ETV Bharat / state

Road damaged due to flood landslides in Assam: বান-ভূমিস্খলনত বিধ্বস্ত পথৰ ক্ষেত্ৰত হেমাহি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

author img

By

Published : Jan 5, 2023, 3:51 PM IST

National Highways Authority of India clueless about the road damaged due to flood landslides in Assam
বান-ভূমিস্খলনত বিধ্বস্ত পথৰ ক্ষেত্ৰত হেমাহি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

কেন্দ্ৰই চাৰিটা বছৰত আবণ্টন দিয়া ৩২৪.৮২ কোটি টকাৰ ভিতৰত ২০৭.১৬ কোটি টকাই খৰচ নকৰাকৈয়ে পেলাই থৈছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (National Highways Authority of India)। বিগত বৰ্ষৰ বানত ক্ষতিগ্ৰস্ত হৈছিল ৰাজ্যখনৰ ৪,৪৮০ কিলোমিটাৰ পথ (Road damaged due to flood landslides in Assam)৷ ৩,৭৫২ কিলোমিটাৰ ৰাজ্যিক লোকনিৰ্মাণ বিভাগৰ অধীনৰ পথ আৰু ৭২৮ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ ৷ ২০২২-২৩ বৰ্ষৰ ৩১ অক্টোবৰলৈ পথ মেৰামতিৰ নামত ৫৪.৯৫ কোটি টকা মুকলি কৰি দিয়া হয় যদিও ব্যয় কৰা হৈছে ২.৫৯ কোটি টকা ৷

গুৱাহাটী, ৫ জানুৱাৰী: বানপানী অসমৰ বাবে নতুন কথা নহয় যদিও প্ৰত্যেক বছৰে বানপানীয়ে ৰাজ্যখনৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে (Road damaged due to flood landslides in Assam)৷ ২০২২ বৰ্ষটোত প্ৰলয়ংকৰী বানে ভয়াৱহ ধ্বংসলীলাৰ সৃষ্টি কৰিছিল ৰাজ্যত ৷ ৩৩ খন জিলাত হোৱা অভাৱনীয় বানপানীয়ে পঞ্চাশ লক্ষাধিক লোকক ক্ষতিগ্ৰস্ত কৰাৰ সমান্তৰালভাৱে ভাঙি তচনচ কৰিছিল আন্তঃগাঁথনি ৷ বিশেষকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত বানপানীৰ কোবাল সোঁতে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথ তথা দলং-কালভাৰ্টৰ অৱস্থা বিধ্বস্ত কৰি তুলিছিল ৷ ৰাজ্যিক লোকনিৰ্মাণ বিভাগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ (National Highways Authority of India) তথ্য অনুসৰি কেৱল বিগত বৰ্ষৰ বানতে ক্ষতিগ্ৰস্ত হৈছিল ৰাজ্যখনৰ ৪,৪৮০ কিলোমিটাৰ পথ ৷

ইয়াৰে ৩,৭৫২ কিলোমিটাৰ ৰাজ্যিক লোকনিৰ্মাণ বিভাগৰ (PWD Department) অধীনৰ পথ আৰু ৭২৮ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ ৷ এই পথসমূহৰ একাংশ প্ৰায় নিশ্চিহ্ন হৈ পৰিছিল ৷ বানৰ কোবাল সোঁতে এই পথৰ একাংশ সম্পূৰ্ণৰূপে উটুৱাই নি নিশ্চিহ্ন কৰিছিল ৷ ইয়াৰ লগতে ডিমা হাচাও আৰু বৰাকৰ পথত হোৱা ভূমিস্খলনেও ব্যাপক হাৰত ক্ষতিগ্ৰস্ত কৰিছিল পথ যোগাযোগৰ আন্তঃগাঁথনি ৷

