ETV Bharat / state

Paris Fashion Week : পেৰিছ ফেশ্বন উইকত জিলিকিব অসম কন্যা সংযুক্তা দত্তৰ ডিজাইন

author img

By

Published : Jan 16, 2023, 8:21 PM IST

Indian designer Sanjukta Dutta
2023 চনৰ পেৰিছ ফেশ্বন উইক

অসমবাসীৰ বাবে সু-খবৰ ৷ 2023 ৰ পেৰিছ ফেশ্বন উইকত জিলিকি উঠিব অসম কন্যা সংযুক্তা দত্তৰ ডিজাইন সমৃদ্ধ বস্ত্ৰ ৷ কিয়নো পেৰিছ ফেশ্বন উইক 2023 ৰ (Paris Fashion week 2023) বাবে নিৰ্বাচিত হৈছে ডিজাইনাৰ সংযুক্তা দত্ত ৷ ডিজাইনাৰ সংযুক্তা দত্তই (Indian designer Sanjukta Dutta) ডিজাইন কৰা বস্ত্ৰ পৰিধান কৰি পেৰিছ ফেশ্বন উইকত খোজ দিব বিশ্বৰ আগশাৰীৰ মডেলে ৷

নিউজ ডেস্ক, 16 জানুৱাৰী : মাঘৰ বিহুৰ মাজতে অসমবাসীৰ বাবে আহিছে অন্য এক সু-খবৰ ৷ এই খবৰ আহিছে আন্তঃৰাষ্ট্ৰীয় ফেশ্বন জগতৰ পৰা ৷ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত অসমীয়া জী ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্ত (Indian designer Sanjukta Dutta) 2023 চনৰ পেৰিছ ফেশ্বন উইকত (Paris Fashion week 2023) নিজৰ ডিজাইন কৰিব ৷

এই বাতৰি লাভ কৰি স্বাভাৱিকতে আনন্দিত হৈ পৰিছে খ্যাতি সম্পন্ন ডিজাইনাৰ সংযুক্তা দত্ত আৰু তেওঁৰ শুভাকাংশীসকল ৷ কিছুদিন পূৰ্বে পেৰিছ ফেশ্বন উইকে আগন্তুক পেৰিছ ফেশ্বন উইকত নিজৰ ডিজাইন প্ৰদৰ্শন কৰিবলগীয়া ডিজাইনাৰসকলৰ নাম তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে । আন্তঃৰাষ্ট্ৰীয় ডিজাইনাৰসকলৰ তালিকাত ভাৰতীয় ডিজাইনাৰ সংযুক্তা দত্তৰ নামো অন্তৰ্ভুক্ত হৈছে ।

উল্লেখ্য যে, সমগ্ৰ বিশ্বত চাৰিটা গুৰুত্বপূৰ্ণ ফেশ্বন উইক আছে ৷

সেই চাৰিটাক ফেশ্বন উইকক “বিগ 4” বুলি কোৱা হয় ৷ সেইকেইটা হৈছে নিউয়ৰ্ক, পেৰিছ, লণ্ডন আৰু মিলান ফেশ্বন উইক (Globally four important fashion weeks - New-York, Paris, London and Milan)। ইয়াৰে মাজত পেৰিছ ফেশ্বন উইক হৈছে অন্যতম (Paris Fashion week) ৷

লগতে পঢ়ক : Lakme Fashion Week ত মেখেলা-চাদৰেৰে জিলিকিল দিব্যা খোচলা কুমাৰ

সকলোৰে জ্ঞাত যে, অভিযান্ত্ৰিকৰ স্নাতক ডিগ্ৰীধাৰী সংযুক্তা দত্তই চৰকাৰী চাকৰি বাদ দি অসমৰ থলুৱা পাট-মুগাক অনন্য ৰূপত বিশ্বত জনপ্ৰিয় কৰাৰ এক সপোনমুখী যাত্ৰা আৰম্ভ কৰিছিল । স্পষ্টতঃ অসমৰ চহকী ৰেচমী সূতাক থলুৱা আৰু আধুনিকতাৰে সংমিশ্ৰণ কৰি নিজ শৈলীৰে মেখেলা-চাদৰ তথা আন আন ডিজাইন লৈ প্ৰস্তুত কৰা বস্ত্ৰ পৰিধান কৰি ইতিমধ্যে বিশ্বৰ আগশাৰীৰ মডেল তথা অভিনেত্ৰীয়ে ৰেম্পত কেটৱাক কৰি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

এহাতে অসমৰ ঐতিহ্যময় বস্ত্ৰক ব্যৱসায়িক ভিত্তিত জনপ্ৰিয় কৰা আৰু আনফালে ৰাজ্যৰ থলুৱা শিপিনীৰ অর্থনৈতিক স্বাৱলম্বিতাৰ বাট মুকলি কৰা - এই দুই লক্ষ্যৰে যাত্ৰা আৰম্ভ কৰা অসম কন্যা সংযুক্তা দত্তই ইতিমধ্যে অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে । ফেশ্বন জগতৰ অত্যন্ত প্ৰত্যাহ্বান নেওচি আৰম্ভ কৰা সংযুক্তা দত্তৰ ৰেচমী মেখেলা-চাদৰ পিন্ধি ইতিপূৰ্বে ইংলণ্ডৰ ৰাজবোৱাৰী কেট মিডলটনে বিশ্ববাসীৰ সন্মুখত উজলাই তুলিবলৈ সক্ষম হৈছে অসমীয়াৰ স্বাভিমান ।

তদুপৰি বলীউডৰ প্ৰখ্যাত, জনপ্ৰিয় অভিনেত্ৰী হেমা মালিনী, বিপাশা বসু, প্ৰীতি জিন্টা, কৰিশ্মা কাপুৰ, ভাগ্যশ্ৰী প্ৰমুখ্যে একাধিকে সংযুক্তা দত্তৰ বিভিন্ন ডিজাইনৰ বস্ত্ৰ পৰিধান কৰি ইতিমধ্যে খোজ দিছে ফেশ্বন শ্ব’ত । বিশ্বৰ অন্যতম ঈর্ষণীয় নিউয়র্ক ফেশ্বন উইকৰ লগতে লেকমে ফেশ্বন উইক তথা অন্যান্য জনপ্ৰিয় ফেশ্বন উইকতো বিশ্বৰ আগশাৰীৰ মডেল তথা অভিনেত্ৰীয়ে অসম কন্যা সংযুক্তা দত্তৰ থলুৱা আৰু আধুনিকতাৰ সংমিশ্ৰণৰ বস্ত্ৰ পৰিধানৰে ৰেম্পত খোজ দি সৃষ্টি কৰিছে অসমৰ থলুৱা শিপিনীৰ বস্ত্ৰ সম্ভাৰৰ আন এক সোণালী অধ্যায় ৷

লগতে পঢ়ক : বিখ্যাত আলোচনী LOfficiel আৰু Harper’s Bazar Vietnam লৈ নিৰ্বাচিত সংযুক্তা দত্তৰ ডিজাইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.