ETV Bharat / state

নিযুক্তি পৰীক্ষাৰ বাবে 25 খন জিলাত 144 ধাৰা জাৰী তথা ম’বাইল ইন্টাৰনেট সেৱা কৰ্তন

author img

By

Published : Aug 28, 2022, 9:09 AM IST

Updated : Aug 28, 2022, 10:26 AM IST

grade 3 recruitment exam assam
২৫খন জিলাত ১৪৪ ধাৰা, মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দেওবাৰে ৰাজ্য়ৰ 25 খন জিলাত অনুষ্ঠিত কৰা হৈছে ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰিৰ বাছনি পৰীক্ষা (Assam govt recruitment exam 2022) । পূৰ্বে ঘোষিত কঠোৰ নীতি নিয়মৰ মাজেৰে অনুষ্ঠিত কৰা হ'ব এই পৰীক্ষা (Assam Government recruitment) । ইতিমধ্যে কৰ্তন কৰা হৈছে মোবাইল ইন্টাৰনেট সেৱা ।

গুৱাহাটী,২৮ আগষ্ট: কটকটীয়া নিৰাপত্তা ব্যৱস্থা, ১৪৪ ধাৰা বলৱৎ আৰু ম'বাইল ইন্টাৰনেট সেৱা কৰ্তন আদি কঠোৰ নিৰীক্ষণ ব্যৱস্থাৰ মাজত আজি অনুষ্ঠিত কৰা হৈছে ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰিৰ বাছনি পৰীক্ষা(Grade 3 job selection test) । তৃতীয় বৰ্গৰ পদৰ বাবে ২৫ খন জিলাত ১৯০৩ কেন্দ্ৰত মুঠ আঠ লাখ ৫২ হেজাৰ ১৮১ জন প্রার্থী পৰীক্ষাত অৱতীৰ্ণ হ'ব ।

আজি দিনৰ ১০ বজাৰপৰা ১২ বজালৈ উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে অনুষ্ঠিত হ'ব পৰীক্ষা (কাকত-৩) আৰু বিয়লি দুই বজাৰপৰা চাৰি বজালৈ স্নাতক ডিগ্ৰীধাৰী প্ৰাৰ্থীসকলৰ বাবে অনুষ্ঠিত হ'ব পৰীক্ষা (কাকত- ৪) অনুষ্ঠিত হ'ব । উল্লেখযোগ্য যে, ১১ ছেপ্টেম্বৰত দিনৰ ১০ বজাৰপৰা ১২ বজালৈ তৃতীয় বৰ্গৰ (গাড়ীচালক) পদৰ বাবে দশম শ্ৰেণীত উত্তীর্ণ প্ৰাৰ্থীসকলৰ পৰীক্ষা (কাকত-৫) অনুষ্ঠিত হ'ব (Assam Government recruitment) ।

সেইদিনা ৮৭ টা কেন্দ্ৰত ৬৯,৪৫৩জন প্রার্থী পৰীক্ষাত অৱতীৰ্ণ হ'ব । ইতিপূৰ্বে ঘোষিত কঠোৰ নিয়মৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব । পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ সময়ত প্ৰতিজন পৰীক্ষাৰ্থীক তন্ন তন্নকৈ তালাচী চলোৱা হ'ব । পৰীক্ষাৰ্থী, প্রতিলিপিকাৰ (স্ক্রাইব) আৰু পৰীক্ষাৰ কামত নিয়োজিত ব্যক্তিৰ বাহিৰে অন্য কোনো লোক পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰৰ ভিতৰত থাকিব নোৱাৰিব ।

পৰীক্ষাৰ্থীসকলে প্রবেশ পত্র, কলম, পেঞ্চিল, ৰবৰ আৰু ক্রেডিট কার্ড, ডেবিট কার্ড বা তেনে ধৰণৰ কাৰ্ড লগত নিব পাৰিব । পৰীক্ষাৰ্থীসকলে মোবাইল ফোন, যিকোনো ইলেক্ট্রনিক সামগ্রী, মিডিয়া ডিভাইচ যেনে, স্মার্ট ঘড়ী, ইলেক্ট্রিক পেন, স্কেনাৰ, ব্লুটুথ ডিভাইচ, ইয়েৰ ফোন, মাইক্ৰ'ফোন বা এনে ধৰণৰ অন্য কোনো সঁজুলি, যোগাযোগৰ বাবে সক্ষম ডিভাইচ, কেলকুলেটৰ, পেন ড্রাইভ, কাগজৰ টুকুৰা, পাঠ্যক্রম সম্পৰ্কীয় সামগ্রী আৰু পৰীক্ষাত অসৎ কাৰ্য কৰিব পৰা আন যিকোনো সামগ্ৰী লগত আনিব নোৱাৰিব ।

পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ অন্তত তেওঁলোকৰ অ'এম আৰ উত্তৰবহী আৰু প্ৰশ্নকাকত জমা দিব লাগিব । অন্যথা তেওঁলোকক অনুপস্থিত বুলি গণ্য কৰা হ’ব । উল্লেখ্য যে, মোবাইল ইন্টাৰনেট সেৱা পৰীক্ষাৰ সময়খিনিতে বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল যদিও দেওবাৰে পৰীক্ষা আৰম্ভ হোৱাৰ আগৰে পৰা মোবাইল ইন্টাৰনেট সেৱা কৰ্তন কৰা হৈছে (Internet will be cut off) ।

লগতে পঢ়ক: লক্ষ্য কোঁৱৰৰ ফেচবুক একাউন্ট হেক

Last Updated :Aug 28, 2022, 10:26 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.