ETV Bharat / state

Singer Rishiraj Sharma : বিশিষ্ট সংগীত শিল্পী ঋষিৰাজ শৰ্মাৰ দেহাৱসান; ৰাজ্যৰ সাংস্কৃতিক মহলত শোকৰ ছাঁ

author img

By

Published : May 7, 2023, 2:03 PM IST

Updated : May 7, 2023, 2:14 PM IST

Rishiraj Sharma passes away in Guwahati
সংগীত শিল্পী ঋষিৰাজ শৰ্মাৰ দেহাৱসান

বিশিষ্ট সংগীত শিল্পী ঋষিৰাজ শৰ্মাৰ দেহাৱসান ৷ মুখ্যমন্ত্ৰীকে ধৰি বিভিন্নজনৰ শোক প্ৰকাশ (singer Rishiraj Sharma passes away ) ৷

গুৱাহাটী, 7 মে' : বিশিষ্ট সংগীত শিল্পী ঋষিৰাজ শৰ্মা আৰু নাই । স্বনামধন্য শিল্পী প্ৰয়াত দিলীপ শৰ্মা আৰু শিল্পী সুদক্ষিণা শৰ্মাৰ পুত্ৰ ঋষিৰাজ শৰ্মাই দেওবাৰে চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে । দীৰ্ঘদিন ধৰি শিল্পীগৰাকী অসুস্থ হৈ আছিল । বৃক্কৰ ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা ঋষিৰাজ শৰ্মাই অৱশেষত দেওবাৰে দিনৰ 11.25 বজাত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 56 বছৰ (Guwahati medical college and hospital)।

গুৱাহাটীৰ দক্ষিণ শৰণীয়াৰ নিবাসী ঋষিৰাজ শৰ্মাই জন্মসূত্রেই লাভ কৰিছিল সাংস্কৃতিক পৰিৱেশ । তেওঁৰ ঘৰখন আছিল সংগীতৰ সাধনাক্ষেত্র । পিতৃ গণশিল্পী দিলীপ শৰ্মা আৰু মাতৃ বিশিষ্ট শিল্পী সুদক্ষিণা শৰ্মাৰ পৰা তেওঁ লাভ কৰিছিল সংগীতৰ আদিপাঠ । সান্নিধ্য লাভ কৰিছিল মোমায়েক সুধাকণ্ঠ ভূপেন হাজৰিকাৰ । সেই সূত্রে তেওঁ সহজতেই সাংস্কৃতিক ক্ষেত্রখনলৈ ধাৱমান হৈছিল । সংগীত সাধনা কৰাৰ লগতে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপেও কৰ্মৰত হৈ আছিল (Singer Bhupen Hazarika)।

Rishiraj Sharma passes away in Guwahati
মাতৃ সুদক্ষিণা শৰ্মাৰ সৈতে প্ৰয়াত সংগীত শিল্পী ঋষিৰাজ শৰ্মা

মাতৃ সুদক্ষিণা শৰ্মাৰ সৈতে বহু অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল । বিভিন্ন অনুষ্ঠানত তেওঁ মাতৃৰ সৈতে কণ্ঠ নিৰ্গত কৰিছিল । মাতৃৰ সৈতে তেওঁক প্ৰায়ে বাদ্যসংগত কৰা দেখা গৈছিল । কণ্ঠশিল্পীৰ উপৰি মিউজিচিয়ান আৰু কবি হিচাপে তেওঁৰ আছিল বিশেষ সুনাম । উল্লেখ্য যে, 2021 চনৰ মে' মাহত ক'ভিডত আক্ৰান্ত হৈ তেওঁ যথেষ্ট জটিলতা পৰিস্থিতিৰ সন্মূখীন হৈছিল (Noted singer Rishiraj Sharma passes away) ।

উল্লেখযোগ্য যে, শিল্পীগৰাকীৰ অকাল বিয়োগত ৰাজ্যৰ সাংস্কৃতিক মহলত শোকৰ ছাঁ পৰিছে । সংগীত শিল্পী ঋষিৰাজ শৰ্মাৰ অকাল বিয়োগত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে । শোকবাৰ্তাত মুখ্যমন্ত্রীগৰাকীয়ে অসমৰ সংগীত জগতৰ অতি চিনাকি নাম তথা অমায়িক ব্যক্তিত্বৰ ঋষিৰাজ শৰ্মাৰ বিয়োগ ৰাজ্যৰ বাবে বৃহৎ ক্ষতি বুলি কয় । মুখ্যমন্ত্রীয়ে এই দুখৰ মুহূৰ্তত তেখেতৰ শোকস্তব্ধ মাতৃ সুদক্ষিণা শৰ্মাৰ লগতে পৰিয়ালবৰ্গৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে । শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্যৰ বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰিছে (Assam CM Himanta Biswa Sarma) ।

শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক মন্ত্রী বিমল বড়াই শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে । মৃত্যৰ সময়ত শৰ্মাই তেওঁৰ মাতৃ সুদক্ষিণা শৰ্মাৰ লগতে ভালেংখ্যক আত্মীয়-স্বজনক এৰি থৈ গৈছে (Minister Bimal Borah)।

লগতে পঢ়ক : Rebellion in Bongaigaon BJP : বঙাইগাঁও বিজেপিত বিদ্ৰোহ, একেলগে ১৮ নেতাৰ পদত্যাগ

Last Updated :May 7, 2023, 2:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.