ETV Bharat / state

শনিবাৰৰ পৰা গুৱাহাটীত আৰম্ভ বেলট পেপাৰৰ ভোটগ্ৰহণ

author img

By

Published : Mar 26, 2021, 10:47 PM IST

কামৰূপ মহানগৰ জিলা প্ৰশাসনে জনোৱা মতে, গুৱাহাটীৰ চাৰিটা সমষ্টিত প্ৰায় 3 হাজাৰ ‘এবচেণ্ট ভোটাৰ’ আছে । শনিবাৰৰ পৰা 5 এপ্ৰিললৈ চলিবলগীয়া 10 দিনীয়া বেলট পেপাৰৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত 80 বছৰৰ ঊৰ্ধৰ ভোটাৰ, দিব্যাংগ ভোটাৰ আৰু ক’ৰণাত আক্ৰান্ত ভোটাৰক সন্নিবিষ্ট কৰি ঘৰতে ভোটদানৰ ব্যৱস্থা কৰা হৈছে ।

postal ballot in guwahati
গুৱাহাটীত আৰম্ভ বেলট পেপাৰৰ ভোটগ্ৰহণ

গুৱাহাটী,26 মাৰ্চ : গুৱাহাটীৰ চাৰিটা বিধানসভা সমষ্টিত শনিবাৰৰ পৰা আৰম্ভ হ’ব বেলট পেপাৰৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া । গুৱাহাটীৰ চাৰিটা সমষ্টিত প্ৰায় 3 হাজাৰ ‘এবচেণ্ট ভোটাৰ’ থকা বুলি কামৰূপ মহানগৰ জিলা প্ৰশাসনে সদৰি কৰে ৷

শনিবাৰৰ পৰা 5 এপ্ৰিললৈ চলিবলগীয়া 10 দিনীয়া বেলট পেপাৰৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত 80ৰ উৰ্ধৰ ভোটাৰ, দিব্যাংগ ভোটাৰ আৰু ক’ৰণাত আক্ৰান্ত ভোটাৰক সন্নিবিষ্ট কৰি ঘৰতে ভোটদানৰ ব্যৱস্থা কৰা হৈছে । নিজ ঘৰতে থাকি ভোটদান সাব্যস্ত কৰিব পৰা এই প্ৰক্ৰিয়াটোত প্ৰতিগৰাকী ‘এবচেণ্ট ভোটাৰ’ৰ ঘৰলৈ এজন মাইক্ৰ’ অৱজাৰ্ভাৰ, দুইগৰাকী প’লিং বিষয়া, এজন ভিডিঅ’গ্ৰাফাৰ আৰু এজন আৰক্ষী বিয়ষা যাব আৰু নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি ভোটাৰ গৰাকীয়ে ঘৰতে ভোটদান সাব্যস্ত কৰিব পাৰিব ।

প্ৰতিগৰাকী এবচেণ্ট ভোটাৰক সুৰক্ষিতভাৱে নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ সুবিধা প্ৰদানৰ বাবেই নিৰ্বাচন আয়োগে প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছে এই ব্যৱস্থা । উল্লেখ্য যে, ক’ভিডৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ নিৰ্বাচন আয়োগৰ বেলট পেপাৰৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত কেতবোৰ বিশেষ ব্যৱস্থা কৰিছে ।

লগতে পঢ়ক : তিতাবৰ প্ৰশাসন সাজু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.