Pathaan Controversy: পাঠানৰ প’ষ্টাৰ ফালিলেও লোৱা নহয় আইনগত ব্যৱস্থা: মুখ্যমন্ত্ৰী
Updated on: Jan 23, 2023, 8:23 PM IST

Pathaan Controversy: পাঠানৰ প’ষ্টাৰ ফালিলেও লোৱা নহয় আইনগত ব্যৱস্থা: মুখ্যমন্ত্ৰী
Updated on: Jan 23, 2023, 8:23 PM IST
পাঠান বিতৰ্ক আৰু শ্বাহৰুখ খানৰ ফোন সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ কোনোবাই আইন-শৃংখলা ভংগ কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি পূৰ্বে উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এইবাৰ ক’লে, ‘‘পাঠানৰ প’ষ্টাৰ ফালিলেও একো কৰিব পৰা নাযায় ৷’’
গুৱাহাটী, 23 জানুৱাৰী: ‘‘পাঠানৰ প’ষ্টাৰ ফালিলেও একো কৰিব পৰা নাযায় (Pathaan Controversy) ৷ কাৰণ ইয়াৰ বিৰুদ্ধে একো আইন নাই ৷ কোনো লোকে যদি পাঠান চোৱাত বাধা প্ৰদান কৰে তেন্তে ব্যৱস্থা ল’ব পৰা যাব ৷ কোনোবাই প’ষ্টাৰ ফালিব, কোনোবাই লগাব ৷ মোৰো প’ষ্টাৰ ফলা দেখা যায় ৷ কোনোবাই প্ৰশ্ন কৰিছে নে ?’’ এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷
উল্লেখ্য যে, সোমবাৰে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰা সংবাদমেলত পুনৰ চৰ্চিত হ’ল পাঠানৰ প্ৰসংগ (Assam CM on Pathaan Controversy) ৷ শনিবাৰে নিশা 2 বজাত শ্বাহৰুখ খানৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, শনিবাৰৰ মোক সন্ধিয়া শ্বাহৰুখ খানে কথা পতাৰ সময় বিচাৰি মেছেজ কৰিছিল । মই তেওঁক নিশা ২ বজাত সময় দিছিলো ফোন কৰিবলৈ (sahrukh khan called Assam CM) ৷
শ্বাহৰুখ খানে মুখ্যমন্ত্ৰীগৰাকীক ফোনযোগে পাঠানৰ বিষয়ে অৱগত কৰাৰ লগতে গুৱাহাটীৰ ঘটনাকলৈ উদ্বেগ প্ৰকাশ কৰা বুলিও সংবাদমেলত তেওঁ সদৰী কৰে ৷ লগতে, আইন শৃংখলা বজাই ৰখাটো ৰাজ্য চৰকাৰৰ কৰ্তব্য বুলি শ্বাহৰুখ খানক আস্বস্ত কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
উল্লেখ যে, পাঠানক কেন্দ্ৰ কৰি দেশজুৰি অব্যাহত আছে বিতৰ্ক ৷ পাঠানক লৈ হিন্দুত্ববাদী সংগঠনে দেশজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি থকাৰ মাজতে শুকুৰবাৰে গুৱাহাটীৰ নাৰেংগীতো বজৰং দলে প্ৰতিবাদ কৰিছিল(Protest against Pathaan )। নাৰেংগীৰ এল জি টাৱাৰৰ ডিজিটেল চিনেমা গৃহৰ সন্মুখত বজৰং দলে পাঠানৰ প’ষ্টাৰ পৰ্যন্ত ফালি জুইত জাপি দিয়াৰ লগতে পাঠান ছবি বৰ্জন কৰক, পাঠান চলিবলৈ দিয়া নহ’ব, হিন্দুৰ অপমান সহ্য কৰা নহ’ব আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল(Pathaan controversy Assam) ।
পাঠান বিতৰ্ক আৰু গুৱাহাটীত বজৰং দলৰ কাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীক(CM Himanta Biswa Sarma) সোধা এক প্ৰশ্নত মুখ্যমন্ত্ৰীগৰাকীয়ে কোন শ্বাহৰুখ খান বুলি প্ৰশ্ন কৰিছিল ৷ ইয়াৰ পিচতেই মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যই দেশজুৰি সংবাদ শিৰোনাম দখল কৰিছিল ৷ ইয়াৰ পিচতেই শ্বাহৰুখ খানে মুখ্যমন্ত্ৰীগৰাকীক ফোনযোগে যোগাযোগ কৰিছিল ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে, কোনোৱে যদি আইন ভংগ কৰে তন্তে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও উল্লেখ কৰিছিল ৷
এই সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰত হিন্দু ৰাষ্ট্ৰ আৰু হিন্দু ৰাষ্ট্ৰত হিন্দুক সন্মান কৰি চলিবই লাগিব বুলি উল্লেখ কৰি প’ষ্টাৰ ফলাসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা ল’ব পৰা নাযাব বুলি মন্তব্য কৰে ৷ লগতে, এনেধৰণৰ পাঠান ছবি আহিব আৰু যাব, এইবোৰ মই চাবলৈ নাযাওঁ ৷ সময়পালে অসমীয়া ছবি ড৹ বেজবৰুৱা-2হে চাবলৈ যাব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷
