ETV Bharat / state

ক'ভিডক জয় কৰি স্বগৃহলৈ উভতিল বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা

author img

By

Published : Jun 11, 2021, 5:24 PM IST

nilpawan baruah
ক'ভিডক জয় কৰি স্বগৃহলৈ উভতিল বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা

সাতদিন ধৰি চলা চিকিৎসাৰ অন্তত ক'ভিডমুক্ত হ'ল বিশিষ্ট শিল্পী নীলপৱন বৰুৱা । বৰ্তমানে শিল্পীগৰাকীৰ স্বাস্থ্যজনিত কোনো সমস্যা নাই । বিগত ৫ জুনত ক'ভিডত(covid) আক্ৰান্ত হোৱা শিল্পীগৰাকীক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালত ।

গুৱাহাটী,১১ জুন: ক'ভিডমুক্ত হ’ল বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা । বিগত ৫ জুনত ক'ভিড-১৯ত আক্ৰান্ত হৈছিল শিল্পীগৰাকী। ক'ভিডত(covid) আক্ৰান্ত হোৱা শিল্পীগৰাকীক লগে লগে ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালত । বিগত ৭ দিন ধৰি চলা চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে নীলপৱন বৰুৱা।

বৰ্তমানে শিল্পীগৰাকীৰ স্বাস্থ্যজনিত কোনো সমস্যা নাই । কেইবাগৰাকীও বিশিষ্ট চিকিৎসকৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছিল বিশিষ্ট চিত্ৰশিল্পীগৰাকী । চিকিৎসকৰ দলটোৱে শুকুৰবাৰে নিজ গৃহলৈ যোৱাৰ পৰামৰ্শ দিয়ে বৰুৱাক । অৱশ্যে দুমাহৰ বাবে চিকিৎসকৰ তত্বাৱধানত থাকিব লাগিব নীলপৱন বৰুৱা ।

শুকুৰবাৰে তেওঁ হাস্পতালৰ পৰা ক'ভিডমুক্ত হৈ ঘৰলৈ উভতি যায় । উল্লেখ যে হাস্পতালত চিকিৎসাধীন অৱস্থাতে খেয়ালী মনৰ শিল্পীগৰাকীযে হাতত তুলি লৈছিল ৰং-তুলিকা ।

লগতে পঢ়ক:এমহীয়া খতিয়ান লৈ নাগপুৰৰ আৰ এছ এছ(RSS)ৰ কাৰ্যালয়লৈ মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.