ETV Bharat / state

MLA Rupjyoti Kurmi : ৰূপজ্যোতি কুৰ্মীৰ বন্ধুৱে কাৰ গাত হাত তোলাৰ সম্ভাৱনা ?

author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 8:56 PM IST

MLA Rupjyoti Kurmi
বিধায়ক ৰূপজ্যোতি কুৰ্মী

ৰূপজ্যোতি কুৰ্মীৰ এনে বহুত বন্ধু তথা চৰকাৰী বিষয়া আছে, যিসকলে কেতিয়াবা কাৰোবাৰ গাত হাত তুলি দিব পাৰে ৷ কি প্ৰসংগত এই উচতনিমূলক মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ? বদৰুদ্দিন আজমলক চূড়ান্ত পৰ্যায়ৰ তাচ্ছিল্য় কৰি কুৰ্মীয়ে ক’লে,‘‘আজমলৰ মগজুটো গৰম হৈ আছে ৷’’

বিধায়ক ৰূপজ্যোতি কুৰ্মী

গুৱাহাটী, ৮ নৱেম্বৰ : ‘‘কংগ্ৰেছ দলটো ধ্বংসৰ পথত । তিনিবছৰ আগতেই কৈছিলোঁ ।’’ এই মন্তব্য শাসকীয় দলৰ বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ । কংগ্ৰেছী বিধায়ক আফতাব উদ্দিন মোল্লাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কয় বিধায়ক কুৰ্মীয়ে ।

বুধবাৰে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক কুৰ্মীয়ে কয় যে বিধায়ক আফতাব উদ্দিন মোল্লাই কংগ্ৰেছৰ অচল স্বৰূপটো দেখুৱাই দিলে । গুৰুজনাৰ নাম লোৱা তথা ঈশ্বৰৰ নাম লোৱাসকলকে অপদস্থ কৰা বিধায়ক আফতাব উদ্দিন মোল্লাক গ্ৰেপ্তাৰ কৰা কাৰ্যক আদৰণি জনাই তেওঁ ইয়াৰ বাবে মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানক ধন্যবাদ জ্ঞাপন কৰে ।

‘‘এইটো ভাল পদক্ষেপ হৈছে’’ বুলি সদৰী কৰি বিধায়ক কুৰ্মীয়ে কয় যে সাম্প্ৰদায়িক মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশ্চয়কৈ ব্যৱস্থা গ্ৰহণ কৰিব । সাংসদ বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক মন্তব্য সন্দৰ্ভত তেওঁ কয় যে আজমলে কৰা মন্তব্যৰ জুই উমি উমি জ্বলি আছে । ক'ৰবাত যদি গোষ্ঠীগত তথা ধৰ্মীয় সংঘৰ্ষ হয় তেন্তে ইয়াৰ বাবে আজমল জগৰীয়া হ'ব বুলি মন্তব্য কৰি তেওঁ ইয়াৰ বাবে অসম আৰক্ষীও জগৰীয়া হ'ব বুলি কয় ।

বিধায়কগৰাকীয়ে লগতে কয় যে তেওঁৰ বহু বন্ধু আছে যিসকলে যিকোনো সময়তে কাৰোবাৰ ওপৰত হাত তুলি দিব আৰু ইয়াৰ বাবে আজমল জগৰীয়া হ'ব । আজমলে যাতে আৰু কোনোধৰণৰ মন্তব্য কৰিব নোৱাৰে তাৰ বাবে আজমলক গ্ৰেপ্তাৰ কৰিব লাগে বুলি কয় ৰূপজ্যোতি কুৰ্মীয়ে ।

আনহাতে ‘‘আজমলৰ মূৰটো গৰম হৈ আছে’’ বুলি মন্তব্য কৰি কৰি তেওঁ কয় যে আজমলক জেইলত ভৰাই পঁইতা ভাত খুৱাই মূৰটো ঠাণ্ডা কৰিব লাগে । পঁইতা ভাত খুৱাই মূৰটো ঠাণ্ডা কৰি চাৰি-পাঁচ বছৰ পাচত আজমলক কাৰাগাৰৰ পৰা উলিয়াই দিয়াৰ বাবে ৰূপজ্যোতি কুৰ্মীয়ে ডিজিপি জি পি সিঙৰ প্ৰতি আহ্বান জনায় ।

লগতে পঢ়ক : Assam Political news: শীঘ্ৰেই গ্ৰেপ্তাৰ হ’ব ভূপেন বৰা, জেইললৈ যাব লাগিব আজমল: সাংসদ মাৰ্ঘেৰিটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.