ETV Bharat / state

2020 বৰ্ষৰ মুনিন বৰকটকী বঁটা ঘোষণা

author img

By

Published : Nov 1, 2020, 9:06 PM IST

২০২০ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা লাভ কৰিছে প্ৰতিভাৱান নৱীন গল্পকাৰ অভিজিৎ বৰাই । গল্পকাৰ গৰাকীৰ ‘ডেউকা কোবাই যায়’(পাণ্ডুলিপি) শীৰ্ষক চুটী গল্প সংকলনৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে ৷

Munin borkataki award
2020 বৰ্ষৰ মুনিন বৰকটকী বঁটা ঘোষণা

গুৱাহাটী, 1 নবেম্বৰ : ঘোষণা কৰা হ'ল ২০২০ বৰ্ষৰ ২৬ সংখ্যক মুনীন বৰকটকী সাহিত্য বঁটা ৷ এইবাৰ মুনীন বৰকটকী সাহিত্য বঁটা লাভ কৰিছে প্ৰতিভাৱান নৱীন গল্পকাৰ অভিজিৎ বৰাই । গল্পকাৰ গৰাকীৰ ‘ডেউকা কোবাই যায়’(পাণ্ডুলিপি) শীৰ্ষক চুটী গল্প সংকলনৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে ৷ এই বঁটাত আছে নগদ ৫০ হাজাৰ টকা, এটা স্মাৰক আৰু এখন প্ৰশস্তি পত্ৰ ।

Munin borkataki award
2020 বৰ্ষৰ মুনিন বৰকটকী বঁটা ঘোষণা

২০২১চনৰ ফেব্ৰুৱাৰী-মাৰ্চত অনুষ্ঠিত হ’ব লগা এক অনুষ্ঠানত গল্পকাৰ জনক প্ৰদান কৰিব এই বঁটা । উল্লেখ্য যে সু-সাহিত্যিক,সমালোচক, সাংবাদিক প্ৰয়াত মুনীন বৰকটকীৰ স্মৃতিত মুনীন বৰকটকী স্মাৰক ন্যাসে অসমীয়া ভাষাৰ তৰুণ লেখক-লেখিকাক উৎসাহ দিয়াৰ উদ্দেশ্যে ১৯৯৫ চনৰ পৰা প্ৰদান কৰি আহিছে মুনীন বৰকটকী সাহিত্য বঁটা ৷

লগতে পঢ়ক : অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠক অনুষ্ঠিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.