ইয়াৰ বিস্তৃত প্ৰতিবেদন ৰাজ্যিক লোকনিৰ্মাণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীয়ে বিগত বৰ্ষৰ জুলাই মাহৰ শেষভাগত দাখিল কৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ বাবে কেন্দ্ৰক পুঁজি বিচাৰি আবেদন জনাইছিল । এনেদৰে প্ৰতিটো বছৰতে হোৱা প্ৰলয়ংকৰী বানত ৰাজ্যখনৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষতি হয় আৰু মেৰামতিৰ বাবে পুঁজি বিচাৰি কেন্দ্ৰৰ ওচৰত প্ৰস্তাৱ দাখিল কৰা হয় ।

কেন্দ্ৰীয় চৰকাৰেও নিয়মিতভাৱে পৰিস্থিতি অনুযায়ী প্ৰতি বছৰে বান আৰু ভূমিস্খলনত বিধ্বস্ত পথ মেৰামতিৰ নামত পুঁজি আবণ্টন দি থাকে। কিন্তু সেই পুঁজি প্ৰকৃততে ব্যয় হয়নে ৷ সেয়াহে ডাঙৰ কথা। উল্লেখ্য যে কেৱল বান আৰু ভূমিস্খলনত বিধ্বস্ত হোৱা পথ মেৰামতিৰ বাবে কেন্দ্ৰই চাৰিটা বছৰত (২০১৯-২০ বৰ্ষৰ পৰা ২০২২-২৩ বৰ্ষৰ ৩১ অক্টোবৰলৈ) মুঠ ৩২৪.৮২ কোটি টকা মুকলি কৰি দিছে যদিও ৰাজ্যিক লোকনিৰ্মাণ বিভাগৰ সহযোগত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এতিয়ালৈ মাথোঁ ১১৭.৬৬ কোটি টকাহে ব্যয় কৰিছে ৷ অর্থাৎ ৰাজ্যত বান আৰু ভূমিস্খলনৰ ফলত বিধ্বস্ত হোৱা পথ মেৰামতিৰ বাবে কেন্দ্ৰই চাৰিটা বছৰত আবণ্টন দিয়া ৩২৪.৮২ কোটি টকাৰ ভিতৰত ২০৭.১৬ কোটি টকাই খৰচ নকৰাকৈয়ে পেলাই থৈছে৷ যাৰ পৰিণতিত ৰাজ্যৰ জনতাই জৰাজীৰ্ণ পথেৰেই আহ-যাহ কৰিবলগীয়া হৈছে।

লক্ষণীয় কথা যে ৰাজ্যৰ বান বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণৰ সহযোগত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী আৰু ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডে এই ধন ব্যয় কৰিব লাগে ৷ কিন্তু পৰিতাপৰ কথা যে ৰাজ্যত ৰাষ্ট্ৰীয় ঘাইপথৰ ফ'ৰলেনযুক্ত নতুন পথ নিৰ্মাণত যিদৰে হেমাহি কৰি আহিছে ঠিক তেনেদৰেই বানবিধ্বস্ত পথ মেৰামতি নকৰিও ৰাজ্যখনক লৈ হেতালি খেলি থকাৰ অভিযোগ উঠিছে ৷ উল্লেখ্য যে বিগত ৫টা বছৰত ৰাজ্যখনত নতুন ৰাষ্ট্ৰীয় ঘাইপথ মাত্র ২৩২ কিলোমিটাৰহে নিৰ্মাণ হৈছে ৷

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (Reserve Bank of India) প্ৰতিবেদন অনুসৰি ২০১৭ চনত ৰাজ্যখনত ৩,৮৪৫ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ আছিল যদিও ২০২২ চনৰ অক্টোবৰলৈ অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য হয়গৈ ৪,০৭৭ কিলোমিটাৰ৷ ইয়াৰে বিগত বৰ্ষত হৈ যোৱা প্ৰলয়ংকৰী বানতে ৭২৮ কিলোমিটাৰ পথৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। এনেদৰে প্ৰতি বছৰে বান আৰু ভূমিস্খলনত পথৰ ব্যাপক ক্ষতি হৈ অহাত মেৰামতিৰ বাবে নিয়মিতভাৱে কেন্দ্ৰই ধন মুকলি কৰি আহিছে।

