ভূপেন বৰাক উভতি ধৰিলে মন্ত্রী পীযুষ হাজৰিকাই

author img

By

Published : Sep 20, 2022, 10:30 PM IST

Pijush Hazarika react on APCC President Bhupen Bora comment
ভূপেন বৰাক উভতি ধৰিলে মন্ত্রী পীযুষ হাজৰিকাই ()

ভূপেন বৰাই বিগত এটা বছৰত চাকৰি পোৱা চাৰে চৈধ্য হাজাৰ যুৱক-যুৱতীক অপমান কৰিছে । অশেষ কষ্ট কৰি চাকৰি পোৱা সকলক ভূপেন বৰাই অপমান কৰাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে । নিযুক্তি প্ৰক্ৰিয়া অতি স্বচ্ছ আৰু নিকা ভাৱে হৈছে । ভূপেন বৰাই নাভূত-নাশ্ৰুত কথা কৈছে । সংবাদ মেলযোগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক উভতি ধৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই (Minister Pijush Hazarika) ৷

গুৱাহাটী, ২০ ছেপ্টেম্বৰ: প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক উভতি ধৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই (Assam Recruitment Controversy)। নিযুক্তি সন্দৰ্ভত ভূপেন বৰাই কৰা মন্তব্যকলৈ আজি সৰৱ হৈ পৰে মন্ত্ৰীগৰাকী । সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে পুলিচৰ নিযুক্তি সন্দৰ্ভত সমগ্ৰ প্ৰক্ৰিয়াটোৰ প্ৰতি ভূপেন বৰাই সন্দেহৰ আঙুলি টোৱাইছে (APCC President Bhupen Bora) ।

ভূপেন বৰাই বিগত এটা বছৰত চাকৰি পোৱা চাৰে চৈধ্য হাজাৰ যুৱক-যুৱতীক অপমান কৰিছে । ইয়াৰ বাবে তেওঁ ভূপেন বৰাক ধিক্কাৰ দিয়ে (Minister Pijush Hazarika)। অশেষ কষ্ট কৰি চাকৰি পোৱা সকলক ভূপেন বৰাই অপমান কৰাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে । তেওঁ কয় যে নিযুক্তি প্ৰক্ৰিয়া অতি স্বচ্ছ আৰু নিকাভাৱে হৈছে ।

ভূপেন বৰাক উভতি ধৰিলে মন্ত্রী পীযুষ হাজৰিকাই

অ' এম আৰ চিট নোহোৱাকৈ পৰীক্ষা পতা বুলি ভূপেন বৰাই অদ্ভুত কথা কৈছে বুলি সদৰি কৰি তেওঁ কয় যে পুলিচৰ নিযুক্তি হোৱা চাৰে চৈধ্য হাজাৰৰ ভিতৰত কামাণ্ডো বেটেলিয়ানৰ বাবে লোৱা আঢ়ৈ হাজাৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত লিখিত পৰীক্ষা হোৱা নাছিল । বাকী বাৰ হাজাৰৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈছে । বাৰ হাজাৰ যুৱক-যুৱতীয়ে লিখিত পৰীক্ষা দি চাকৰি পাইছে ।

ভূপেন বৰাই নাভূত-নাশ্ৰুত কথা কৈছে বুলি তেওঁ কয় । তেওঁ ভূপেন বৰাক তেওঁৰ বক্তব্য উঠাই লোৱাৰ বাবে আহ্বান জনোৱাৰ লগতে লিখিত পৰীক্ষা দি চাকৰি পোৱা সকলৰ ওচৰত ক্ষমা খোজাৰ বাবে দাবী জনায় । ভূপেন বৰাৰ জ্ঞানৰ পৰিধি ইমান কম যে তেওঁ তবধ মানিছে বুলি কয় । এনে লোকে কংগ্ৰেছ দলৰ নেতৃত্ব দিলে কংগ্ৰেছ দলৰ পৰা অসমৰ ৰাইজে কি আশা কৰিব সেইটো সহজে অনুমেয় । ভূপেন বৰাই মিছা কথা কৈছে বুলি তেওঁ প্ৰত্যাহ্বান জনায় ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সম্পাদকসকলক ঢাল হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে: ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.