ETV Bharat / state

List of Missing ULFA leaders : ভূটানত নিৰুদ্দিষ্ট ৩১ নেতাৰ তালিকা প্ৰকাশ আলোচনাপন্থী আলফাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 10:31 PM IST

ভূটানৰ অল ক্লীয়েৰ অপাৰেশ্যনত সন্ধানহীন হোৱা আলফাৰ ৩১জনকৈ নেতা-কেডাৰৰ তালিকা প্ৰকাশ কৰিছে আলোচনাপন্থী আলফাই ৷ বুধবাৰে গুৱাহাটীত আলোচনাপন্থী আলফাৰ নেতৃবৰ্গ নিৰুদ্দিষ্ট সেইসকল আলফাৰ পৰিয়ালৰে বিশেষ বৈঠকত মিলিত হয় ৷

List of Missing ULFA members
আলফাৰ নিৰুদ্দিষ্ট ৩১জন সদস্যৰ তালিকা প্ৰকাশ

গুৱাহাটী, ১৮ অক্টোবৰ : ভূটানৰ অল ক্লীয়েৰ অপাৰেশ্যনত সন্ধানহীন হৈছিল আলফাৰ ৩১জনকৈ নেতা-কেডাৰ ৷ নিৰুদ্দেশ হোৱা এই নেতা-কেডাৰৰ তালিকা প্ৰকাশ কৰিছে আলোচনাপন্থী আলফাই ৷ কেন্দ্ৰীয় চৰকাৰৰে শান্তি আলোচনাত থকা আলোচনাপন্থী আলফাই ভূটানৰ অল ক্লীয়েৰ অপাৰেশ্যনত নিৰুদ্দিষ্ট হোৱা নেতা-কেডাৰৰ সম্পূৰ্ণ তালিকা প্ৰকাশ কৰিছে ৷ বুধবাৰে গুৱাহাটীত আলোচনাপন্থী আলফাৰ নেতাই নিৰুদ্দিষ্ট সেইসকল আলফাৰ পৰিয়ালৰে বিশেষ বৈঠকত মিলিত হয় ৷

List of Missing ULFA members
নিৰুদ্দিষ্ট ৩১জন আলফাৰ নেতা-কেডাৰক তালিকা প্ৰকাশ

উল্লেখ্য যে ৰয়েল ভূটান আৰ্মীৰ দ্বাৰা ভূটানৰ দক্ষিণ অংশত থিতাপি লৈ থকা অসমৰ বিচ্ছিন্নতাবাদী সংগঠনৰ ঘাটি উচ্ছেদ কৰিবলৈ ২০০৩ চনৰ ১৫ ডিচেম্বৰৰ পৰা ২০০৪ চনৰ ৩ জানুৱাৰীলৈ অল ক্লীয়েৰ অপাৰেশ্যন শীৰ্ষক সামৰিক অভিযান চলোৱা হৈছিল ৷ ৰয়েল ভূটান আৰ্মীয়ে চলোৱা এইটো আছিল প্ৰথম অভিযান ৷ এই অভিযানত আলফাৰ বহু কেইজন নেতা-কেডাৰ নিৰুদ্দেশ হৈছিল ৷ নিৰুদ্দেশ হোৱা এইসকল নেতা-কেডাৰৰ তালিকা প্ৰস্তুত কৰি প্ৰকাশ কৰিছে আলোচনাপন্থী আলফাই ৷

