ETV Bharat / state

Child Marriage Crackdown: চাৰি সহস্ৰাধিক বাল্যবিবাহৰ গোচৰত ৩০১৫ জনক গ্ৰেপ্তাৰ; একাংশৰ আত্মসমৰ্পণ

author img

By

Published : Feb 14, 2023, 5:35 PM IST

বাল্যবিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই বহু লোকক আটক কৰিছে যদিও বহু লোকে আকৌ আত্মসমৰ্পণ কৰিবলৈও ওলাই আহিছে (Assam Crackdown Against Child Marriage) ৷ সামাজিক মাধ্যম যোগে এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ইফালে বৰ্তমানলৈকে বাল্যবিবাহৰ লগত জড়িত থকা ৩০১৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে ৷

Over 3,000 People Arrested in Assam Crackdown On Child Marriage
বাল্যবিবাহৰ গোচৰত ৩০১৫ জনক গ্ৰেপ্তাৰ

গুৱাহাটী, ১৪ ফেব্ৰুৱাৰী: ৰাজ্যজুৰি অব্যাহত আছে বাল্যবিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Child marriage in Assam)। আৰক্ষীৰ এই ব্যাপক অভিযানৰ মাজতে বহু লোকে আত্মসমৰ্পণ কৰিবলৈ ওলাই আহিছে । এতিয়ালৈকে অসম আৰক্ষীয়ে বাল্যবিবাহৰ সৈতে জড়িত মুঠ ৩০১৫ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ইতিমধ্যে সামাজিক মাধ্যম যোগে এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে শেহতীয়াকৈ বাল্যবিবাহৰ সৈতে জড়িত বহুসংখ্যক লোকেই আৰক্ষীৰ ওচৰলৈ আহি আত্মসমর্পণ কৰিছে । এয়া এক ইতিবাচক খবৰ । আনহাতে বাল্যবিবাহৰ বিৰুদ্ধে অভিযান চলি থাকিব বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, ২৩ জানুৱাৰীত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ঘোষণা কৰিছিল যে বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ যিসকলে ১৪ বছৰৰ তলৰ ছোৱালীৰ সৈতে বিবাহ কৰে তেওঁলোকক পকছ’ৰ (POCSO Act) অধীনত গ্ৰেপ্তাৰ কৰা হ’ব । আনহাতে, ১৪-১৮ বছৰ বয়সৰ ছোৱালীৰ লগত বিবাহ কৰা সকলক বাল্যবিবাহ নিষেধাজ্ঞা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হ’ব ।

এই মুখ্যমন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পিচৰে পৰা অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যতে বাল্যবিবাহৰ বিৰুদ্ধে ৪,১৩৫ টা গোচৰ পঞ্জীয়ন কৰে (Assam child marriage case list) । এই গোচৰৰ ভিত্তিত ৩ ফেব্ৰুৱাৰীৰ পৰা আৰক্ষীয়ে অভিযান চলাই এতিয়ালৈকে ৩০১৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে (Assam Crackdown Against Child Marriage) । বিগত বাৰ দিন ধৰি ৰাজ্যত অব্যাহত থকা এই অভিযানক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যদিও মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰক্ষীয়ে চলাই গৈছে গ্ৰেপ্তাৰ প্ৰক্ৰিয়া ।

মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা যে, বাল্যবিবাহৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব । সামাজিক শত্ৰুৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে সামাজিক অপৰাধৰ বিৰুদ্ধে চলা এই অভিযানত অসমৰ ৰাইজৰ সমৰ্থন কামনা কৰে । উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশত যোৱা ৩ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত আৰক্ষীয়ে বাল্যবিবাহৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান (Operation against Child marriage In Assam) ।

বাল্যবিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে হঠাতে চলোৱা বৃহৎ অভিযানক লৈ ৰাজ্যজুৰি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত বাল্যবিবাহ কৰা স্বামীৰ উপৰিও পৰিয়ালৰ লোক, কাজি, মৌলানা আৰু পুৰোহিতো আছে । ৰাজ্যৰ থানাসমূহ এতিয়া বাল্যবিবাহৰ গোচৰকলৈ ব্যস্ত হৈ পৰিবলগীয়া হৈছে । ইফালে কাৰাগাৰত ঠাইৰ অভাৱ হোৱাত বিভিন্ন স্থানত নিৰ্মাণ কৰা হৈছে অস্থায়ী কাৰাগাৰ ।

ইতিমধ্যে অস্থায়ী কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছে বাল্যবিবাহ বিৰোধী অভিযানৰ অভিযুক্তসকলক (Illegitimate husband arrested in Assam)। অৱশ্যে বহু সংখ্যক লোকে ইতিমধ্যে জামিনত মুক্তি লাভ কৰিবলৈ সক্ষম হৈছে । ইফালে বিভিন্ন দল-সংগঠনে বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে হঠাতে চলোৱা ব্যাপক অভিযানক কঠোৰ ভাষাৰে সমালোচনা কৰি ইয়াক অনৈতিক আখ্যা দিছে । কিন্তু ব্যাপক প্ৰতিবাদ আৰু সমালোচনাৰ পাচতো ৰাজ্য চৰকাৰ নিজৰ স্থিতিত অটল হৈ আছে ।

এইক্ষেত্ৰত চৰকাৰে সদায়ে শূন্য সহনশীল নীতি গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে সদৰি কৰিছে । মুখ্যমন্ত্ৰীৰ মতে ৰাজ্যৰ লাখ লাখ ছোৱালীক ভৱিষ্যতে বাল্যবিবাহৰ পৰা বচাবলৈ এটা প্ৰজন্মই কষ্ট পাবই লাগিব । আনহাতে, মুখ্যমন্ত্ৰীয়ে সদৰি কৰা মতে ১৪ বছৰৰ ওপৰৰ ছোৱালীক বিবাহ কৰোৱা পুৰুষে জামিন পাব (Child marriage cases registered in Assam) ।

কিন্তু ১৪ বছৰৰ তলৰ ছোৱালীক বিবাহ কৰোৱা পুৰুষৰ ক্ষেত্ৰত জামিনবিহীন ধাৰা প্ৰয়োগ কৰা হ’ব । অৱশ্যে এই অভিযান কিমান দিনলৈ অব্যাহত থাকিব সেয়া সময়েহে ক’ব । কাৰণ ইতিমধ্যে চৰকাৰখনে চমক সৃষ্টি কৰা বহুকেইটা অভিযান আৰম্ভ কৰিছিল যদিও পৰৱৰ্তী সময়ত স্থবিৰ হৈ পৰিছিল ।

লগতে পঢ়ক: Child marriage in Assam: বাল্য বিবাহৰ স্বীকাৰ হোৱা বালিকাক পুনৰ সংস্থাপন দিব চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.