Ranjit Bora murder case: ব্যৱসায়ী ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ খবৰ দিওতালৈ পুৰস্কাৰ ঘোষণা আৰক্ষীৰ

author img

By

Published : Nov 24, 2022, 12:52 PM IST

Police announce reward for informing businessman Ranjit Boras killers

তিনিদিন অতিক্ৰম কৰাৰ পাছতো ৰঞ্জিত বৰাৰ হত্যাকাৰীক এইপর্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই মহানগৰ আৰক্ষীয়ে । ২১ নৱেম্বৰৰ দিনা পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাক দিন-দুপৰতে পাঞ্জাবাৰীৰ ৰাজপথত গুলীয়াই হত্যা কৰা হৈছিল (Ranjit Bora murder case) । ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ খবৰ দিওতালৈ মহানগৰ আৰক্ষীৰ ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা ।

গুৱাহাটী, ২৪ নৱেম্বৰ: তিনিদিন অতিক্ৰম কৰাৰ পাছতো ব্যৱসায়ী ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ কোনো শুং-সূত্ৰ উলিয়াবলৈ সক্ষম নহ’ল মহানগৰ আৰক্ষী । উল্লেখ্য যে ২১ নৱেম্বৰৰ দিনা পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাক দিন-দুপৰতে পাঞ্জাবাৰীৰ ৰাজপথত গুলীয়াই হত্যা কৰা হৈছিল । কিন্তু ৭২ ঘণ্টা অতিক্ৰম কৰাৰ পাছতো এই লোমহর্ষক ঘটনাত জড়িত অপৰাধীক এইপর্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই মহানগৰ আৰক্ষীয়ে ।

ঘটনাৰ তদন্তত ‘ক্লু’ লাভ কৰা বুলি দাবী কৰা আৰক্ষীয়ে এতিয়ালৈকে তদন্তৰ নামত কেৱল ঘটনাস্থলীৰ সমীপৰ ৰেস্তোৰাঁৰ দুজন কৰ্মচাৰীক থানালৈ আনি জেৰা কৰিছে । আনহাতে ঘটনাস্থলীৰ আশে-পাশে থকা সকলো চিচি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰিছে দিছপুৰ থানাৰ আৰক্ষীয়ে । চিচি কেমেৰাৰ ফুটেজ আৰু অন্যান্য প্ৰযুক্তিগত দিশৰ ওপৰত নিৰ্ভৰ কৰিয়েই আগবাঢ়িছে আৰক্ষীৰ তদন্ত (Purabi Dairy Distributor Ranjit Bora murder case) ।

Police announce reward for informing businessman Ranjit Boras killers
ব্যৱসায়ী ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ খবৰ দিওতালৈ পুৰস্কাৰ ঘোষণা আৰক্ষীৰ

আৰক্ষীয়ে যথেষ্ট 'ক্লু' লাভ কৰা বুলি দাবী কৰিছিল যদিও অৱশেষত ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ খবৰ দিওতাক পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিবলগীয়া হ’ল ।মহানগৰ আৰক্ষীয়ে এতিয়াও বিচাৰি পোৱা নাই ৰঞ্জিত বৰাৰ হত্যাকাৰীক । সেয়েহে এইবাৰ মহানগৰ আৰক্ষীয়ে এই পদক্ষেপ লৈছে । হত্যাকাৰীক বিচাৰি মহানগৰ আৰক্ষীয়ে পুৰস্কাৰ ঘোষণা কৰিছে । ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ খবৰ দিওতাক দিয়া হ’ব ২ লাখ টকাৰ পুৰস্কাৰ (reward for information on Ranjit Bora killed) ।

উল্লেখ যে সোমবাৰে পাঞ্জাবাৰীত দিন দুপৰতে এই হত্যাকাণ্ডটো সংঘটিত হৈছিল আৰু তেওঁৰ পৰা আঢ়ৈ লাখ কাঢ়ি লৈ গৈছিল দুৰ্বৃত্ত দুটাই । তাৰ পিছৰে পৰা আৰক্ষীয়ে হত্যাকাৰীৰ অনুসন্ধান চলাই আছে যদিও বৰ্তমানলৈকে হত্যাকাৰীক ধৰিবলৈ সক্ষম হোৱা নাই । সেয়েহে এইবাৰ হত্যাকাৰীক খবৰ দিওতালৈ পুৰস্কাৰ আগবঢ়োৱা হৈছে । অৱশ্যে সন্ধান দিওতাৰ নাম গোপনে ৰখাৰ প্ৰতিশ্ৰুতিও দিছে মহানগৰ আৰক্ষীয়ে । আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধান দিবৰ বাবে এটা WhatsApp নম্বৰ মুকলি কৰি দিছে । এই হোৱাটচ আপ নম্বৰটো হৈছে ৬০২৬৯০১২৪৭ ।

উল্লেখ যে ৰাজধানী চহৰখনত টকাৰ মোনা কাঢ়ি নিয়া একাংশ অপৰাধী বিহাৰ, পশ্চিমবংগৰ । এনে দুই-এটা অপৰাধী পূৰ্বতে মহানগৰ আৰক্ষীৰ এনকাউণ্টাৰৰো সন্মুখীন হৈছে । এনেক্ষেত্ৰত ৰঞ্জিত বৰাৰ হাতৰ পৰা টকাৰ মোনা কাঢ়ি নিয়াৰ বাবে তেওঁক গুলীয়াই হত্যা কৰা অপৰাধী দুটা বহিঃৰাজ্যৰ নে অসমৰে কোনো অঞ্চলৰ, সেই দিশসমূহো চালি-জাৰি চাইছে আৰক্ষীয়ে ।

কিন্তু পৰিতাপৰ বিষয় এয়ে যে ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ সম্পূৰ্ণ তিনি দিন উকলি যোৱাৰ পিচতো আৰক্ষীয়ে এই ঘটনাৰ তদন্তত বিশেষ সফলতা লাভ কৰিব পৰা নাই । ৰঞ্জিত বৰাৰ হত্যাকাণ্ডই ৰাজধানী চহৰখনৰ নিৰাপত্তাহীন পৰিস্থিতিটো প্ৰতিফলিত কৰাৰ সমান্তৰালভাৱে আৰক্ষীৰ ব্যৰ্থতাৰ ছবিখনো দাঙি ধৰিছে ।

লগতে পঢ়ক: Assam Meghalaya Conflict: অসম আৰক্ষী অলপ নিয়ন্ত্ৰণত থাকিব পাৰিলেহেঁতেন: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.