ETV Bharat / state

Opium Seized in Guwahati: গুৱাহাটী ৰেল ষ্টেচনত বৃহৎ পৰিমাণৰ কানি জব্দ

author img

By

Published : Jul 18, 2022, 10:54 PM IST

গুৱাহাটীৰ ৰেল ষ্টেচনত প্ৰায় ১ কোটি ৪ লাখ টকাৰ কানি জব্দ (Opium Seized in Guwahati)৷ ৰেল আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ কানিখিনি ৷

kani seized at guwahati railway station
গুৱাহাটী ৰেল ষ্টেচনত বৃহৎ পৰিমাণৰ কানি জব্দ

গুৱাহাটী,১৮ জুলাই: গুৱাহাটী ৰেল ষ্টেচনত বৃহৎ পৰিমাণৰ কানি জব্দ (Opium Seized in Guwahati) । দেওবাৰে নিশা ৰেল আৰক্ষীয়ে গুৱাহাটী ষ্টেচনত কানিসহ দুই সৰবৰাকাৰীক গ্ৰেপ্তাৰ কৰে । ধৃত সৰবৰাকাৰী দুটা অভ্যাশ কুমাৰ আৰু সুমাল কুমাৰ ।

দেওবাৰে নিশা গুৱাহাটী ৰেলৱে ষ্টেচনৰ(Paltan bazar railway station) এক নং প্লেটফৰ্মত ঘূৰি আছিল দুজনকৈ যুৱক । ৰেল আৰক্ষীৰ সন্দেহ উপজাত তালাচী চলাই যুৱকদ্বয়ৰ পৰা জব্দ কৰে কানিখিনি । জব্দ হোৱা কানিখিনিৰ ওজন ২ কেজিতকৈ অধিক আৰু বজাৰ মূল্য মূল্য প্ৰায় ১ কোটি ৪ লাখ টকা৷ কানিখিনি ডিমাপুৰৰ পৰা বিহাৰলৈ নিয়াৰ পৰিকল্পনা কৰা বুলি জানিবপৰা গৈছে ৷ সম্প্ৰতি সৰবৰাহকাৰী দুটাক জেৰা চলাই চলাই আছে ৰে’ল আৰক্ষীয়ে ।

গুৱাহাটী ৰেল ষ্টেচনত বৃহৎ পৰিমাণৰ কানি জব্দ

আনহাতে গুৱাহাটী ৰেল ষ্টেচনতে জব্দ কৰা হয় 140 পেকেট বিদেশী চিগাৰেট(Foreign Cigarette sized in Guwahati) । চিগাৰেটসহ গ্ৰেপ্তাৰ কৰা হয় মণিপুৰৰ ইন্দ্ৰজিত সিং নামৰ সৰবৰাহকাৰী এটাক । ডিমাপুৰৰ পৰা ৰাজধানী এক্সপ্ৰেছত অনা চিগাৰেটখিনি দিল্লীলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল । সোমবাৰে পুৱা ৰাজধানী এক্সপ্ৰেছত ৰেল আৰক্ষীৰ নিয়মীয়া তালাচীত ধৰা পৰে সৰবৰাহকাৰীটো । ম্যানমাৰৰ পৰা সৰবৰাহ কৰা চিগাৰেটখিনিৰ মূল্য প্ৰায় 2 লাখ টকা হ’ব বুলি জানিবপৰা গৈছে ।

লগতে পঢ়ক: First Monday of Shravan: কলিয়াবৰৰ শিৱ মন্দিৰসমূহত ভক্তৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.