ETV Bharat / state

Hatigaon Murder Case : সংবাদমেলত হাতীগাঁও হত্যাকাণ্ডৰ ৰহস্য ভেদ মহানগৰ আৰক্ষী আয়ুক্তৰ

author img

By

Published : Aug 3, 2023, 7:39 PM IST

গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদমেল যোগে হাতীগাঁও হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত সবিশেষ সদৰি কৰে ৷ সংবাদমেলত পৰিকল্পিতভাৱে সংঘটিত কৰা হত্যাকাণ্ডটোৰ সবিশেষ তথ্য সদৰি কৰে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ৷

Press Meet of Commissioner of Police
ৰহস্য ভেদ হাতীগাঁও হত্যাকাণ্ডৰ

মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সংবাদমেল

গুৱাহাটী, 3 আগষ্ট : গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত সংঘটিত হোৱা হত্যাকাণ্ডৰ ৰহস্য ভেদ ৷ বৃহস্পতিবাৰে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদমেল যোগে হাতীগাঁও হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত সবিশেষ সদৰি কৰে ৷

উল্লেখ্য যে, 27 জুলাইত হাতীগাঁৱৰ ফ্ৰেণ্ডছ পথত উদ্ধাৰ হৈছিল জাভেদ আলী আহমেদ নামৰ এজন লোকৰ মৃতদেহ ৷ জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা আছিল জাভেদ আলী আহমেদ ৷ মছজিদলৈ ওলাই যোৱাৰ সময়তে তেওঁক হত্যা কৰি পেলাই থোৱা হৈছিল ৷ এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা মহানগৰ আৰক্ষীয়ে চাৰিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ সংবাদমেলত পৰিকল্পিতভাৱে সংঘটিত কৰা হত্যাকাণ্ডটোৰ সবিশেষ তথ্য সদৰি কৰে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ৷

কিদৰে সম্পত্তিৰ বাবে জাভেদ আলী আহমেদক হায়াৰ কিলাৰৰ যোগেদি হত্যা কৰা হৈছিল ৷ হত্যাকাণ্ডটোত পাঁচজন লোক জড়িত আছিল আৰু ইয়াৰে এজন জাভেদ আলী আহমেদৰ সম্পৰ্কীয় ৷ সম্পৰ্কীয় লোকজনে চাৰিজন কিলাৰক হায়াৰ কৰিছিল ৷ আৰক্ষীয়ে চাৰিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও পঞ্চমজন এতিয়াও পলাতক হৈ আছে ৷ সংবাদমেলত আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে চি চি টিভিৰ ফুটেজৰ জৰিয়তে পাঁচজনকৈ লোকৰ সন্দেহজনক গতিবিধি প্ৰত্যক্ষ কৰা হৈছিল ৷ তাৰ পৰাই আৰক্ষীৰ অনুসন্ধান আৰম্ভ হয় ৷

হত্যাকাণ্ডটো সংঘটিত কৰাৰ পাঁচদিন পূৰ্বৰে পৰা লোককেইজনে হোটেল গুড লাক ৰিজেন্সীত বাহৰ পাতিছিল ৷ হত্যাকাণ্ডটো সংঘটিত কৰাৰ পাছতে তেওঁলোকে গুৱাহাটীৰ পৰা গুচি গৈছিল ৷ আয়ুক্তগৰাকীয়ে জনোৱা মতে আৰক্ষীৰ অনুসন্ধানত সেই পাঁচজন লোক বৰপেটাৰ মনদিয়াত থকাৰ সম্ভেদ পোৱা গৈছিল ৷ আৰক্ষীয়ে চাৰিজনক প্ৰথমে আটক কৰিছিল ৷ আৰক্ষীৰ জেৰাত তেওঁলোকে স্বীকাৰ কৰিছিল যে তেওঁলোকক হায়াৰ কিলাৰ হিচাপে নিয়োজিত কৰিছিল পঞ্চমজন লোকে ৷

এই হত্যাকাণ্ডৰ বাবে হায়াৰ কৰা কিলাৰ কেইজনক আঠ লাখ টকাৰ ছুপাৰি দিয়া হৈছিল ৷ পাঁচজনে মিলি পৰিকল্পিতভাৱে জাভেদ আলী আহমেদক হত্যা কৰিছিল ৷ মছজিদলৈ যোৱাৰ সময়তে সংঘটিত হৈছিল ঘটনাটো ৷ লোহাৰ ৰদৰ লগতে কোৰেৰে জাভেদ আলী আহমেদক হত্যা কৰা হৈছিল ৷ জাভেদ আলী আহমেদৰ মন্দিয়াত থকা বিশাল সম্পত্তিৰ লালসাতে হত্যাকাণ্ডটো সংঘটিত কৰা হৈছিল ৷ জাভেদ আলী আহমেদৰ গুৱাহাটীৰ লগতে মন্দিয়াতো আছিল সম্পত্তি ৷ সম্পত্তিৰ বিবাদতে তেওঁক হত্যা কৰা হৈছিল বুলি আৰক্ষী আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ৷

হত্যাকাণ্ডটো সংঘটিত কৰা চাৰিজন ক্ৰমে বৰপেটাৰ আইনুল হক(31), হাছমদ মিয়া(39), মহিবুল খান(28) আৰু নুৰ মহম্মদ উৰফে বগাক(27) মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ আনহাতে পলাতক অৱস্থাত থকা পাঁচ নম্বৰ ব্যক্তিজন জাভেদ আলীৰ সম্পৰ্কীয় ৷ তেওঁৰ সবিশেষ তথ্য আৰক্ষীয়ে লাভ কৰিছে ৷ হত্যাকাণ্ডৰ এই ঘটনাত আৰু লোক জড়িত থাকিব পাৰে বুলি আৰক্ষী আয়ুক্তগৰাকীয়ে সন্দেহ প্ৰকাশ কৰি তদন্তৰ পাচতহে সকলো জানিব পৰা যাব বুলি কয় ৷ সম্পত্তিৰ বিবাদৰ বাবেই এই হত্যাকাণ্ডটো সংঘটিত কৰা বুলি তেওঁ জ‍ানিবলৈ দিয়ে ৷ সংবাদমেলত অসম আৰক্ষীৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত আছিল ৷

লগতে পঢ়ক : Bajrang Dal Arms Training: মঙলদৈৰ বজৰং দলৰ প্ৰশিক্ষণত এয়াৰ পিষ্টল ব্যাৱহাৰ কৰা হৈছিল; নীলাভজ্যোতি দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.