সেই অনুসৰি এই পৰ্যন্ত নিৰুদ্দেশ হৈ আছে মেজৰ অশান্ত বাঘ ফুকন, মেজৰ ৰবীন নেওগ, মেজৰ বেনিং ৰাভা, লেফটেনেণ্ট অজয় নাৰ্জাৰী, লেফটেনেণ্ট অভিজিত ডেকা, লেফটেনেণ্ট নীলু চক্ৰবৰ্তী, লেফটেনেণ্ট নৱ চাংমাই, লেফটেনেণ্ট গোবিন্দ বৈশ্য, লেফটেনেণ্ট ৰাণা ফুকন, লেফটেনেণ্ট অসীম শইকীয়া, ছেকেণ্ড লেফটেনেণ্ট প্ৰকাশ গগৈ, চাৰজেণ্ট মেজৰ হেমকান্ত বৰ্মন, ক'ৰ্পৰেল বিক্ৰম ভূঞা, লেন্স ক'ৰ্পৰেল নেলচন পাটোৱাৰী, লেন্স ক'ৰ্পৰেল দিগন্ত ৰংপি, পি টি ই প্ৰাঞ্জল শইকীয়া, পি টি ই ৰবি গগৈ, পি টি ই ৰতন কুৰ্মী, পি টি ই সঞ্জীৱ দত্ত, পি টি ই ৰংগাই ব্ৰক্ষ্ম, পি টি ই ধৃতিমান হাজৰিকা, পি টি ই ৰাহুল কোচ, পি টি ই মহেশ ডেকা, পি টি ই পোনাকন পাটৰ, পি টি ই প্ৰভাত কলিতা, পি টি ই ৰুদ্ৰ হালৈ, ৰেম্ব ৰায়, ভাইয়া মামা, জিতু ৰায়, উত্তম ৰায় আৰু ৰাজু উজিৰ ৷

বুধবাৰে আলোচনাপন্থী আলফাই নিৰুদ্দেশ হৈ থকা ৩১জনীয়া তালিকা প্ৰকাশ কৰে ৷ তলিকাভুক্ত এইসকল নিৰুদ্দেশ হৈ থকা আলফা নেতা-কেডাৰৰ পৰিয়ালৰে বুধবাৰে আলোচনাপন্থী আলফাই এক আলোচনাত মিলিত হয় ৷ বৈঠকত নিৰুদ্দেশ হৈ থকা আলফা কেডাৰ সকলক শ্বহীদ ঘোষণা কৰা সন্দৰ্ভত আলোচনা কৰা হয় ৷ এই সন্দৰ্ভত আলোচনাপন্থী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই কয় যে ১৯৮৯ চনৰ পৰা সন্ধানহীন হৈ থকা আলফা সদস্যসকলক পৰিয়ালৰ লোকে বিচৰা ধৰণে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৷ পৰিয়ালৰ লোকে নিৰুদ্দেশ হৈ থকাটো বিচাৰিলে নিৰুদ্দেশ বুলিয়ে ঘোষণা কৰা হ'ব ৷

আনহাতে পৰিয়ালৰ লোকে বিচাৰিলে শ্বহীদ হিচাপে ঘোষণা কৰা হ'ব ৷ ইফালে নিৰুদ্দেশ হৈ থকা আলফা সদস্য সকলৰ পৰিয়ালৰ লোকক ক্ষতিপূৰণ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ৷ উল্লেখ্য যে ১৯৯০ চনত ভাৰতীয় সেনা বাহিনীয়ে অসমৰ বিচ্ছিন্নতাবাদী সংগঠন আলফাৰ বিৰুদ্ধে অপাৰেচন বজৰং আৰু অপাৰেচন ৰাইন' চলাইছিল ৷ যাৰ ফলত উক্ত সংগঠনটোৰ সদস্যসকলে ভূটানত আশ্ৰয় লবলৈ বাধ্য হৈছিল ৷ পৰৱৰ্তী সময়ত ভাৰত চৰকাৰৰ হেঁচাত ভূটানে সামৰিক অভিযান চলাই উচ্ছেদ কৰে আলফাকে ধৰি কেইবাটাও সংগঠনৰ ঘাটি ৷

লগতে পঢ়ক : APCC Meets Governor : বিৰোধীৰ স্বাধীনতাত চৰকাৰৰ হস্তক্ষেপ, ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদেশ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.