ETV Bharat / state

আজি অসম পাবহি অক্সিজেন কঢ়িওৱা বিশেষ ৰে’ল

author img

By

Published : May 23, 2021, 10:55 AM IST

কৰ’ণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি, ভাইৰাছবিধত আক্ৰান্ত লোকসকলৰ সুবিধাৰ অৰ্থে জামছেদপুৰৰ পৰা দেশৰ বিভিন্ন চহৰলৈ ৰে’লযোগে প্ৰেৰণ কৰা হৈছে অক্সিজেন ৷ ইতিমধ্যে এখন বিশেষ ৰে’লৰ জৰিয়তে গুৱাহাটীলৈ অক্সিজেন প্ৰেৰণ কৰা হৈছে ৷ জীৱন ৰক্ষাকাৰী বিশেষ ৰে’লৰ জৰিয়তে ১৬০ টন অক্সিজেন প্ৰেৰণ কৰা হৈছে গুৱাহাটীলৈ ৷

আজি অসম পাবহি অক্সিজেন কঢ়িওৱা বিশেষ ৰে’ল
আজি অসম পাবহি অক্সিজেন কঢ়িওৱা বিশেষ ৰে’ল

নেশ্যনেল ডেস্ক,23 মে’: কৰ’ণাৰ দ্বিতীয় ঢৌত দেশৰ বহু ঠাইত আক্ৰান্ত লোকসকলৰ মাজত অক্সিজেনৰ অভাৱে দেখা দিছে ৷ অক্সিজেনৰ অভাৱ দূৰ কৰিবলৈ অক্সিজেন প্ৰকল্প থকা চহৰসমূহৰ পৰা পথ আৰু ৰে’লৰ দ্বাৰা চিকিৎসা অক্সিজেন অথবা মেডিকেল অক্সিজেন প্ৰেৰণ কৰা হৈছে ৷ এই কাৰ্যসূচীৰ ১৮ তম পৰ্যায়ত জামছেদপুৰৰ পৰা গুৱাহাটীলৈ ৰে'লযোগে অক্সিজেন প্ৰেৰণ কৰা হৈছে ৷

সূত্ৰ অনুসৰি, 20 টন ক্ষমতাৰ 4 টা টেংক শনিবাৰে নিশা গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷ ৰে’ল আৰক্ষীৰ এটা দলৰ তত্বাৱধানত জীৱন ৰক্ষাকাৰী ৰে’লৰ জৰিয়তে 160 টন অক্সিজেন প্ৰেৰণ কৰা হৈছে ৷ ইয়াৰ পূৰ্বেও বোকাৰোৰ পৰা উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশৰ দৰে ৰাজ্যলৈ অক্সিজেন প্ৰেৰণ কৰা হৈছিল ৷

লগতে চাওকঃ ধনশিৰিত সেনা-আৰক্ষীৰ সংঘৰ্ষত নিহত 6 ডিএনএলএ সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.