ETV Bharat / state

1 বজাৰ 10টা ৰ্শীষ খবৰ

author img

By

Published : Jan 14, 2021, 1:02 PM IST

1 বজাৰ 10টা ৰ্শীষ খবৰ

1 বজাৰ 10টা ৰ্শীষ খবৰ
1 বজাৰ 10টা ৰ্শীষ খবৰ

অসমবাসীক মাঘ বিহুৰ শুভেচ্ছা জনালে হৃত্বিক ৰৌছনে

সমগ্ৰ ৰাজ্যবাসীয়ে আজি পালন কৰিছে মাঘ বিহু ৷ জ্যেষ্ঠজনৰ লগতে সকলোৱে ইজনে-সিজনক মাঘ বিহুৰ শুভেচ্ছা তথা আশীৰ্বাদ প্ৰদান কৰাৰ লগতে মেজি জ্বলাই সমাজৰ পৰা অসূয়া-অপ্ৰীতি নাশ কৰাৰ প্ৰাৰ্থনাৰে অগ্নি পূজা সম্পন্ন কৰিছে ৷

ৰাজ্যবাসীক ভোগালী বিহুৰ ওলগ জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
বৃহস্পতিবাৰে ৰাজ্যবাসীক ভোগালী বিহুৰ ওলগ জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ডিব্ৰুগড়ৰ লক্ষ্মীনগৰস্থিত নিজ গৃহত মেজি জ্বলাই অশুভ শক্তি, অপায় অমঙ্গল মেজিৰ জুয়ে পুৰি নাশ কৰক বুলি কামনা কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । সতীৰ্থ বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ লগতে মুখ্যমন্ত্ৰীৰ গৃহৰ এই কাৰ্যসূচীত উপস্থিত থাকে বিজেপি নেতা সুভাষ দত্ত ।

মেজি দাহেৰে অগ্নি দেৱতাক প্ৰণাম জনালে কলগাছিয়াৰ ৰাইজে

আজি ভোগৰ উৎসৱ ভোগালী । ভোগৰ উৎসৱ ভোগালীৰ পৰম্পৰা অনুসৰি বৃহস্পতিবাৰে ৰাতিপুৱা ৬ বজাত বন্তি প্ৰজলন কৰাৰ পিছত ৭ বজাত সকলো ৰীতি-নীতি মতে মেজি প্ৰজ্বলন কৰা হয় । মেজি প্ৰজলন কৰে কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰজ্যোতি দাসে। কলগাছিয়া ভোগালী বিহু উদযাপন সমিতিৰ উদ্যোগত কলগাছিয়াত দুদিনীয়া কাৰ্যসূচীৰে উলহ-মালহেৰে পালন কৰা হয় ভোগালী বিহু ।

ধিঙত বড়ো সম্প্ৰদায়ৰ লোক সকলে ব্যতিক্ৰমী ধৰণে উদযাপন কৰিছে ভোগালী বিহু

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ধিঙতো বড়ো জনগোষ্ঠীয় লোক সকলে উদযাপন কৰিছে ভোগালী বিহু ৷ ধিঙৰ বটাবাৰী গাঁৱৰ লোকসকলে একত্ৰিত হৈ বুধবাৰে উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খাই আনন্দ কৰা দেখা গ’ল ৷

কেন্দ্ৰই নোৱাৰিলে দিল্লী চৰকাৰে দিব বিনামূলীয়া ক’ভিড ভেকচিন

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ক’ভিড-19 ৰ প্ৰতিষেধক প্ৰদান সন্দৰ্ভত বৃহস্পতি বাবে এক পৰ্যালোচনা সভা আহ্বান কৰিছে ৷ 36 খন চৰকাৰী চৰকাৰী চিকিৎসালয় আৰু 53 খন ব্যক্তিগত চিকিৎসালয়ে প্ৰতিষেধক লাভ কৰিব ৷

বেংগালুৰুত 'Veterans' দিৱসত উপস্থিত থাকিব ৰাজনাথ সিং

বৃহস্পতি বাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অংশগ্ৰহণ কৰিব সশস্ত্ৰ বাহিনীৰ ভেটেৰানচ দিৱস উপলক্ষে আয়োজিত এক অনুষ্ঠানত ৷ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীৰ সৈতে এই অনুষ্ঠানত উপস্থিত থাকিব চীফ অৱ ডিফেঞ্চ ষ্টাফ জেনেৰেল বিপিন ৰাৱাট ৷

দেশবাসীক লোহৰীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ

সমগ্ৰ দেশবাসীক লোহৰীৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ লোহৰীৰ শুভেচ্ছা জনাই সকলোৰে সুস্বাস্থ্য কামনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

এআইইউডিএফৰে মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছৰ দ্বিধাগ্ৰস্ততা কিয় ?

কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাকলৈ বিভিন্ন মহলত চৰ্চা অব্য়াহত আছে । ইয়াৰ মাজতে ইটিভি ভাৰতৰ হাতত পৰা তথ্য মতে প্ৰদেশ কংগ্ৰেছৰ ফৈদে এআইইউডিএফৰে মিত্ৰতাৰ পোষকতা কৰিলেও উজনিৰ সৰহসংখ্যক কংগ্ৰেছ নেতাই বিচৰা নাই এই মিত্ৰতা ।

নিজ কৰ্তব্যৰ মাজতেই উৰুকা পালন মৰিগাঁৱৰ আৰক্ষীৰ

কৰ্মব্যস্ততাৰ মাজতে মৰিগাঁও জালুগুটিৰ আৰক্ষী চকীৰ জোৱান সকলে উৰুকাৰ নিশা বিহু গীতৰ তালে-তালে নাচি-বাগি উদযাপন কৰিলে হেঁপাহৰ উৰুকা ।

মাঘ বিহু-মকৰ সংক্ৰান্তি-পংগালৰ শুভেচ্ছা মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ

মকৰ সংক্ৰান্তি উপলক্ষে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বৃহস্পতিবাৰে পুৱাই ভগৱানৰ আশিস ল'বলৈ গোৰখনাথ মন্দিৰত উপস্থিত হয় ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে সকলোকে মন্দিৰ প্ৰাংগণৰ পৰাই মকৰ সংক্ৰান্তিৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.