Female thief in UP: চকুৰ পচাৰতে সোণৰ কাণফুলি লৈ উধাও হ’ল চোৰ

author img

By

Published : Jan 21, 2023, 2:08 PM IST

Women theft gold earrings in Uttar Pradesh

উত্তৰ প্ৰদেশত চুৰিকাণ্ড ৷ দিন দুপৰতে সোণৰ বিপণিৰ গৰাকীৰ নাকৰ তলেৰে সোণৰ গহনা লৈ উধাও দুই মহিলা (Female thief in UP)৷ চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্যাংশ বন্দী হৈছে বিপণিখনৰ CCTV কেমেৰাত (Women theft gold earrings in Uttar Pradesh)৷

উত্তৰ প্ৰদেশত চুৰিকাণ্ড

নেশ্যনেল ডেস্ক, 21 জানুৱাৰী : ‘‘চুৰি বিদ্যা উত্তম বিদ্যা ৷ ধৰা পৰিলেহে হয় শিলত খুন্দা ৷’’ উত্তৰ প্ৰদেশৰ ৱালটাৰগঞ্জ থানাৰ অন্তৰ্গত এটা অঞ্চলত সংঘটিত হৈছে এক অঘটন ৷ পুৰুষৰ সমানে সমানে এইবাৰ চুৰি বিদ্যাতো নামিছে মহিলা ৷ দিন দুপৰতে গৰাকীৰ চকুত ধূলি দি দুগৰাকী মহিলাই লৈ গ’ল সোণৰ সামগ্ৰী (Women theft gold earrings in Uttar Pradesh)৷ সমগ্ৰ দৃশ্যাংশ বন্দী হৈছে বিপণিখনৰ CCTV কেমেৰাত ৷

CCTV কেমেৰাত বন্দী হোৱা দৃশ্যাংশ অনুসৰি, ৱালটাৰগঞ্জ থানাৰ অন্তৰ্গত এখন সোণৰ বিপণিত অন্য গ্ৰাহকৰ লেখীয়াকৈ আহিছিল দুগৰাকী মহিলাও ৷ প্ৰথম অৱস্থাত মহিলা দুগৰাকীয়ে বিভিন্ন ডিজাইনৰ সোণৰ কাণফুলি দেখুৱাবলৈ দোকানীৰ গৰাকীক কয় ৷ পৰৱৰ্তী সময়ত গ্ৰাহকৰ অনুৰোধ অনুসৰিয়েই এটাৰ পাচত আনটো বিভিন্ন ডিজাইনৰ কাণফুলি দেখুৱাত ব্যস্ত হৈ পৰে ৷

তেনে সময়তে দোকানীগৰাকীৰ অমনোযোগিতাৰ সুযোগ লৈ এগৰাকী মহিলাই হাতৰ টিপতে এপাত কাণফুলি লৈ যায় ৷ কিন্তু এই কাণ্ডৰ উমকে নাপালে বিপণিৰ গৰাকীয়ে ৷ পৰৱৰ্তী পৰ্যায়ত বিপণিৰ গৰাকীয়ে সামগ্ৰী পৰিপাতি কৰি থকাত এপাত সোণৰ কাণফুলি বিচাৰি হাইৰাণ হয় ৷

বহু বিচাৰ-খোঁচাৰ কৰাৰ অন্তত সোণৰ কাণফুলিপাত বিচাৰি নোপোৱাত মনত কিছু সন্দেহ হয় ৷ সেই সন্দেহতে সোণৰ বিপনীখনৰ গৰাকীয়ে CCTV ৰ ফুটেজ পৰীক্ষা কৰে ৷ তেতিয়াহে ওলাই উৰহী গছৰ ওৰ ৷ তাৰ পাচতেই এই চুৰিকাণ্ড সন্দৰ্ভত সোণৰ বিপনীখনৰ গৰাকীয়ে আৰক্ষীক অৱগত কৰে (Robbery at gold shop) ৷

লগতে ঘটনা সন্দৰ্ভত এই দোকানৰ গৰাকীয়ে এক অভিযোগো দাখিল কৰে ৷ খবৰ পোৱাৰ মাত্ৰেই ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ CCTV ৰ ফুটেজ পৰীক্ষা কৰে ৷ সেই CCTV ৰ ফুটেজৰ পৰাই অভিযুক্ত মহিলাগৰাকীৰ ছবি সংগ্ৰহ কৰে (Female thief in UP) ৷

লগতে ৱালটাৰগঞ্জ থানাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰাৰো আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক : Tensions surrounding live-in relationship: প্ৰেমিকৰ প্ৰেমত মছগুল বিধৱা মহিলাৰ গাঁওবাসীক প্ৰত্যাহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.