ETV Bharat / state

Encroachment on Forest land: বেদখলকাৰীৰ কবলত ৰাজ্য়ৰ তিনি লক্ষাধিক হেক্টৰ বনভূমি

author img

By

Published : Feb 21, 2023, 4:40 PM IST

Encroachment in Assam
অসমৰ চৰকাৰী ভূমিত বেদখল

দেশৰ ভিতৰত অসমত সৰ্বাধিক বনভূমি বেদখল হৈছে (Encroachment in Assam)। বেদখলকাৰীৰ অধিকাংশই প্ৰব্ৰজিত আৰু সন্দেহজনক লোক । ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্রাণী অভয়াৰণ্য সমূহৰ ১৬২.৮৪৭ বৰ্গ কিলোমিটাৰ এলেকা আৰু সংৰক্ষিত বনাঞ্চল সমূহৰ ৩৬২০৭৮.২০ হেক্টৰ ভূমি দখলকাৰীৰ কবলত । উজনিৰ পৰা নামনিলৈকে সংৰক্ষিত বনাঞ্চলসমূহৰ ভূমিও ব্যাপক হাৰত বেদখল হৈছে ।

গুৱাহাটী ,২১ ফেব্ৰুৱাৰী: ৰাজ্যজুৰি চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে চৰকাৰে বিশেষ অভিযান আৰম্ভ কৰিছে (Eviction on Forest land in Assam)। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে উচ্ছেদ অভিযান । লক্ষ্যনীয় বিষয় যে, কেৱল চৰ-চাপৰি অঞ্চলেই নহয়, ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্রাণী অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চলসমূহৰো বৃহৎ এলেকা বেদখলকাৰীৰ কৱলত । উদ্বেগৰ বিষয় যে, প্ৰাকৃতিকভাৱে চহকী অসমৰ বৃহৎ বনভূমি বেদখল হৈছে ।

উল্লেখ্য যে, বনভূমি বেদখল হোৱাৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে প্রথম স্থানত আছে । তথ্য মতে, বৰ্তমান সময়ত অসমৰ মুঠ ৩,৭৭,৫৩২.৬৩ হেক্টৰৰ বনভূমি দখলকাৰীৰ কবলত আছে । লক্ষ্যনীয় বিষয় যে, বেদখলৰ বিৰুদ্ধে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে উচ্ছেদ অভিযান তীব্ৰতৰ কৰি তুলিছে যদিও এই সমস্যাৰ কোনোধৰণৰ স্থায়ী সমাধান হোৱা নাই ।

Encroachment in Assam
অসমৰ চৰকাৰী ভূমিত বেদখল

চৰকাৰী তথ্য অনুসৰিয়েই ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্রাণী অভয়াৰণ্যসমূহৰ মুঠ ১৬২.৮৪৭ বৰ্গ কিলোমিটাৰ এলেকা আৰু সংৰক্ষিত বনাঞ্চলসমূহৰ ৩৬২০৭৮.২০ হেক্টৰ ভূমি দখলকাৰীৰ কবলত পৰিছে (Encroachment in National Park)। ইফালে, জনসংখ্যা বৃদ্ধিৰ ফলত নামনি আৰু মধ্য অসমৰ চৰ-চাপৰিৰ লগতে বনভূমিসমূহৰ ভূমি ব্যাপক মাত্ৰাত দখল হৈছে । এক কথাত নামনি আৰু মধ্য অসমৰ প্ৰায়সমূহ বনভূমিতেই এতিয়া বেদখলকাৰীৰ ৰাজত্ব চলিছে ।

সর্বাধিক ভূমি দখল হৈছে সোণাই ৰূপাই বন্যপ্রাণী অভয়াৰণ্য়ৰ (Encroachment in Sonai Rupai Wildlife Sanctuary) । অভয়াৰণ্যখনৰ এক তৃতীয়াংশৰো অধিক ভূমিয়েই দখল হৈছে । তথ্য অনুসৰি ২২০ বৰ্গ কিলোমিটাৰ এলেকাৰ সোণাই ৰূপাই বন্যপ্রাণী অভয়াৰণ্যৰ ৮৫ বর্গ কিলোমিটাৰ এলেকা একাংশ সন্দেহজনক প্রব্রজনকাৰী লোকে দখল কৰিছে ।

Encroachment in Assam
অসমৰ চৰকাৰী ভূমিত বেদখল

একেদৰে, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ২৮.০৯ বৰ্গ কিলোমিটাৰ, নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ৫ বৰ্গ কিলোমিটাৰ, বৰনদী বন্যপ্রাণী অভয়াৰণ্যৰ ৪ বৰ্গ কিলোমিটাৰ, লাওখোৱা বন্যপ্রাণী অভয়াৰণ্যৰ ১.৩৪৮ বর্গ কিলোমিটাৰ, বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্যৰ ৫.১৩৫ বর্গ কিলোমিটাৰ, বৰাইল বন্যপ্ৰাণী অভয়াৰণ্যৰ ২৪.৬৪ বর্গ কিলোমিটাৰ, আমচাং বন্যপ্রাণী অভয়াৰণ্যৰ ২.৭০ বর্গ কিলোমিটাৰ, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ৫.৬১ বর্গ কিলোমিটাৰ, চক্ৰশীলা বন্যপ্রাণী অভয়াৰণ্যৰ ০.১০৫ বৰ্গ কিলোমিটাৰ আৰু ভেৰজান-বৰজান-পদুমনি বন্যপ্রাণী অভয়াৰণ্যৰ ১.২১৭ বৰ্গ কিলোমিটাৰ ভূমি বেদখল হৈছে (Encroachment in Manah National Park) ।

উল্লখ্য যে, ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্রাণী অভয়াৰণ্যৰ সমানে সমানে উজনিৰ পৰা নামনিলৈকে সংৰক্ষিত বনাঞ্চলসমূহৰ ভূমিও ব্যাপক হাৰত দখল হৈছে । তথ্য মতে, গোৱালপাৰা জিলাত ৬১৯০ হেক্টৰ, দৰং জিলাত ৮০ হেক্টৰ, ধুবুৰী জিলাত ৭২.৩৬ হেক্টৰ, বঙাইগাঁও জিলাত ৭২.৩৬ হেক্টৰ, চিৰাং জিলাত ৭৩৭.৪ হেক্টৰ, ওদালগুৰি জিলাত ৩৮৬২.২ হেক্টৰ, বাক্সা জিলাত ৫৬৮৬ হেক্টৰ, নগাঁও জিলাত ৩৬৬৮.৫ হেক্টৰ, মৰিগাঁও জিলাত ২৩.৫ হেক্টৰ, হোজাই জিলাত ১১০০৬ হেক্টৰ, শোণিতপুৰ জিলাত ৩২২০০ হেক্টৰ, ধেমাজি জিলাত ৩১০০১ হেক্টৰ, শোণিতপুৰ জিলাত ৮০৪১ হেক্টৰ, বিশ্বনাথ জিলাত ২৯৫৩৩ হেক্টৰ, লখিমপুৰ জিলাত ৬৮৫৬ হেক্টৰ, তিনিচুকীয়া জিলাত ১১৬১৫.৮ হেক্টৰ, চৰাইদেউ জিলাত ৪২৮৮ হেক্টৰ, শিৱসাগৰ জিলাত ৫৫০০ হেক্টৰ ভূমি দখল হৈছে ।

Encroachment in Assam
অসমৰ চৰকাৰী ভূমিত বেদখল

তদুপৰি, যোৰহাট জিলাত ১৮৬৫১.২৯ হেক্টৰ, ডিব্ৰুগড় জিলাত ১৪৪৫.৯৭ হেক্টৰ, গোলাঘাট জিলাত ৮৭২১৩ হেক্টৰ, কোকৰাঝাৰ জিলাত ২২৬০৪ হেক্টৰ, কাছাৰ জিলাত ৫৫৯২.২ হেক্টৰ কৰিমগঞ্জ জিলাত ১৪০১৮ হেক্টৰ, হাইলাকান্দি জিলাত ১১৬১৬ হেক্টৰ, ডিমা হাছাও জিলাত ৮১০.১৬ হেক্টৰ, কাৰ্বি আংলং জিলাত ১২১৯০ হেক্টৰ, কামৰূপ গ্ৰাম্য আৰু মহানগৰ জিলাত ২৭৫০৩.৮৯ হেক্টৰ সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল হৈছে ।

লক্ষণীয় বিষয় যে, বনভূমি দখল ৰোধ কৰাৰ বাবে উচ্চতম ন্যায়ালয়েও ৰাজ্য চৰকাৰখনক নির্দেশ দিছে । ইয়াৰ পাচতেই ৰাজ্য চৰকাৰখনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে । ৰাজ্যজুৰি চৰকাৰে উচ্ছেদ অভিযান আৰম্ভ কৰিছে যদিও ৰাজ্যৰ একাংশ বিৰোধী দলে ৰাজনৈতিক অংকত এই অভিযানৰ বিৰোধিতা কৰি আহিছে ।

অৱশ্যে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যে, কোনো কাৰণতে উচ্ছেদ অভিযান বন্ধ নহয় । চৰকাৰী ভূমি বেদখলমুক্ত কৰা হ'ব । তথ্য মতে প্রৱজিত লোকৰ বাবেই ৰাজ্যৰ বহুসংখ্যক বিধানসভা সমষ্টি খিলঞ্জীয়া লোকৰ হাতৰ পৰা ওলাই গৈছে । বৰ্তমান সময়ত অবাধ বেদখলৰ সমস্যাটোৱে জটিল ৰূপ ধাৰণ কৰাৰ লগতে ৰাজ্যখনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক:Rain in Guwahati : অৱশেষত আহিল গুৱাহাটীবাসীৰ বহু প্ৰত্যাশিত বৰষুণজাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.