সাংবাদিক নিগ্ৰহ : দোষীক শাস্তি প্ৰদানৰ দাবী পূব গুৱাহাটী প্ৰেছ ক্লাৱৰ

author img

By

Published : Sep 11, 2022, 5:38 PM IST

journalist

ৰাজ্য়ত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা (Attack on journalist in Assam)। বাতৰি সংগ্ৰহৰ বাবে যোৱাৰ সময়তেই গুৱাহাটীত সাংবাদিক বনজিৎ ঠাকুৰীয়াৰ ওপৰত আক্ৰমণ । এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদত গুৱাহাটী মহানগৰীত সাংবাদিকসকলৰ প্ৰতিবাদ । ক'লা বেজ পৰিধান কৰি পূব গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত সংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে ।

গুৱাহাটী,১১ ছেপ্টেম্বৰ : সাংবাদিক নিগ্ৰহৰ ঘটনাক লৈ সম্প্ৰতি ৰাজ্য উত্তাল হৈ আছে (Protest against Journalist attack incident)। বিভিন্ন স্থানত সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দল-সংগঠনেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । সাংবাদিক বনজিৎ ঠাকুৰীয়াৰ ওপৰত চলা আক্ৰমণ আৰু গ্ৰেপ্তাৰৰ বিৰুদ্ধে পুনৰ গুৱাহাটীত সাংবাদিকৰ প্ৰতিবাদ ।

পূব গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত সংবাদিকসকলে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে । সাংবাদিক বনজিৎ ঠাকুৰীয়াক আক্ৰমণ কৰা ঘটনাক (Journalist Banjit Thakuria attacked) তীব্ৰ ভাষাৰে গৰিহণা দিয়ে পূব গুৱাহাটী প্ৰেছ ক্লাৱে । আনহাতে এই ঘটনাত জড়িত থকা দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰো দাবী জনাই সাংবাদিকসকলে ।

দোষীক শাস্তি প্ৰদানৰ দাবী পূব গুৱাহাটী প্ৰেছ ক্লাৱৰ

মহানগৰীৰ নাৰেংগীস্থিত পূৱ গুৱাাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত আয়োজিত এই প্ৰতিবাদ অঞ্চলটোৰ কেইবাগৰাকী সাংবাদিকে অংশগ্ৰহণ কৰে । ইফালে চানমাৰি আৰক্ষীৰ পক্ষপাতিত্বমূলক আচৰণকো তীব্ৰ ভাষাৰে গৰিহণা দিয়ে সাংবাদিকসকলে । চানমাৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰলৈ দাবী জনায় সাংবাদিকসকলে । এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি পূব গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি চামচুল ৰহমান, সম্পাদক মনোজ কুমাৰ ডেকাই সাংবাদিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে সাংবাদিক সুৰক্ষা আইন শীঘ্ৰে প্ৰণয়নৰ বাবে চৰকাৰলৈ দাবী জনায় ।

উল্লেখ্য যে, ৭ ছেপ্টেম্বৰৰ নিশা মহানগৰীৰ কমাৰ্চ পইন্টত ফেট বেলি ৰেষ্টুৰেন্টত সংঘটিত অগ্নিকাণ্ডৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ 'অসমীয়া প্ৰতিদিন' কাকতৰ জেষ্ঠ সাংবাদিক বনজিৎ ঠাকুৰীয়া দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'বলগীয়া হৈছিল (Journalists Protest in Guwahati) ৷

আনহাতে, চানমাৰি থানাত দুয়োটা পক্ষৰ এজাহাৰ গ্ৰহণ কৰি চানমাৰি আৰক্ষী থানাৰ ভাৰপ্ৰপ্ত আৰক্ষী বিষয়াই অপৰাধীৰ পক্ষ লোৱাৰ অভিযোগ উত্থাপিত হৈছে । ইফালে শুকুৰবাৰেও গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত সংবাদিকসকলে মুখত ক'লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰিছিল (Journalist protest at Guwahati press club)। গুৱাহাটীৰ লগতে বিভিন্ন জিলাৰ সাংবাদিকসকলে এই ঘটনাক গৰিহণা দিয়াৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰিছে ।

লগতে পঢ়ক :সাংবাদিক নিগ্ৰহ আৰু গ্ৰেপ্তাৰৰ প্ৰতিবাদত ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.