তথ্য অনুসৰি ২০১৯-২০ বিত্তীয় বৰ্ষত কেন্দ্ৰই বান আৰু ভূমিস্খলনত বিধ্বস্ত হোৱা ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ নামত ২৮.৪৯ কোটি টকা দিছিল যদিও বছৰটোত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু এন এইচ আই ডি চি এলে খৰচ কৰে মাথোঁ ৩.২৮ কোটি টকা ৷ তেনেদৰে ২০২০-২১ বৰ্ষত মেৰামতিৰ নামত কেন্দ্ৰই অসমলৈ ১৩০.৬৮ কোটি টকা মুকলি কৰি দিছিল যদিও দুয়োটা প্ৰতিষ্ঠানে উক্ত বছৰটোত ৭৩.১৯ কোটি টকা খৰচ কৰে।

২০২১-২২ বৰ্ষত কেন্দ্ৰই বান বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ নামত ১১০.৭০ কোটি টকা মুকলি কৰি দিছিল যদিও প্রতিষ্ঠান দুটাই উক্ত বর্ষটোত ৩৮.৬০ কোটি টকাহে খৰচ কৰে৷ তেনেদৰে ২০২২-২৩ বৰ্ষৰ ৩১ অক্টোবৰলৈ পথ মেৰামতিৰ নামত ৫৪.৯৫ কোটি টকা মুকলি কৰি দিয়ে যদিও প্ৰতিষ্ঠান দুটাই এতিয়ালৈ মাথোঁ ২.৫৯ কোটি টকাহে ব্যয় কৰে। এনেদৰে ভগ্ন পথ মেৰামতি নকৰি প্ৰায় চাৰিটা বছৰত কেন্দ্ৰৰ দুয়োটা প্ৰতিষ্ঠানে ২০৭.১৬ কোটি টকা ৰাজকোষত পেলাই থৈছে ৷

উল্লেখ্য যে পূৰ্বৰ দৰে বিগত বছৰতো বানবিধ্বস্ত ৰাস্তা-ঘাটৰ উপৰি দলং-কালভার্টৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ তৎপৰতাত ৰাজ্যিক লোকনির্মাণ বিভাগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কেন্দ্ৰলৈ ২,৫০০ কোটি টকা বিচাৰি প্ৰস্তাৱ প্ৰেৰণ কৰিছিল।

ক্ষতিগ্ৰস্ত পথসমূহৰ ভিতৰত লোকনির্মাণ বিভাগৰ অধীনষ্ঠ পথ মেৰামতিৰ নামত ২,২০০ কোটি টকা আৰু ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ নামত ৩০০ কোটি টকাৰ প্ৰয়োজন বুলি কেন্দ্ৰক আবেদন জনাইছিল ৷ কিন্তু তথ্য অনুসৰি বিশেষভাৱে বানত বিধ্বস্ত পথ মেৰামতিৰ নামত কেন্দ্ৰই আছুতীয়াকৈ দিয়া পুঁজিৰ সৰহভাগেই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে খৰচ নকৰি পেলাই থৈ পুনৰ পুঁজি বিচৰাটো দুর্ভাগ্যজনক।

স্মর্তব্য যে বিগত বৰ্ষটোৰ বানত ৫১০ খন দলং আৰু ১,১২৬ টা কালভার্টৰো বেয়াকৈ ক্ষতি হৈছিল ৷ অসমৰ ভয়াৱহ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ বাবে দীৰ্ঘদিন ধৰি অসমৰ বিভিন্ন দল-সংগঠন আৰু জনগনে দাবী জনাই আহিছে যদিও কেন্দ্ৰই কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ আনহাতে বানপানীৰ ক্ষতিপূৰণৰ ক্ষেত্রতো কেন্দ্ৰই কৃপনালি কৰি আহিছে ৷

লগতে পঢ়ক: Arohan scheme in Assam: চৰকাৰী বিদ্যালয়ৰ মেধাৱী শিক্ষাৰ্থীয়ে লাভ কৰিব একোজনকৈ মেণ্টৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.