ETV Bharat / state

Durga Puja 2023: ভাস্কৰনগৰ সাৰ্বজনীন দুৰ্গা পূজা আয়োজন সমিটিৰ ব্যতিক্ৰমী প্ৰয়াস

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 9:30 PM IST

সমাগত শাৰদীয় দুৰ্গাপূজা । প্ৰতিবছৰৰ দৰে শাৰদীয় দুৰ্গাপূজাত এইবাৰো চমক দিয়াৰ প্ৰয়াস কৰিছে মহানগৰীৰ দুৰ্গা পূজা সমিটিসমূহে । গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড কৰা আদি যোগীৰ আবক্ষ মূৰ্ত্তিৰ আৰ্হিত দুৰ্গাপূজাৰ মণ্ডপ সজোৱাৰ পৰিকল্পনা কৰিছে ভাস্কৰনগৰ সাৰ্বজনীন দুৰ্গা পূজা আয়োজন সমিটিয়ে ।

Preparations for Durga Puja in Guwahati
ভাস্কৰনগৰ সাৰ্বজনীন দুৰ্গা পূজা আয়োজন সমিটিৰ ব্যতিক্ৰমী প্ৰয়াস

ভাস্কৰনগৰ সাৰ্বজনীন দুৰ্গা পূজা আয়োজন সমিটিৰ ব্যতিক্ৰমী প্ৰয়াস

গুৱাহাটী,১ ছেপ্টেম্বৰ: গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড কৰা আদি যোগীৰ আবক্ষ মূৰ্ত্তিৰ আৰ্হিত সজোৱা হ'ব এইবাৰৰ ভাস্কৰনগৰ সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপ । শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ভাস্কৰনগৰ সাৰ্বজনী দুৰ্গা পূজা সমিতিৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদমেলত এইকথা সদৰী কৰে সমিতিৰ প্ৰচাৰ সম্পাদক প্ৰাণজিৎ কৰে ।

তেওঁ লগতে কয় যে এইবাৰৰ ৫৪ সংখ্যক ভাস্কৰনগৰ সাৰ্বজনীন দুর্গাপূজা কমিটীয়ে দুৰ্গাপূজাৰ বাবে বিভিন্ন আচঁনি হাতত লৈছে । পূজাৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক কার্যসূচী আযোজন কৰাৰ লগতে সৰ্বভাৰতীয় ভিত্তিত 'আহোম ৰাজবংশাৱলী আৰু লাচিত বৰফুকন' বিষয়ক লৈ ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । সংস্কৃতি আৰু আধ্যাত্মবাদক গুৰুত্ব দি কমিটীয়ে নতুন বিষয়বস্তুৰে এইবাৰৰ দুৰ্গাপূজাক এক নতুন ৰূপ দিবলৈ প্ৰয়াস কৰিছে ।

তেওঁ কয় যে, বিশ্বৰ আটাইতকৈ ডাঙৰ আবক্ষ মূৰ্ত্তি 'আদি যোগী'ৰ মূৰ্তিৰ আৰ্হিত এইবাৰৰ মণ্ডপ সজাবলৈ মনস্থ কৰিছে পূজা কমিটীখনে । এমাহ পূৰ্বে তেওঁলোকৰ পূজাৰ যাবতীয় কাম আৰম্ভ হৈছে বুলি জানিবলৈ দিয়ে । কৰ্ণাটকৰ 'আদি যোগী'ৰ আবক্ষ মূৰ্ত্তিৰ এই মূৰ্ত্তিটোৰ উচ্চতা ৪৫ ফুট আৰু বহল ৭০ ফুটৰ হ'ব । মূৰ্তিৰ লগত জড়িত আধ্যাত্মিকতাক গুৰুত্ব দি পূজা কমিটীখনে এইবাৰৰ পূজা মণ্ডপ আটক ধুনীয়াকৈ সজাই তুলিবলৈ আৰম্ভ কৰিছে ।

পূজাৰ লগত সংগতি ৰাখি, নতুন প্ৰজন্মক অসমৰ সোণালী ইতিহাসৰ বিষয়ে সজাগ কৰিবলৈ, ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমৰ সহযোগত এখনি মুকলি ৰচনা প্রতিযোগিতাৰ আয়োজন কৰিছে । ৰচনা প্রতিযোগিতাখনি তিনিটা শাখাত অনুষ্ঠিত হ'ব বুলি সংবাাদমেলত জানিবলৈ দিয়ে । ক' শাথা (পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ)'বিষয় অপৰাজেয় লাচিত।' -'খ' শাখা (নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ)(বিষয়- শৰাইঘাটৰ যুদ্ধ),'গ' শাখাত (স্নাতকৰ পৰা ওপৰলৈ), বিষয় - মহান আহোম ৰাজবংশাৱলী আৰু লাচিত বৰফুকন ।

বুৰঞ্জীৰ মহত্ব আৰু দেশপ্ৰেমৰ ভাৱনাক গুৰুত্ব দি, নতুন প্ৰজন্মৰ প্ৰচেষ্টাক উৎসাহিত কৰিবলৈ ৰচনা প্রতিযোগিতাৰ বিজয়ী প্রতিযোগীসকলক নগদ সর্ব মুঠ এক লাখ টকা পুৰস্কাৰ দিয়া হ'ব । প্ৰতিযোগিতাৰ নিয়মাৱলী আৰু সময় সীমাৰ বিষয়ে http:// essaycompetition710.website3.me এই ৱেবচাইটত সকলো উল্লেখ আছে ।

ভাস্কৰনগৰ সাৰ্বজনীন দুর্গাপূজা কমিটিয়ে কলা, সংস্কৃতি আৰু ঐতিহ্যক এই ৱেবচাইটো আকোঁৱালি লৈ উৎসৱ পালন কৰিবলৈ প্ৰয়াস কৰিছে । অনাগত দুর্গাপূজা সকলো মানুহৰ ঐক্য, সংহতি আৰু পৰম্পৰাৰ উদাহৰণ হৈ ৰওক তাৰেই কামনা কৰে আয়োজকসকলে । আয়োজকসকলে জনোৱা অনুসৰি এইবাৰৰ পূজাৰ বাজেট ৩৫ লাখ টকা । উল্লেখ‍্য, কমিটীৰ ৱেব চাইট http://essaycompetition710.website3.me ভাস্কৰনগৰ উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক সন্দীপ মজুমদাৰে মুকলি কৰে ।

সংবাদ মেলত ভাস্কৰনগৰ সাৰ্বজনীন দুৰ্গাপূজা কমিটীৰ সভাপতি সুব্ৰত দেৱনাথে,সক্ৰিয় বিষয়ববীয় বিশ্বজিৎ দে, দেৱজিত মজুমদাৰ,কমিটীৰ ৰচনা প্ৰতিযোগিতাৰ মুখ্য সমন্বয়ক দেৱজিৎ বোস আদি উপস্থিত থাকি পূজাখনৰ সফলতাৰে অনুষ্ঠিত কৰাত ৰাইজৰ সহযোগিতা কামনা কৰে ।

লগতে পঢ়ক: Train Runs Over A Man : কলিয়াবৰত ৰে’লৰ চেপাত প্ৰাণ গ’ল এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.