ETV Bharat / state

কাকতত বিজ্ঞাপনৰ জৰিয়তে জাৰি কৰা হ'ব হাজেলাক আদালতত হাজিৰ‌ হোৱাৰ জাননী

author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 10:54 PM IST

Former NRC  coordinator Prateek Hajela
প্ৰাক্তন সমন্বয়ৰক্ষী প্ৰতীক হাজেলা

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ (এন আৰ চি) প্ৰাক্তন সমন্বয়ৰক্ষী প্ৰতীক হাজেলা শুক্ৰবাৰে হাজিৰ নহ'ল আদালতত । অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশে জাৰি কৰিছিল জাননী ।

গুৱাহাটী, ১৭ নৱেম্বৰ: অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ দ্বাৰা চমন জাননী জাৰি কৰাৰ পিছতো এন আৰ চি উন্নীতকৰণৰ বিত্তীয় অনিয়ম কৰাৰ অভিযোগ উত্থাপিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ (এন আৰ চি) প্ৰাক্তন সমন্বয়ৰক্ষী প্ৰতীক হাজেলা আদালতত শুক্ৰবাৰে হাজিৰ নহ'ল । ইয়াৰ লগে লগে আদালতে দুখন বহুলভাৱে প্ৰচলিত মধ্যপ্ৰদেশ আৰু অসমত প্ৰকাশিত লগতে দুখন ৰাষ্ট্ৰীয় বাতৰি কাকতত বিজ্ঞাপনৰ জৰিয়তে প্ৰতীক হাজেলাক আদালতত হাজিৰ‌ হোৱাৰ জাননী জাৰি কৰিব ।‌

আদালতৰ নিৰ্দেশটোত উল্লেখ কৰা‌ হৈছে যে হাজেলাই স্বেচ্ছাই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে আৰু তেওঁ মধ্য প্ৰদেশৰ বাসিন্দা । কিন্তু তেওঁৰ ঠিকনা নিশ্চিত কৰা হোৱা নাই । সেয়েহে এনে পৰিস্থিতিত বাতৰি কাকতত প্ৰকাশৰ জৰিয়তে এই গোচৰৰ জাননী প্ৰকাশ কৰাটো প্ৰয়োজনীয় । লুইত কুমাৰ বৰ্মন নামৰ এজন ব্যৱসায়ীয়ে ভাৰতৰ কন্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল (চি এ জি) ৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি অসমত এন আৰ চি উন্নীতকৰণৰ বিত্তীয় অনিয়ম প্ৰক্ৰিয়া সন্দৰ্ভত ধাৰা 397 CrPC-ৰ অধীনত অপৰাধমূলক আৱেদন আদালতত দাখিল কৰাৰ পিছত হাজেলাৰ অনিয়মৰ কথা পোহৰলৈ আহিছিল । আদালতে হাজেলাক কোনো আপত্তি থাকিলে দাখিল কৰিবলৈ আজি আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল ।

আদালতে জাৰি কৰা জাননীখনত কৈছিল,"আপুনি আদালতত হাজিৰ হ'ব নোৱাৰিলে গোচৰটো আইন অনুসৰি একপক্ষীয়ভাৱে শুনানি গ্ৰহণ কৰা হ'ব।" যোৱা আগষ্টত ৰাজ্য চৰকাৰে অসম-মেঘালয়ৰ আই এ এছ কেডাৰৰ প্ৰাক্তন এনআৰচি (ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী) ৰাজ্যিক সমন্বয়কাৰী প্ৰতীক হাজেলাক কিছু চৰ্তৰ সৈতে কাৰ্যকৰী হোৱাকৈ স্বেচ্ছামূলক অৱসৰৰ অনুমতি দিছিল । কিন্তু হাজেলাই কেইমাহমান পূৰ্বে স্বেচ্ছামূলক অৱসৰ (ভিআৰএছ)ৰ বাবে আবেদন কৰিছিল । অৱশ্যে, এন আৰ চি উন্নীতকৰণকে ধৰি হাজেলাই তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ বাবে ভি আৰ এছ লাভ কৰা সন্দৰ্ভত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল । আনকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এন আৰ চি উন্নীতকৰণ সম্পৰ্কীয় বিত্তীয় অনিয়মৰ অভিযোগত হাজেলাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাক নিৰ্দেশ দিছিল ।

লগতে পঢ়ক:Assam NRC Corruption: সমুজ্জ্বল ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়াৰ পাচত কি ক'লে হিতেশ দেৱ শৰ্মাই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.