ETV Bharat / state

Kokrajhar medical college: কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছ পাঠ্যক্ৰমৰ অনুমোদন

author img

By

Published : Feb 15, 2023, 7:22 AM IST

MBBS course at Kokrajhar Medical College
কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছ পাঠ্যক্ৰম

ৰাজ্যৰ দশমখন চিকিৎসা মহাবিদ্যালয়লৈ অনুমোদন ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ (National Medical Commission)। চলিত বৰ্ষৰ পৰাই ১০০ খন এম বি বি এছ আসনেৰে পাঠদান আৰম্ভ হ'ব কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত(NMC approved 100 MBBS seats in Kokrajhar Medical College) । টুইট যোগে মুখ্যমন্ত্রীয়ে জনালে এই কথা ।

গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী: অসমৰ বাবে এটা ভাল খবৰ দিলে কেন্দ্ৰীয় চৰকাৰে । কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছ পাঠ্যক্ৰমৰ বাবে ১০০ খন আসনৰ অনুমোদন জনালে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে (100 MBBS seats in Kokrajhar Medical College)। চলিত বৰ্ষৰ পৰাই ৰাজ্যৰ দশমখন চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম মুকলিত অনুমোদন জনাইছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে । নৱ নিৰ্মিত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়লৈ ২০২৩-২৪ চিকিৎসা শিক্ষা বৰ্ষৰ পৰা চিকিৎসা বিজ্ঞানৰ পাঠদান আৰম্ভ কৰিবলৈ আয়োগে অনুমতি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (NMC approved MBBS course in Kokrajhar Medical College)।

MBBS course at Kokrajhar Medical College
কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছ পাঠ্যক্ৰম

আয়োগৰ বিশেষজ্ঞ দলে শেহতীয়াকৈ কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আকস্মিকভাৱে পৰিদৰ্শনৰ অন্তত নৱ নিৰ্মিত চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিকে ধৰি বিভিন্ন দিশত সন্তুষ্ট হৈ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি আয়োগৰ 'মেডিকেল এছেছমেণ্ট আৰু ৰেটিং বোৰ্ড'ৰ (MARB) অধ্যক্ষই মঙলবাৰে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষক এক পত্ৰযোগে অৱগত কৰিছে (Sudden inspection of NMC at Kokrajhar Medical College) । এই পত্ৰখনত আয়োগে প্ৰকাশ কৰা মতে, নতুন চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিগত সা-সুবিধা, ৰীক্ষাগাৰ, গ্ৰন্থাগাৰ, ছাত্ৰাবাস-ছাত্ৰীবাস, চিকিৎসালয়,পৰ্যাপ্ত সংখ্যক অধ্যাপক-অধ্যাপিকা, জ্যেষ্ঠ আৱাসিক চিকিৎসকৰ উপলবদ্ধতাৰ লগতে এন এম চিৰ দ্বাৰা নিৰ্ধাৰিত চৰ্তাৱলীসমূহ পূৰণত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় সক্ষম হোৱাৰ বাবে চিকিৎসা মহাবিদ্যালয়খনক চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ আয়োগে সেউজ সংকেত আগবঢ়াইছে ।

আয়োগৰ এই অনুমতিৰ সূত্ৰে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত এম বি বি এছৰ ১০০খন আসনেৰে চলিত বৰ্ষৰ পৰা পাঠদান কৰিব পাৰিব (Srimanta Sankardev University of Health Sciences)। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । টুইটাৰ যোগে মুখ্যমন্ত্রীগৰাকীয়ে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছ পাঠ্যক্ৰমৰ বাবে ১০০ খন আসনৰ অনুমোদন জনোৱাকলৈ আনন্দ প্ৰকাশ কৰে (Reaction of CM Himanta Biswa Sarma on decision of NMC)। টুইট যোগে মুখ্যমন্ত্রীয়ে কয় যে অসমত এম বি বি এছৰ আসনৰ সংখ্যা ২০১৭ চনৰ ৭২৬ খনৰ পৰা ১৩০০ লৈ বৃদ্ধি পালে ।

MBBS course at Kokrajhar Medical College
কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছ পাঠ্যক্ৰম

ইফালে, কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়লৈ এন এম চিৰ অনুমোদনক আদৰণি জনাইছে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ( (Reaction of Minister Keshav Mahanta on decision of NMC)। এন এম চিৰ এই সিদ্ধান্তত আনন্দ প্ৰকাশ কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰবাসীৰ লগতে ৰাজ্যবাসী আৰু নতুন চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ, বিভাগীয় মূৰব্বী তথা অধ্যাপক-অধ্যাপিকা, জ্যেষ্ঠ আৱাসিক চিকিৎসককে ধৰি মহাবিদ্যালয় পৰিয়ালৰ সকলো সদস্যকে অভিনন্দন জনাইছে ।

এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকাৰ বিশেষ ভাৱে শলাগ লৈ স্বাস্থ্য মন্তৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্ব, দূৰদৰ্শী পৰিকল্পনা আৰু বিশেষ উদগণিৰ বাবেই ৰাজ্যৰ এই দশমখন চিকিৎসা মহাবিদ্যালয়েও চলিত বৰ্ষৰ পৰাই পাঠ্যক্ৰম মুকলিৰ অনুমতি লাভ কৰিবলৈ সক্ষম হ'ল । ৰাজ্যবাসীৰ বাবে আগন্তুক দিনত অত্যাধুনিক তথা সুলভ চিকিৎসা সেৱা সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই গ্ৰহণ কৰা দূৰদৰ্শী সিদ্ধান্তৰ বাবেই ৰাজ্যৰ জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ দিশত আমাৰ চৰকাৰ আগবাঢ়িছে বুলি তেওঁ কয় ।

মন্ত্ৰী কেশৱ মহন্তই পুনৰ কয় যে অহা ২০২৬ চনৰ ভিতৰত ৰাজ্যখনত ২৪খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে ইতিমধ্যে ব্যৱস্থা কৰা হৈছে । ইয়াৰ অংশ হিচাপে কালি কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ে ৰাজ্যৰ দশমখন চিকিৎসা মহাবিদ্যালয় ৰূপে এই বছৰৰ পৰাই পাঠ্যক্ৰম মুকলিৰ অনুমতি পাবলৈ সক্ষম হোৱাটো সমগ্ৰ ৰাজ্যখনৰ বাবেই অতি গৌৰৱৰ বিষয় । তেওঁ লগতে আশা প্ৰকাশ কৰে যে ২০২৩-২৪ শিক্ষা বৰ্ষৰ পৰাই এম বি বি এছ পাঠ্যক্ৰম শুভাৰম্ভ কৰিব পৰাকৈ নৱ নিৰ্মিত নলবাৰী আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়েও এনএম চিৰ অনুমতি লাভ কৰিবলৈ সক্ষম হ'ব ।

লগতে পঢ়ক:Bura Chapori Eviction : বুঢ়া চাপৰি উচ্ছেদ অভিযানৰ প্ৰথমটো দিনত ৬৯১ টা বাসগৃহ উচ্ছেদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.