হঠাতে এপিডিচিএলৰ লাভ বাঢ়িল কেনেকৈ ?

author img

By

Published : Sep 18, 2022, 12:37 PM IST

Profit making is behind the APDCLs electricity tariff increase

মুনাফা আদায় কৰাটোৱেই উদ্দেশ্য নেকি APDCLৰ ধাৰাবাহিক বিদ্যুৎ মাচুল বৃদ্ধিৰ আৰঁত(Excessive increase in electricity tariffs) ৷ অকস্মাতে বিভাগটোৱে বৃহৎ লাভৰ মুখ দেখিবলৈ সক্ষম হোৱা খবৰৰ পিছত তেনে প্ৰশ্নৰেই অৱতাৰণা হৈছে ৰাজ্যবাসীৰ মনত । অসমে দৈনিক চাহিদাৰ ২০০০ মেগাৱাট বিদ্যুৎ বাহিৰৰ পৰা ক্ৰয় কৰে । ২০১৬-১৭ চনত অসমে বাহিৰৰ পৰা প্ৰতি ইউনিট বিদ্যুৎ ৪.০৫ টকাত ক্ৰয় কৰিছিল । এতিয়া প্ৰতি ইউনিট বিদ্যুৎ ৫.১৩ টকাত ক্ৰয় কৰিছে । ২০১৬ চনত এ পি ডি চি এলে ৩৩৯৮.০৪ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছিল । ২০২০ চনত এই লোকচানৰ পৰিমাণ বহুগুণে বৃদ্ধি পায় । কিন্তু এইবাৰ এ পি ডি চি এলে কেইবাহাজাৰ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে ।

গুৱাহাটী,১৮ ছেপ্টেম্বৰ: অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা বিদ্যুৎ মাচুলক কেন্দ্ৰ কৰি ৰাজ্য উত্তাল হৈ থকাৰ সময়তে বিভাগটো সন্দৰ্ভত পোহৰলৈ আহিছে এক নতুন তথ্য(Excessive increase in electricity tariffs)৷ লোকচানৰ সন্মুখীন হৈ অহা এ পি ডি চি এলে দেখিবলৈ সক্ষম হৈছে লাভৰ মুখ ।

উল্লেখ্য যে, ৰাজ্যত শেহতীয়াকৈ আচৰিত ধৰণে বৃদ্ধি পাইছে সৰ্বসাধাৰণ ৰাইজৰ বিদ্যুতৰ বিল (Electricity tariff hike)। অথচ শক্তি বিভাগ তথা এ পি ডি চি এলে এই ক্ষেত্ৰত দাঙি ধৰিছে এটাৰ পাছত আন এটা উদ্ভট যুক্তি । এ পি ডি চি এলৰ যুক্তি মতে জুলাই আৰু আগষ্ট মাহত প্ৰচণ্ড গৰম আৰু বিগত মাহবোৰৰ তুলনাত কম বৰষুণৰ বাবে বিদ্যুতৰ ব্যৱহাৰ যথেষ্ঠ বৃদ্ধি পাইছে । ইয়াৰ ফলত উপভোক্তাসকলে বিদ্যুতৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ ফলস্বৰূপে বৃদ্ধি পাইছে বিলৰ পৰিমাণ(Reason behind electricity tariff hike) ।

Profit making is behind the APDCLs electricity tariff increase
অকস্মাতে এপিডিচিএলৰ বৃহৎ লাভ বৃদ্ধিৰ ৰহস্য কি?

আনহাতে, শেহতীয়াকৈ তিনিমাহৰ বাবে প্ৰতি ইউনিটত ৩০ পইচাকৈ বৃদ্ধি কৰাৰ কথা সদৰি কৰিছে এ পি ডি চি এলে । ইফালে এ পি ডি চি এলৰ উদ্ভট যুক্তিৰ বিপৰীতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিদ্যুৎ মাচুল বৃদ্ধিৰ গাফিলতি দূৰ কৰিবলৈ এ পি ডি চি এলক নিৰ্দেশ প্ৰদান কৰিছে । বিদ্যুৎ মাচুল বৃদ্ধিকলৈ বৰ্তমানেও ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া । আনকি বিধানসভাতো এই প্ৰসংগই স্থান লভা পৰিলক্ষিত হৈছে ।

উল্লেখনীয় যে, বিধানসভাত বিভাগীয় মন্ত্ৰী নন্দিতা গালোৰ্চাই বিদ্যুতৰ বিল অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা বিষয়টো সন্দৰ্ভত তেওঁ একো নাজানে বুলি কৈ এই সম্পৰ্কে এখন কমিটী গঠন কৰিব বুলি সদৰি কৰিছিল (Power minister Nandita Garlosa)। ইয়াৰ মাজতে কিন্তু বিধানসভাত শক্তি বিভাগে আগবঢ়াইছে এক তাৎপৰ্যপূৰ্ণ তথ্য । এই তথ্য অনুসৰি পূৰ্বে লোকচানৰ সন্মুখীন হোৱা এ পি ডি চি এলে এতিয়া লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে ।

শক্তি বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি অসমত দৈনিক সৰ্বোচ্চ ২৪০০ মেগাৱাট বিদ্যুতৰ প্ৰয়োজন হয় । ইয়াৰ বিপৰীতে অসমৰ দৈনিক গড় বিদ্যুৎ উৎপাদন হয় মাত্ৰ ৩৫০ মেগাৱাট । ফলশ্ৰুতিত অসমে দৈনিক চাহিদাৰ ২০০০ মেগাৱাট বিদ্যুৎ বহি:ৰাজ্যৰ পৰা ক্ৰয় কৰিবলগীয়াত পৰে । ইয়াৰ উপৰিও শক্তি বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৬-১৭বৰ্ষত অসমে বহি:ৰাজ্যৰ পৰা প্ৰতি ইউনিট বিদ্যুৎ ৪.০৫ টকাত ক্ৰয় কৰিছিল । কিন্তু এতিয়া প্ৰতি ইউনিট বিদ্যুৎ ৫.১৩ টকাত ক্ৰয় কৰিবলগীয়া হৈছে ।

২০১৬ চনত এ পি ডি চি এলে ৩৩৯৮.০৪ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছিল । ২০২০ চনত এই লোকচানৰ পৰিমাণ বহুগুণে বৃদ্ধি পায় । কিন্তু এইবাৰ এ পি ডি চি এলে কেইবাহাজাৰ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে ।

শক্তি বিভাগৰ শেহতীয়া এই তথ্যই সম্প্ৰতি ৰাজ্যত ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে । উপভোক্তাৰ পৰা অত্যাধিক মাচুল আদায়েৰে লোকচানৰ সন্মুখীন হোৱা এ পি ডি চি এলে এতিয়া লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে নেকি বুলিও সচেতন মহলত প্ৰশ্ন উত্থাপিত হৈছে । ২০২০ চনত হাজাৰ হাজাৰ কোটি টকাৰ লোকচানত ভূগি থকা এ পি ডি চি এলে অকস্মাতে কেনেদৰে বৃহৎ লাভৰ মুখ দেখিবলৈ সক্ষম হ'ল সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্ত্তত(APDCL) । ধাৰাবাহিকভাৱে বিদ্যুৎ মাচুল বৃদ্ধিৰ আঁৰত মুনাফা আদায়ৰ উদ্দেশ্য নিহিত হৈ আছে নেকি বুলিও ৰাজ্যৰ সৰ্বত্ৰে প্ৰশ্নৰ অৱতাৰণা হৈছে(Profit making is behind the electricity tariff increase) ।

লগতে পঢ়ক: বিদ্যুতৰ অভাৱনীয় মাচুল বৃদ্ধিক লৈ এ পি ডি চি এলৰ আজৱ যুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.