ETV Bharat / state

খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে মহানগৰীয়া জীৱন

author img

By

Published : Jun 24, 2020, 10:47 PM IST

price of vegetable and fruits
price of vegetable and fruits

ফাঁচী বজাৰ সম্পূৰ্ণ ৰূপে বন্ধ হৈ যোৱাৰ পিচতে এতিয়া মহানগৰীৰ ফল-মূল আৰু পাচলিৰ দাম বৃদ্ধি পাইছে ব্যাপক হাৰত । ফাঁচী বজাৰ বন্ধ হৈ থাকিলে পাচলিৰ দাম ইয়াতকৈ অধিক বৃদ্ধি হ'ব বুলি জানিবলৈ দিলে পাচলি ব্যৱসায়ীয়ে ।

গুৱাহাটী, 24 জুন : মহানগৰীত ক'ৰণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধিৰ লগে মহানগৰীৰ বিভিন্ন স্থানত ৱাৰ্ড অনুযায়ী ঘোষণা কৰা হৈছে লক্ ডাউন । মহানগৰীৰ কেইবাটাও স্থানত এতিয়া লক্ ডাউন । আনহাতে, মহানগৰীৰ বাণিজ্যিক কেন্দ্ৰস্থল ফাঁচী বজাৰ পুনৰ 14 দিনৰ বাবে বন্ধ কৰি দিয়া হ'ল ।

price of vegetable and fruits
প্ৰতি কেজিত 20 টকাকৈ বৃদ্ধি পাচলিৰ মূল্য

সদাব্যস্ত ফাঁচী বজাৰত সোমবাৰে 3 জন ব্যৱসায়ীৰ দেহত পুনৰ ক'ৰণা ভাইৰাছৰ স্থিতি ধৰা পৰাৰ লগে লগে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হয় ফাঁচী বজাৰৰ এটা এলেকা । তাৰ পিচতে বুধবাৰৰ দিনটোত মহানগৰী ক'ভিড-19 ৰ হটস্পট স্থান প্ৰশাসনে চিনাক্ত কৰাৰ পিচতে সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়া হয় ফাঁচী বজাৰ ।

price of vegetable and fruits
বৃ্দ্ধি পাইছে ফল-মূলৰ মূল্য

ফাঁচী বজাৰ সম্পূৰ্ণ ৰূপে বন্ধ হৈ যোৱাৰ পিচতে এতিয়া মহানগৰীৰ ফল-মূল আৰু পাচলিৰ দাম বৃদ্ধি পাইছে ব্যাপক হাৰত । ভেণ্ডি, তিয়ঁহ, বেঙেনা আদি সকলো পাচলিৰ দাম পূৰ্বৰ তুলনাত প্ৰতি কেজিত 20 টকাকৈ বৃদ্ধি পাইছে ৷ ফাঁচী বজাৰ বন্ধ হৈ থাকিলে পাচলিৰ দাম ইয়াতকৈ অধিক বৃদ্ধি হ'ব বুলি জানিবলৈ দিলে পাচলি ব্যৱসায়ীয়ে।

খাদ্য সামগ্ৰী মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে মহানগৰীয়া জীৱন

আনহাতে বৰ্তমানলৈ ফলমূলৰ দাম বৃদ্ধি হোৱা নাই যদিও ফাঁচী বজাৰ বন্ধৰ পিচত ৰাতিৰ ভিতৰতে ফল-মূলৰ দাম বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে বুলিও জানিবলৈ দিলে ব্যৱসায়ীয়ে। এফালে যদি লক ডাউন আনফালে খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিয়ে বাৰুকৈয়ে শ'লঠেকত পেলাইছে ৰাজ্যবাসীক । মহানগৰী ক'ভিড 19 ৰ হটস্পট ঘোষণাৰ পিচত পৰিস্থিতি ইয়াতকৈ কিমান ভয়াবহ হ'ব ৰাইজে হয়তো কল্পনা কৰিব পাৰিছে । এনে এক জটিল ক্ষণত চৰকাৰে ৰাজ্যবাসীৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰে হ'ব সেয়া লক্ষণীয় হ'ব।

লগতে পঢ়ক : কলমৰ শক্তিৰে জীৱন সংগ্ৰামৰ বাট সুচল কৰা জোৱলা বৰাৰ কথাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.