাখি অসমৰ মাটি হস্তান্তৰ কৰিবলৈ অসম চৰকাৰে উঠিপৰি লাগিছে বুলি উল্লেখ কৰে ।

মেঘালয় আৰু মিজোৰামৰ সীমা বিবাদৰ ঘটনাৰ পৰা স্পষ্ট হৈছে যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নেদাৰ অধ্যক্ষ হিচাপে নিজকে সফল প্ৰতিষ্ঠা কৰিবলৈ অসমৰ স্বাৰ্থক জ্বলাঞ্জলি দিছে । যিসময়ত অসমৰ সীমা সমস্যা দিনক দিনে বৃদ্ধি পাই আহিছে সেই সময়ত চুবুৰীয়া ৰাজ্যৰ হেঁচাত অসমৰ মাটি কালি সংকুচিত হৈছে । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ প্ৰিয়ভাজন হ’বলৈ অন্য ৰাজ্যৰ সৈতে আপোচ কৰিছে বুলিও সদৰি কৰে ৰাইজৰ দলৰ নেতা দুগৰাকীয়ে ।

অসমৰ স্বাৰ্থক বিঘ্নিত কৰা এই অগণতান্ত্ৰিক ক্ৰিয়া কলাপক ৰাইজৰ দলে তীব্ৰ ভাষাৰে গৰিহণা জনায় । ইফালে সংবাদ মেলত অখিল গগৈয়ে ৰাইজলৈ দিয়া মুকলি চিঠি পাঠ কৰে ৰাইজৰ দলৰ নেতা ৰাছেল হুছেইনে ।

লগতে পঢ়ক: চীনা সৈন্যৰ বিৰুদ্ধে অৰুণাচলী যুৱকক অপহৰণৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.