ETV Bharat / state

Teachers protest at Guwahati : পদ প্ৰাদেশিকীকৰণৰ দাবীত পুনৰ ৰাজপথত শিক্ষক সমাজ

author img

By

Published : Mar 28, 2023, 9:45 PM IST

পুনৰ মহানগৰী কঁপালে শিক্ষকৰ প্ৰতিবাদে ৷ গুৱাহাটীৰ চচলত প্ৰতিবাদ সাব্যস্ত কৰিলে অ-প্রাদেশীকৃত শিক্ষক-কৰ্মচাৰীয়ে ৷ অসম চৰকাৰৰ 2017 আৰু 2018 (সংশোধনী) শিক্ষানুষ্ঠান প্রাদেশিকীকৰণ আইন বাতিলৰ দাবী জনায় প্ৰতিবাদী শিক্ষকে (Non provincialized teachers protest at guwahati) ৷

Non provincialized teachers protest
পদ প্ৰাদেশিকীকৰণৰ দাবীত প্ৰতিবাদত শিক্ষক সমাজ

পদ প্ৰাদেশিকীকৰণৰ দাবীত প্ৰতিবাদত শিক্ষক সমাজ

গুৱাহাটী, 28 মাৰ্চ : অ-প্রাদেশীকৃত শিক্ষকৰ পদ প্ৰাদেশিকীকৰণৰ দাবীত মঙলবাৰে প্ৰাপ্য লাভৰ পৰা বঞ্চিত শিক্ষকৰ প্ৰতিবাদত উত্তাল হ’ল গুৱাহাটীৰ চচলৰ প্ৰতিবাদস্থলী । আজিৰ প্ৰতিবাদক শৰাইঘাটৰ শেষ ৰণ আখ্যা দি ন্যাৰ্য প্ৰাপ্তিৰ পৰা বঞ্চিত শিক্ষকে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানৰে চচলৰ পৰিৱেশ উত্তাল কৰি তোলে । সদৌ অসম অ-প্রাদেশীকৃত শিক্ষক-কৰ্মচাৰী সংস্থাৰ উদ্যোগত প্ৰতিবাদত বহে ৰাজ্যৰ প্ৰায় 5 শতাধিক শিক্ষক ৷ চলিত অসম বিধানসভাৰ বাজেট অধিৱেশনত তেওঁলোকৰ পদ প্ৰাদেশিকীকৰণ কৰাৰ ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত ন্যাৰ্য প্ৰাপ্তিৰ বাবে চৰকাৰৰ বিৰুদ্ধে বৃহৎ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি প্ৰতিবাদস্থলীৰ পৰা হুংকাৰ প্ৰদান কৰে (Non provincialized teachers protest at guwahati) ।

প্ৰতিবাদত অংশগ্ৰহণ কৰি সন্থাৰ নেতৃত্বই আক্ষেপ সহকাৰে ৰাজ্যৰ প্ৰায় 23 শ ৰাজহুৱা শিক্ষানুষ্ঠানত 19,527 গৰাকী শিক্ষকে বিগত 25/30 বছৰ ধৰি শিক্ষকতা কৰাৰ পিছতো তেওঁলোকৰ পদসমূহ প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰে । অথচ চৰকাৰে তেওঁলোকৰ পদসমূহ প্ৰাদেশিকীকৰণ আশ্বাস প্ৰদান কৰিছিল যদিও সেয়া বৰ্তমানেও আলোচনাৰ মাজত সীমাৱদ্ধ । ইতিমধ্যে প্ৰাদেশিকীকৰণৰ আশাত বন্দী প্ৰায় 400 শিক্ষকে আত্মহত্যাৰ পথ বাছি লোৱাৰ লগতে প্ৰায় 1000 শিক্ষকে বিনা বেতনে চাকৰিৰ পৰা অৱসৰ ল’বলৈ বাধ্য হৈছে (Teachers protest at Guwhati) ।

ইয়াৰোপৰি তেওঁলোকে কয় যে, সদৌ অসম অ-প্রাদেশীকৃত শিক্ষক-কৰ্মচাৰী সংস্থাই অসমৰ বঞ্চিত, প্রতাৰিত আৰু বিশেষকৈ অসম চৰকাৰৰ 2017 আৰু 2018 (সংশোধনী) শিক্ষানুষ্ঠান প্রাদেশিকীকৰণ আইনখনৰ বিৰোধিতা কৰি আহিছে । কিয়নো, এই আইনখনৰ আওতাৰ পৰা বাদ পৰিছে প্ৰায় 2300 অসম চৰকাৰৰ অনুমতি/স্বীকৃতি প্ৰাপ্ত শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰী ৷ উক্ত আইনত থকা বহু অনমনীয় ধাৰা/উপধাৰাৰ বাবে এতিয়াও প্রায় 2300 (প্রাথমিকৰ পৰা কলেজ পৰ্যায়লৈ) শিক্ষানুষ্ঠান প্রাদেশিকীকৰণৰ পৰা বাদ পৰি আছে (Teachers protest for provincialized) ।

আনহাতে শিক্ষক-কৰ্মচাৰীসকলৰ 20-30 বছৰে কৰি অহা মহান ত্যাগক গুৰুত্ব নিদি কেৱল নীতি-নিয়মক গুৰুত্ব দি সন্নিৱিষ্ট কিছুমান ধাৰা/উপধাৰাৰ বাবে 2013 আৰু 2021 চনত বহু শিক্ষক-কৰ্মচাৰীৰ পদ প্রাদেশিকীকৰণৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে । চৰকাৰৰ এনে অন্যায়ৰ বাবে প্রায় 20 হাজাৰ শিক্ষক-কৰ্মচাৰীয়ে প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত হৈ আছে । সেয়ে চৰকাৰে শিক্ষকসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ পদসমূহ প্ৰাদেশিকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাক দাবী জনাইছে (venture Teachers protest at Guwhati) ।

লগতে পঢ়ক : Govt school in Nalbari : নলবাৰীৰ এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে লাগিছে হেতা ওপৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.