ETV Bharat / state

Dilapidated road in Guwahati: আমগাঁৱত বিধ্বস্ত পথৰ বাবে PEWS গ্ৰুপৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 1:26 PM IST

মহানগৰীৰ আমগাঁৱত ৰাজহুৱা পথ ব্যক্তিগত কামত ব্যৱহাৰ কৰাকলৈ ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । শিক্ষা প্ৰতিষ্ঠানখনৰ হোষ্টেল নিৰ্মাণৰ বাবে শিল-বালি কঢ়িওৱা এক্সাভেটৰ,ডাম্পাৰৰ বাবে জহি-খহি গৈছে ।

PEWS Group of Institutions
PEWS গ্ৰুপ অৱ ইনষ্টিটিউচন

PEWS গ্ৰুপ অৱ ইনষ্টিটিউচন

গুৱাহাটী, ১৮ ছেপ্টেম্বৰ: গুৱাহাটীৰ এখন ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে । শিক্ষা প্ৰতিষ্ঠানখনে অকৰ্তৃত্বশীলভাৱে এটি ৰাজহুৱা পথ ব্যক্তিগত কামত ব্যৱহাৰ কৰাকলৈ ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে । মহানগৰীৰ আমগাঁওস্থিত PEWS গ্ৰুপ অৱ ইনষ্টিটিউচনৰ অন্তৰ্গত PEWS গ্ৰুপ অৱ পেৰামেডিকেল চায়েন্স নামৰ এখন ব্যক্তিগত প্ৰতিষ্ঠানৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি প্ৰতিষ্ঠানখনে আমগাঁৱৰ তলৰ পৰা গোপাল দাসৰ ঘৰলৈ যোৱা প্ৰায় ১৩৯ মিটাৰ সৰু পথটো শিক্ষা প্ৰতিষ্ঠানখনৰ হোষ্টেল নিৰ্মাণৰ বাবে শিল-বালি আদি কঢ়িওয়াৰ উপৰি অহৰহ এক্সাভেটৰ, ডাম্পাৰ আদি অহা-যোৱা কৰাৰ বাবে দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰি আহিছে । ইয়াৰ ফলত এই পথটোৰ কাৰ্পেটিং সমূহ উঠি যোৱাৰ লগতে বিভিন্ন স্থানত পথটো ভাঙি গৈছে ।

স্থানীয় ৰাইজে ভগ্ন পথটো নিৰ্মাণ কৰাৰ বাবে কেইবাবাৰো PEWS কৰ্তৃপক্ষক অবগত কৰিছে যদিও কৰ্তৃপক্ষই পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া ক্ষুব্ধ হৈ পৰিছে আমগাঁওবাসী ৰাইজ । তদুপৰি PEWS কৰ্তৃপক্ষই হোষ্টেল নিৰ্মাণৰ নামত অবৈধভাৱে পাহাৰ খনন কৰাৰ ফলত বৰষুণৰ সময়ত ওপৰৰ শিল খহি পৰাৰ ফলত পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগো উত্থাপন কৰে ৰাইজে ।

লগতে পঢ়ক: PM Vishwakarma Scheme: পি এম বিশ্বকৰ্মা আঁচনিৰ শুভ উদ্বোধনী অনুষ্ঠানত কলাক্ষেত্ৰৰ পৰা ভাৰ্চুৱেলি অংশগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ

PWES কৰ্তৃপক্ষই ব্যক্তিগত কামৰ বাবে পথটো অহৰহ ব্যৱহাৰ কৰাৰ ফলত এতিয়া পথটো যাতায়াতৰ অনুপযোগী হৈ পৰা বুলি স্থানীয় ৰাইজে অভিযোগ তুলি পথটো অতি শীঘ্ৰে মেৰামতি কৰি দিয়াৰ বাবে দাবী জনাইছে । উল্লেখ্য যে, ২০২০ চনত পানীখাইতি গাঁও পঞ্চায়তৰ অন্তৰ্গত এই পথটো লোক নিৰ্মাণ বিভাগে ২০১৯-২০ বিত্তীয় আয়োগৰ ৮ লাখ টকা ব্যয়ৰে ১৩৯ মিটাৰ দীঘল আৰু ৩.৬ মিটাৰ ব্যাসৰ সৰু পথটো নিৰ্মাণ কৰিছিল ।

লগতে পঢ়ক:Allegations of encroachment: মিচিং স্বায়ত্তশাসিত পৰিষদৰ বিৰুদ্ধে চিমেন চাপৰি চিকিৎসালয়ৰ ভূমি বেদখলৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.