ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব প্ৰদান ৪০ খন বীজ পামক

author img

By

Published : Sep 30, 2022, 8:42 PM IST

Mou between Agriculture Department and Assam Seed Corporation in Janta Bhawan

জনতা ভৱনত প্ৰথমবাৰৰ বাবে কৃষি বিভাগ আৰু অসম বীজ নিগমৰ মাজত স্বাক্ষৰিত হয় এক বুজাবুজি চুক্তি(Memorandum of understanding)। কৃষক আৰু কৃষক উৎপাদক কোম্পানীসমূহৰ মাজত উৎকৃষ্ট মানৰ বীজ পৰ্যাপ্ত পৰিমাণে উপলব্ধ কৰোৱাৰ লক্ষ্য । কৃষি বিভাগৰ অধীনত থকা ৪০ খন বীজ পামক সদব্যৱহাৰ কৰাৰ উদ্দেশ্যে অসম বীজ নিগমক হস্তান্তৰ।

গুৱাহাটী,৩০ ছেপ্টেম্বৰ : ৰাজ্যৰ কৃষি খণ্ডৰ বাবে আজি এক ঐতিহাসিক দিন । আজি কৃষক আৰু কৃষক উৎপাদক কোম্পানীসমূহৰ মাজত উৎকৃষ্ট মানৰ বীজ পৰ্যাপ্ত পৰিমাণে উপলব্ধ কৰোৱাৰ উদ্দেশ্যেৰে প্ৰথমবাৰৰ বাবে কৃষি বিভাগ আৰু অসম বীজ নিগমৰ মাজত স্বাক্ষৰিত হয় এক বুজাবুজি চুক্তি(Memorandum of understanding)।

Mou between Agriculture Department and Assam Seed Corporation in Janta Bhawan
ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব প্ৰদান ৪০ খন বীজ পামক

চুক্তি অনুসৰি ৰাজ্যৰ বিভিন্ন জিলাত কৃষি বিভাগৰ অধীনত থকা ৪০ খন বীজ পামক সদব্যৱহাৰ কৰাৰ উদ্দেশ্যে কৃষি বিভাগে অসম বীজ নিগমক হস্তান্তৰ কৰে (Mou between Agriculture Department and Assam Seed Corporation) । লগতে চুক্তি মৰ্মে এই ৪০ খন বীজ পামক "ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব" প্ৰক্ৰিয়াৰে পৰিচালনা কৰাৰো সিদ্ধান্ত লোৱা হয় ।

Mou between Agriculture Department and Assam Seed Corporation in Janta Bhawan
ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব প্ৰদান ৪০ খন বীজ পামক

জনতা ভৱনত কৃষি মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত আজি এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় (Agriculture Minister Atul Bora) । আজিৰ দিনটোক অসমৰ কৃষিখণ্ডৰ বাবে ঐতিহাসিক দিন বুলি উল্লেখ কৰি মন্ত্ৰী বৰাই কয় যে, বীজ উৎপাদনত অসম হ'ব আত্মনিৰ্ভৰশীল আৰু কৃষকে লাভ কৰিবলৈ সক্ষম হ'ব উন্নত মানৰ বীজ ।

তেওঁ লগতে কয় যে এই পামসমূহৰ জৰিয়তে ৰাজ্যৰ কৃষি পথাৰত উৎপাদিত প্ৰধান শস্য ধান, মাহ, সৰিয়হ আদিৰ বীজ উৎপাদন কৰা হ'ব আৰু ভৱিষ্যতৰ দিনত কৃষকসকলক ব্যৱহাৰৰ বাবে যোগান ধৰা হ'ব ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত কৃষি বিভাগে ৰাজ্যত গুণগত মানসম্পন্ন বীজ উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ উদ্দেশ্যে বহুতো বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে (Assam CM Himanta Biswa Sarma) । তদুপৰি কৃষকৰ মাজত উন্নত বীজ উপলব্ধ কৰোৱাৰ উদ্দেশ্যে কৃষি বিভাগে বীজ উৎপাদক কোম্পানী আৰু কৃষকসকলৰ কৃষিভূমিত বীজ উৎপাদনৰ বাবেও বিভিন্ন কাৰ্যপন্থা হাতত লৈছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰে ।

Mou between Agriculture Department and Assam Seed Corporation in Janta Bhawan
ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব প্ৰদান ৪০ খন বীজ পামক

তেওঁ লগতে কয় যে, আজিৰ এই বুজাবুজি চুক্তিয়ে ৰাজ্যখনত উন্নত মানৰ বীজ উৎপাদনৰ লগতে কৃষকৰ বাবে পৰ্যাপ্ত বীজ উপলব্ধ কৰোৱাত অতি উল্লেখনীয় ভূমিকা পালন কৰিব । চুক্তি স্বাক্ষৰৰ সময়ত অসম বীজ নিগমৰ অধ্যক্ষ প্ৰবীণ হাজৰিকা, উপাধ্যক্ষ পৱন বেড়িয়া, কৃষি বিভাগৰ সঞ্চালক অনন্ত লাল জ্ঞানী, অসম বীজ নিগমৰ পৰিচালন সঞ্চালক বিদ্যুৎ বিকাশ ভাগৱতী, কৃষি বিভাগৰ অতিৰিক্ত সচিবদ্বয় সুব্ৰত আৰ বৰ্দ্ধন, তেজ প্ৰসাদ ভূশাল, যুটীয়া সচিব গুণজিৎ কাশ্যপ প্ৰমুখ্যে কৃষি বিভাগ তথা অসম বীজ নিগমৰ অন্যান্য বিষয়াসকল উপস্থিত আছিল ।

লগতে পঢ়ক: চেমখৰৰ প্ৰযোজক-পৰিচালকৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী ৰাইজৰ দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.