ETV Bharat / state

গুৱাহাটীত হেভীৱেট প্ৰাৰ্থীৰ মনোনয়ন দাখিল, কোনে দাখিল কৰিলে মনোনয়ন ?

author img

By

Published : Mar 18, 2021, 5:34 PM IST

পূৱ গুৱাহাটী সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আৰু দিছপুৰৰ পৰা অতুল বৰাই বৃহস্পতিবাৰে মনোনয়ন দাখিল কৰে । পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা বিজেপিৰ মিত্রজোঁটৰ অগপৰ প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ কলিতাই দাখিল কৰিলে মনোনয়ন পত্র । জালুকবাৰীৰ পৰা মনোনয়ন দাখিল কৰে কংগ্ৰেছৰ প্ৰাৰ্থী ৰমেন চন্দ্ৰ বৰঠাকুৰে ।

গুৱাহাটীত হেভীৱেট প্ৰাৰ্থীৰ মনোনয়ন দাখিল
গুৱাহাটীত হেভীৱেট প্ৰাৰ্থীৰ মনোনয়ন দাখিল

গুৱাহাটী,১৮ মাৰ্চঃ গুৱাহাটীৰ ৰাজপথত শক্তি প্ৰদৰ্শন কৰি বিশাল ৰেলীৰে বৃহস্পতিবাৰে গুৱাহাটীৰ চাৰিটা সমষ্টিৰ কেইবাগৰাকী হেভীৱেট প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰে । পূৱ গুৱাহাটী সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা বিজেপিৰ মিত্রজোঁটৰ অগপৰ প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মনোনয়ন পত্র দাখিল কৰে ।

গুৱাহাটীত হেভীৱেট প্ৰাৰ্থীৰ মনোনয়ন দাখিল
গুৱাহাটীত হেভীৱেট প্ৰাৰ্থীৰ মনোনয়ন দাখিল

আনহাতে দিছপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী অতুল বৰাই আৰু জালুকবাৰী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰমেন চন্দ্ৰ বৰঠাকুৰে মনোনয়ন দাখিল কৰে । প্ৰাৰ্থীসকলে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্র দাখিল কৰে ।

উল্লেখ যে, মনোনয়ন দাখিল কৰা সময়ত সিদ্ধাৰ্থ ভট্টাচাৰ্যক সংগ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে চাইকেল চলাই মনোনয়ন দাখিল কৰিবলৈ যোৱা দেখা গ'ল সিদ্ধাৰ্থ ভট্টাচাৰ্যক ৷ উলুবাৰীৰ পৰা সমদল কৰি ভঙাগড়, গুৱাহাটী ক্লাব হৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্র দাখিল কৰে ভট্টাচাৰ্যই ।

কোনে কোনে দাখিল কৰিলে মনোনয়ন ?

আনহাতে দিছপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী অতুল বৰাই বৃহৎ সমদলেৰে পাথৰকুঁৱৰীৰ পৰা ৰেলী উলিয়াই নুনমাটি হৈ চানমাৰীৰে গৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে । সেইদৰে অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিশাল সমদল কৰি আজি মনোনয়ন দাখিল কৰে । সমান্তৰালভাৱে কংগ্ৰেছৰ জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থী ৰমেন চন্দ্ৰ বৰঠাকুৰে সোণাৰাম হাইস্কুল খেলপথাৰৰ পৰা ৰেলী উলিয়াই জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে ।

গুৱাহাটীত হেভীৱেট প্ৰাৰ্থীৰ মনোনয়ন দাখিল
গুৱাহাটীত হেভীৱেট প্ৰাৰ্থীৰ মনোনয়ন দাখিল

উল্লেখ্য যে, প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ৰাজপথত বিশাল ৰেলী উলিয়াই নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ ফলত বৃহস্পতিবাৰৰ দিনটো গুৱাহাটী মহানগৰীৰ ৰাজপথত শ্বাসৰুদ্ধ পৰিৱেশৰ সৃষ্টি হয় । ভয়াবহ যান-জঁটৰ বাবে ঘণ্টাৰ পাছত ঘণ্টা ধৰি হাজাৰ হাজাৰ লোক ৰাজপথতে আৱদ্ধ হৈ ৰয় ।

লগতে পঢ়ক: তুংগত উঠিছে ৰাইজৰ দলৰ প্ৰাৰ্থী নজৰুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.