ETV Bharat / state

Jal Jeevan Scheme in Assam: ৰাজ্যত লেহেমীয়া গতিত জল জীৱন মিছনৰ কাম

author img

By

Published : Jan 13, 2023, 3:04 PM IST

Poor implementation of Jal Jeevan Scheme in Assam
ৰাজ্যত লেহেমীয়া গতিত জল জীৱন মিছনৰ কাম

অসমত বিফল প্ৰধানমন্ত্ৰীৰ স্বপ্নৰ জল জীৱন আঁচনি । বৰ্তমানলৈ অসমত ৪২ শতাংশ লোককহে যোগান ধৰা হৈছে মিচন জল জীৱনৰ পানী (Poor implementation of Jal Jeevan Scheme in Assam)। ২০২৪ত ঘৰে ঘৰে পানী যোগান ধৰিব পাৰিবনে ? এই সন্দৰ্ভত উত্থাপন হৈছে প্ৰশ্নৰ ?

গুৱাহাটী, 13 জানুৱাৰী : 'ঘৰে ঘৰে নল, ঘৰে ঘৰে জল' এই শ্লোগানেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃতাধীন কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল এক অভিলাসী আঁচনি ৷ নাম 'জল জীৱন আঁচনি’ (Jal Jeevan Scheme)। দেশৰ প্ৰতি গৰাকী লোকে যাতে সুস্থ সবল জীৱন যাপনৰ কৰিব পাৰে তাৰ বাবে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰিছে বহু আঁচনি l তাৰ ভিতৰত অন্যতম আঁচনি এখন হ’ল প্ৰধানমন্ত্ৰীৰ স্বপ্নৰ জল জীৱন আঁচনি ।

Poor implementation of Jal Jeevan Scheme in Assam
ৰাজ্যত লেহেমীয়া গতিত জল জীৱন মিছনৰ কাম

প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৯ চনৰ ১৫ আগষ্টত আৰম্ভ কৰা জল জীৱন মিছনৰ লক্ষ্য হৈছে ২০২৪ চনৰ ভিতৰত দেশৰ প্ৰতিটো গ্ৰাম্য পৰিয়াললৈ টেপ সংযোগেৰে পানী যোগান ধৰা। ২০২৪ ত ঘৰে ঘৰে পানী যোগানৰ লক্ষ্য স্থিৰ কৰিছে যদিও অসমত আশানুৰূপে আগবঢ়া নাই জল জীৱন মিছনৰ কাম ৷ চৰকাৰী তথ্যমতে বৰ্তমানলৈ মাত্ৰ ৪২% হে জলজীৱন মিছনৰ কাম সম্পূৰ্ণ হৈছে অসমত ৷ এই লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ ((Poor implementation of Jal Jeevan Scheme in Assam) ৷

অসমত জল জীৱন আঁচনিৰ ৰূপায়ণৰ লগতে আন আন বিভাগীয় কেন্দ্ৰীয় আঁচনিৰ পৰ্যালোচনাৰ বাবে অসমলৈ আহিছে মাননীয় কেন্দ্রীয় জল- শক্তি মন্ত্রী শ্রী গজেন্দ্র সিং শেখাৱট (Union Cabinet Minister Gajendra Singh Shekhawat) ৷ লগত আহিছে কেন্দ্ৰীয় জল শক্তি বিভাগৰ এদল বিষয়ববীয়া ৷ অসমত আঁচনিখনৰ ৰূপায়ণ আৰু অগ্ৰগতিৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰীজনে ৷ বৃহস্পতিবাৰে গুৱাহাটীত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত প্ৰধানত জলজীৱন মিছন আৰু স্বচ্ছ ভাৰত অভিযানৰ এখন পর্যালোচনা বৈঠকত ভাগ লয় কেন্দ্ৰীয় মন্ত্ৰীজনে (Union Cabinet Minister Gajendra Singh Shekhawat in Assam)৷

Poor implementation of Jal Jeevan Scheme in Assam
ৰাজ্যত লেহেমীয়া গতিত জল জীৱন মিছনৰ কাম

লগতে, নির্মল জল ছার্ভে, জল-মিত্র, জল উৎসৱ, গোৱর্ধন আঁচনি, আৱর্জনা নিষ্কাষণ আৰু স্বাস্থ্য সন্মত পৰিৱেশ ব্যৱস্থাপনা বা ছেনিটেচন মেনেজমেন্ট আদিৰ ওপৰত আলোচনা কৰা হয় ৷ কিন্তু মূলতঃ বৈঠকত প্ৰাধান্য পায় প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনি জল জীৱন মিচনৰ অসমত ৰূপায়ণ প্ৰসংগই ৷ বৈঠকত গুৰুত্ব লাভ কৰে অসমত জল জীৱন আঁচনিৰ মাত্ৰ ৪২শতাংশ কাম সম্পূৰ্ণ হোৱা বিষয়টোৱে ৷ অসমত জল জীৱনৰ কামৰ অগ্ৰগতিৰ অতি লেহেমীয়া বিষয়টোক লৈ কেন্দ্ৰীয় মন্ত্ৰী শ্বেখাৱটে অসন্তুষ্টি প্ৰকাশ কৰে বুলি জানিব পৰা গৈছে ৷

