ETV Bharat / state

বুঢ়া আঙুলি দেখুওৱাৰ পিছতো কিয় শ্বেৰমান-শশীক বহিষ্কাৰ কৰিব পৰা নাই কংগ্ৰেছে ?

author img

By

Published : Feb 11, 2022, 2:03 PM IST

প্ৰায়ে বিতৰ্কৰ মাজত থকা দুই কংগ্ৰেছী বিধায়ক হৈছে শ্বেৰমান আলী আহমেদ আৰু শশীকান্ত দাস । দুয়োগৰাকী বৰ্তমান দলৰ পৰা নিলম্বিত । কিন্তু দলৰ প্ৰতি ভাবুকি আনিব পৰা দুয়োগৰাকী বিধায়কক কিয় বহিষ্কাৰ কৰা নাই কংগ্ৰেছে (Mystery over Congress's stand on Sheman Sashi) ৷ পঢ়ো আহক আমাৰ এই বিশেষ প্ৰতিবেদন ৷

Assam
বুঢ়া আঙুলি দেখুওৱাৰ পিছতো কিয় শ্বেৰমান শশীক বহিষ্কাৰ কৰিব পৰা নাই কংগ্ৰেছে

গুৱাহাটী, ১১ ফেব্ৰুৱাৰী : এজনে নিৰন্তৰ দলীয় নেতৃত্বৰ বিৰুদ্ধে তীৰ্যক বাক্যবাণ নিক্ষেপ কৰিয়েই আছে, আনজনে নিজে যিটো দলৰ পৰা বিধায়ক হিচাপে জিকি আহিল এতিয়াও সেই দলতেই থাকি আন এটা দলক সমৰ্থন জনোৱাৰ এক অদ্ভুত 'ফৰ্মুলা' আবিস্কাৰ কৰিছে । তৎস্বত্বেও কিন্তু এই দুয়োজন বিধায়কক দলৰ পৰা বহিষ্কাৰ কৰিবলৈ সাহস গোটাব পৰা নাই কংগ্ৰেছ দলে ।

Congress
শ্বেৰমান আলী আহমেদ

কংগ্ৰেছৰ দুই বিধায়ক শ্বেৰমান আলী আহমেদ (Controversial MLA of Assam Sherman Ali ) আৰু শশীকান্ত দাসক (MLA Sashikanta das is in controversy ) ইতিমধ্যে কংগ্ৰেছ দলৰ পৰা নিলম্বনহে কৰা হৈছে, বহিষ্কাৰ কৰা হোৱা নাই । আজিৰ তাৰিখতো দুয়োজনেই নিলম্বিত যদিও কংগ্ৰেছৰেই বিধায়ক । ইতিমধ্যে শ্বেৰমান আলী আহমেদে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ হাতত দাখিল কৰিছে তেওঁলৈ দলে দিয়া কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ ।

Congress
শশীকান্ত দাস

৯ পৃষ্ঠাজোৰা শ্বেৰমানৰ সেই উত্তৰ আছে বৰ্তমান বিধায়ক ভৰত নৰহৰ হাতত । কাৰণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ইতিমধ্যে শ্বেৰমান আলী আহমেদৰ বিষয়টো চালিজাৰি চাই এক প্ৰতিবেদন দাখিল কৰিবলৈ ভৰত নৰহক লৈ এখন সমিতি গঠন কৰি দিছে । কিন্তু ভৰত নৰহৰ দায়িত্ব সৰা উত্তৰ-" ৯ পৃষ্ঠাৰ সেই উত্তৰ পঢ়ি উঠি বুজিবলৈ মোক অলপ সময় লাগিব । "

প্ৰশ্ন উঠে, কিহৰ বাবে এই দুই বিধায়কক লৈ কংগ্ৰেছৰ ইমান হোহকা পিচলা ? ইয়াৰ কাৰণো স্পষ্ট । আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে শশীকান্ত দাস আৰু শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে কোনো কঠোৰ সিদ্ধান্ত ল'ব খোজা নাই প্ৰদেশ কংগ্ৰেছে ।

কিন্তু ৰাজ্যসভাৰ নিৰ্বাচনত যে এই দুই বিধায়ক কংগ্ৰেছৰ পক্ষত নাথাকিব সেয়া তেওঁলোকৰ কথা বতৰাৰ পৰা এতিয়াই স্পষ্ট হৈ পৰিছে । তৎস্বত্বেও কিন্তু খহনীয়াত বিধ্বস্ত কংগ্ৰেছে শ্বেৰমান-শশীক লৈ আশা এৰি দিয়া নাই ।

লগতে পঢ়ক :GMC raid: অনুজ্ঞাপত্ৰবিহীন বিপনীৰ পৰা ৮৫ হাজাৰ টকা জৰিমনা সংগ্ৰহ GMCৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.