ETV Bharat / state

মৃদুলা বৰুৱা-জেপি দাসলৈ নিপন গোস্বামীৰ স্মৃতিত সন্মান

author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 9:32 PM IST

Updated : Dec 20, 2023, 9:56 PM IST

Nipon Goswami award:আৰ কে ইউনিভাৰ্ছ (R K UNIVERS) ৰ উদ্যোগত এইবর্ষৰ নিপন গোস্বামী বঁটা ঘোষণা । অভিনেত্ৰী মৃদুলা বৰুৱা, জেপি দাসলৈ জীৱনজোৰা সাধনা নিপন গোস্বামী বঁটা ৷

Nipon Goswami award 2023 announced at guwahati press club today to many artist in their respective fields
এইবর্ষৰ নিপন গোস্বামী বঁটা ঘোষণা

গুৱাহাটী, 20 ডিচেম্বৰ : আৰ কে ইউনিভাৰ্ছৰ উদ্যোগত এইবর্ষৰ নিপন গোস্বামী বঁটা ঘোষণা । অসমীয়া ছবিত প্ৰতিটো চৰিত্ৰতে নিপুণ আৰু নিভাঁজ অভিনয়েৰে দৰ্শকৰ হৃদয় জয় কৰা বিশিষ্ট অভিনেতা প্ৰয়াত নিপন গোস্বামীৰ গৰিমা আৰু স্মৃতিক চিৰসজীৱ কৰি ৰখাৰ উদ্দেশ্যেৰে জীৱনজোৰা সাধনা নিপন গোস্বামী বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ চলচ্চিত্ৰ, সংগীত আৰু নাটকৰ লগতে ক্ৰীড়া, শান্তি ৰক্ষা, শিক্ষা, স্বাস্থ্য আদি মানৱ কল্যাণমূলক সেৱাসমূহলৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিসকলক নিপন গোস্বামী জীৱন জোৰা সাধনা বঁটা, নিপন গোস্বামী বঁটা আৰু নিপন গোস্বামী স্বীকৃতি বঁটা আগবঢ়োৱা হৈছে ।

দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা এই বঁটা প্ৰদান অনুষ্ঠানৰ বঁটাসমূহ নিৰ্বাচন কৰিবলৈ গঠন কৰা হৈছিল বিশেষ নিৰ্বাচনী কমিটী । উক্ত কমিটীখনত আছিল জ্যেষ্ঠ সাংস্কৃতিক সাংবাদিক তথা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰপ্ৰাপ্ত পৰিচালক শিৱাণু বৰা, অভিনেতা তথা সংগীত পৰিচালক ভগৱত প্ৰীতম দত্ত, অভিনেতা পৰিচালক দীপক ৰয় আৰু অভিনেতা মিণ্টু বৰুৱা । বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলযোগে ঘোষণা কৰা হয় এই বঁটাসমূহ ।

জীৱন জোৰা সাধনা নিপন গোস্বামী বঁটা ঘোষণা কৰা হয় অভিনেত্ৰী মৃদুলা বৰুৱালৈ আৰু বিশিষ্ট কণ্ঠশিল্পী জেপি দাসলৈ । লগতে অতনু ভূঞা, ৰিয়ান পৰাগলৈও নিপন গোস্বামী বঁটা ঘোষণা কৰা হয় । আগন্তুক মাৰ্চ মাহত গুৱাহাটীৰ জ্যোতিচিত্ৰবন ফিল্ম ষ্টুডিঅ’ৰ ৰুদ্ৰ প্ৰসাদ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব এই বঁটা বিতৰণী অনুষ্ঠান । উক্ত সংবাদমেল উপস্থিত থাকে মেলত নিপন গোস্বামীৰ পুত্ৰ অভিনেতা সিদ্ধাৰ্থ গোস্বামী, শিৱাণু বৰা, ভগৱত প্ৰীতম দত্ত, দীপক কুমাৰ ৰয়, অভিনেত্ৰী প্ৰাচী কুনাল কৌশিক, R.K. UNIVERSE ৰ সত্বাধিকাৰ ৰুণামণি কৌশিক আৰু কুন্তল কুমাৰ কৌশিকৰ লগতে প্ৰচাৰ সমন্বয়ক দৰ্শনা বৰুৱা সমন্বিতে বহু বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক : ওদালগুৰিৰ নন্দেশ্বৰ দৈমাৰীলৈ ২০২৩ বৰ্ষৰ সাহিত্য অকাদেমি বঁটা ঘোষণা

Last Updated : Dec 20, 2023, 9:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.