বৈঠকত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সপোন পূৰণৰ বাবে এক ৰোডমেপ তৈয়াৰ কৰা হয়, যাতে মাত্ৰ ৫০ শতাংশহে কাম সম্পূৰ্ণ হোৱা অসমৰ গ্রামাঞ্চলৰ প্রতিঘৰ মানুহক ২০২৪ চনৰ ভিতৰত বিশুদ্ধ খোৱাপানী যোগান ধৰিব পৰা যায় (PM Narendra Modi) । ২০২৪ চনৰ ভিতৰত স্বচ্ছ ভাৰত অভিযানৰ সম্পূর্ণ লক্ষ্য প্রাপ্তিৰ বাবে PNRD বিভাগৰ সৈতে এক যোগসূত্র স্থাপন কৰাৰ বাবেও সিদ্ধান্ত লোৱা হয় বৃহস্পতিবাৰ বৈঠকত । নিৰ্ধাৰিত সময়ৰ ভিতৰত অসমত জলজীৱন আঁচনি সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশনা দিয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্রী গজেন্দ্র সিং শেখাৱটে ৷

Poor implementation of Jal Jeevan Scheme in Assam
ৰাজ্যত লেহেমীয়া গতিত জল জীৱন মিছনৰ কাম

স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয়, দেশৰ বহু ৰাজ্যই জল জীৱন আঁচনিৰ এশ শতাংশ সম্পূৰ্ণ কৰাৰ সময়ত অসমত কিয় মাত্ৰ ৪২ শতাংশহে কাম আগবাঢ়িছে ? কিয় ইমান লেহেমীয়া গতিত কাম ৰপায়ণ হৈছে আঁচনিখনৰ ? কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীজনৰে হোৱা বৈঠকৰ পিছত অসমৰ জনস্বাস্থ্য আৰু কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকৰ আগত সদৰি কৰা মতে ৰাজ্য চৰকাৰে বৰ্তমানলৈ আঁচনিখনৰ লগত জড়িত সকলো অনাদায় আৰু দেয় মুকলি কৰি দিছে (Minister Jayanta Malla Baruah) ৷

লগতে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই জল জীৱন আঁচনিৰ ৰূপায়ণ কিয় সুচাৰুৰূপে হৈ উঠা নাই তাৰো যুক্তি আগবঢ়ালে ৷ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ যুক্তি ২০১৯ চনত অসমত জল জীৱন মিচন আৰম্ভ হোৱাৰ সময়ত ৰাজ্যখনত মাত্ৰ ১ শতাংশ লোকেহে ঘৰত নলযোগে খোৱাপানী লাভ কৰিছিল ৷ যিবোৰ ৰাজ্যই সম্প্ৰতি ১০০% কাম সম্পূৰ্ণ কৰিছে, সেই ৰাজ্যবোৰে আঁচনিখন আৰম্ভ হোৱাৰ সময়ত ৫০ % ৰ পৰা কাম আৰম্ভ কৰিছিল ৷ এতিয়া নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰিবলৈ হ’লে কামৰ গতি বৃদ্ধি কৰিব লাগিব ৷

সমান্তৰালভাৱে কামৰ মানো উন্নত কৰিব লাগিব বুলি কয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৷ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই নিজ চৰকাৰৰ দোষ লুকুৱাব বিচাৰিলেও ২০১৯ ৰ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা জলজীৱন আঁচনিৰ মাত্ৰ ৪২ শতাংশ লোককহে ৰাজ্য চৰকাৰে গ্ৰাম্য লোকৰ ঘৰে ঘৰে নলযোগে পানী যোগান ধৰিবলৈ সক্ষম হৈছে ৷ গতিকে ২০২৪ চন এপ্ৰিলৰ ভিতৰত গ্ৰামাঞ্চলৰ ১০০ শতাংশ লোকক জল জীৱন মিচনৰ পানী যোগান ধৰিবলৈ অসম চৰকাৰ সক্ষম হ’ব নে নহয় ইয়াকে লৈ উত্থাপন হৈছে প্ৰশ্নৰ ।

লগতে পঢ়ক : International Theater Festival: কোকৰাঝাৰত দেশ বিদেশৰ বহুকেইটা প্ৰখ্যাত নাট্য দলে পাতিব নাটকৰ মেলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.