ETV Bharat / state

Amrit Kalash Yatra: অমৃত কলহ যাত্রাৰ ৰাজ্যিক অনুষ্ঠানলৈ নাহিল কোনো বিৰোধী বিধায়ক

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 3:51 PM IST

Amrit Kalash Yatra
অমৃত কলহ যাত্রাৰ ৰাজ্যিক আনুষ্ঠানিক সভাত নাহিল কোনো বিৰোধী দলৰ বিধায়ক

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ মোৰ মাটি মোৰ দেশ শীৰ্ষক অমৃত কলহ যাত্রাৰ ৰাজ্যিক আনুষ্ঠানিক সভাত বিৰোধী দলৰ কোনো বিধায়ক উপস্থিত নথকাত তীব্ৰ ভাষাৰে সমালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰীকাকে ধৰি বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷

অমৃত কলহ যাত্রাৰ ৰাজ্যিক আনুষ্ঠানিক সভাত নাহিল কোনো বিৰোধী দলৰ বিধায়ক

গুৱাহাটী, ২৬ অক্টোবৰ : অসম চৰকাৰৰ মোৰ মাটি মোৰ দেশ শীৰ্ষক অমৃত কলহ যাত্রাৰ ৰাজ্যিক আনুষ্ঠানিক সভা বৃহস্পতিবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ‌হয়। এই অনুষ্ঠানত বিৰোধী দলৰ কোনো বিধায়ক উপস্থিত নথকা সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাকে ধৰি বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী পীযুষ হাজৰীকাই কয়, "বিৰোধীয়ে চৰকাৰী অনুষ্ঠানলৈ নাহে, মানে চৰকাৰৰ লগত সহযোগিতা নকৰে ৷ চৰকাৰে ভুল কৰিলে বা বেয়া কৰিলে, তেওঁলোকে সমালোচনা কৰক ৷ কিন্তু আমাৰ পৰা কিবা বিচাৰি তেওঁলোকে অনুৰোধ নকৰিব বুলি আমি তেওঁলোকক আহ্বান জনাইছো ৷ আমালৈ কাম বিচাৰি চিঠি দিব নালাগে ৷ তেওঁলোকক ৰাস্তা লাগে বা অন্য কিবা লাগে আমি চৰকাৰৰ নিয়মমতে কৰিম ৷ এতিয়াৰ পৰা আমি কংগ্ৰেছী বিধায়কৰ অনুৰোধ মতে একো নকৰোঁ ৷ মই বিৰোধী দলৰ প্ৰত্যেকগৰাকী বিধায়কলৈ নিমন্ত্ৰণী চিঠি দিছিলো ৷ সেয়া আমাৰ দায়িত্ব, আমি আমাৰ দায়িত্ব বাৰে বাৰে পালন কৰি আছো, কিন্তু তেওঁলোকে বাৰে বাৰে চৰকাৰখনক বুঢ়া আঙুলি দেখুৱাই আহিছে ৷"

ইফালে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয়, "বিৰোধীৰ মাল নাই, সেইবাবে তেওঁলোক বিৰোধী ৷ মইও কংগ্ৰেছত আছিলো, সেয়া অতীত, সেইবাবেইতো মই এতিয়া বিজেপি দললৈ আহিলো ৷ এক কথাত ক’বলৈ গ’লে কংগ্ৰেছেই হওক এ আই ইউ ডি এফেই হওঁক তেওঁলোকৰ এতিয়া ভৱিষ্যতৰ কথা ভাবি কঁপনি উঠি আছে ৷ বিৰোধী দল এতিয়া আতংকিত ৷"

উল্লেখ্য যে, এই অনুষ্ঠানত সমগ্ৰ অসমৰ ২৭০টা উন্নয়ন খণ্ড/ পৌৰ নিকায়ৰ পৰা মৰ্যাদা সহকাৰে প্ৰেৰিত ২ টাকৈ অমৃত কলহ সংগ্ৰহ কৰা হয়। ৰাজ্যজুৰি অমৃত কলহ যাত্ৰাৰ পৰা সংগ্ৰহ কৰা হয় মুঠ ৫৪০ টা অমৃত কলহ । ইয়াৰে সংগৃহীত দুটি কলহৰ প্ৰথমটি কলহ ২৭ অক্টোবৰত ৰাজধানী এক্সপ্ৰেছৰ জৰিয়তে নতুন দিল্লীৰ মূল অনুষ্ঠানলৈ প্ৰেৰণ কৰা হ'ব। তাৰ পিচতে ২৮ অক্টোবৰত অসমৰ প্রতিনিধি দলৰ দ্বাৰা নতুন দিল্লীত অমৃত কলহ যাত্ৰা সম্পন্ন কৰিব। আনহাতে দ্বিতীয়টি কলহ শ্বহীদ কনকলতা বৰুৱা জয়ন্তীত গহপুৰলৈ প্ৰেৰণ কৰা‌ হয় । মহান শ্বহীদগৰাকীৰ স্মৃতিত নিৰ্মাণ হ'বলগীয়া বিশ্ববিদ্যালয়ৰ কামত এই মাটি ব্যৱহাৰ হ'ব।

লগতে পঢ়ক: Amrit Kalash Yatra : অমৃত কলহ যাত্রাৰ ৰাজ্যিক আনুষ্ঠানিক সভাত ৰাজ্যপাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.