Theft at Basistha : ৰাইজে ধৰি দিয়া চোৰক আনিবলৈ বশিষ্ঠ আৰক্ষীক সময় লাগিল দুঘণ্টা

author img

By

Published : Jan 22, 2023, 8:12 AM IST

Theft at Basistha

শনিবাৰে গুৱাহাটী মহানগৰীৰ বশিষ্ঠত সংঘটিত হয় এক চুৰিকাণ্ড (Man detained for robbery in Bashishta) ৷ ঘৰত গৰাকী নথকাৰ সুযোগ হৈ বশিষ্ঠত ভঙা চিঙা সামগ্ৰী সংগ্ৰহ কৰাৰ নামত এটা চোৰে চলাবলৈ আহিছিল হাত চাফাই অভিযান ৷ কিন্তু চুৰিকাণ্ড সংঘটিত কৰাৰ পূৰ্বেই ৰাইজৰ হাতত বন্দী হয় অভিযুক্ত চোৰ ছাইদুল ইছলাম ৷

বশিষ্ঠত সংঘটিত হৈছে এক চুৰিকাণ্ড

গুৱাহাটী, ২২ জানুৱাৰী : আকৌ গুৱাহাটী মহানগৰীত চুৰিকাণ্ড ৷ সোণ-ৰূপ, টকা-পইচা চুৰি কৰাৰ পাচত এইবাৰ চোৰৰ চকু ঘৰ বনাবলৈ ব্যৱহাৰ কৰা ৰডৰ ওপৰত ৷ পিচে শনিবাৰে শনিৰ দশা বেয়া আছিল ছাইদুল ইছলামৰ ৷ ৰড চুৰি কৰিবলৈ গৈ শনিবাৰে ৰাইজৰ ৰঙা ঘৰাত সোমাল ছাইদুল ইছলাম (Man detained at Basistha Theft incident) ৷ ইফালে চুৰিকাণ্ড ৰোধত মহানগৰ আৰক্ষী ব্যৰ্থ হোৱাৰ এক গুৰুত্বপূৰ্ণ অভিযোগো উত্থাপন হৈছে । এই অভিযোগ উত্থাপন কৰিছে মহানগৰীৰ বশিষ্ঠৰ একাংশ লোকে ৷ কিয়নো ৰাইজে ধৰি দিয়া চোৰক আনিব যাবলৈ বশিষ্ঠ আৰক্ষীক সময় লাগিল প্ৰায় দুই ঘণ্টা ।

ঘটনাৰ বিৱৰণি অনুসৰি, মহানগৰীৰ ঘোঁৰামৰাৰ প্ৰাক্তন আৰক্ষী বিষয়া ধীৰেন্দ্ৰ নাথ দেৱৰ নিৰ্মীয়মান চৌহদত দিনৰ প্ৰায় ১ মান বজাত প্ৰৱেশ কৰে ভঙা চিঙা সামগ্ৰী সংগ্ৰহ কৰা এজন যুৱক । যুৱকজনৰ চাল চলনত সন্দেহ ওপজাত স্থানীয় ৰাইজে আটক কৰে যুৱকজনক ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ হাতত ধৰা পৰাৰ পাচত অভিযুক্ত চোৰটোক কিয় ইয়ালৈ আহিছে বুলি প্ৰশ্ন কৰে (Theft at Basistha in Guwahati) ৷

লগতে পঢ়ক : Crime in Tinsukia: তিনিচুকীয়াত চুৰিকাণ্ডৰ ২৪ ঘণ্টাৰ ভিতৰতেই চোৰ গ্ৰেপ্তাৰ

তেতিয়া অভিযুক্ত চোৰটোৱে শৌচ কৰিবলৈহে উক্ত চৌহদটোত সোমাইছিল বুলি স্থানীয় ৰাইজৰ আগত উল্লেখ কৰে ৷ আনহাতে, স্থানীয় ৰাইজৰ তৎপৰতা দেখি আটক কৰা চোৰটোৰ লগত থকা আন এজন যুৱকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । ৰাইজে আটক কৰা চোৰটো হাতীগাঁৱৰ ছাইদুল ইছলাম বুলি জানিব পৰা গৈছে ।

ইফালে, প্ৰায় দুঘন্টাৰ অন্তত দুই কিলোমিটাৰ দূৰত সংঘটিত এই ঘটনাৰ লগত জড়িত চোৰটোক কৰায়ত্ত কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় বশিষ্ঠ আৰক্ষীৰ এটা দল । ইতিমধ্যে ভঙা চিঙা সংগ্ৰহৰ নামত বশিষ্ঠৰ এটা নিৰ্মীয়মান ঘৰৰ চহদত প্ৰৱেশ কৰা যুৱকজনৰ ঠেলাখনৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় বহু পৰিমাণৰ ৰড (Theft at Basistha) ।

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় ঘাইপথত তহল দি থকা আৰক্ষীৰ ভূমিকাক লৈও ৰাইজৰ মাজত বহু প্ৰশ্নৰ উদ্ৰেক ঘটিছে । কিয়নো নিজে চোৰক কৰায়ত্ত কৰিব নোৱাৰা আৰক্ষীয়ে ৰাইজে ধৰি দিয়া চোৰ আনিবলৈ সময় লাগিল প্ৰায় দুঘণ্টা । এয়াই নেকি গুৱাহাটী মহানগৰীৰ স্মাৰ্ট আৰক্ষী ।

লগতে পঢ়ক : Female thief in UP: চকুৰ পচাৰতে সোণৰ কাণফুলি লৈ উধাও হ’ল চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.