ETV Bharat / state

এইটো কংগ্ৰেছৰ এটা ডাইৰেক্ট স্কেম: পীযুষ হাজৰীকা

author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 7:13 PM IST

Minister Piyush Hazarika slams congress over submitting application for lok sabha election
কংগ্ৰেছক কটাক্ষ

তিনি শতাধিক লোকৰ বিজেপিত যোগদান, সকলোকে দললৈ আদৰণি মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷

দললৈ আদৰণি মন্ত্ৰী পীযুষ হাজৰীকাৰ

গুৱাহাটী, ১৩ ডিচেম্বৰ : “কংগ্ৰেছে টিকট প্ৰদানৰ নামত প্ৰাৰ্থীৰ পৰা লাখ টকা সংগ্ৰহ কৰি দুৰ্নীতি কৰি আছে । এইটো তেওঁলোকৰ এটা ডাইৰেক্ট স্কেম”, কংগ্ৰেছ দলে অসমত লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা ১ লাখ টকাকৈ আবেদন মাচুল লোৱাক লৈ পুনৰ সৰৱ হৈছে মন্ত্ৰী পীযুষ হাজৰীকা ।

বুধবাৰে প্ৰাক্তন আছুৰ কেইবাশ যুৱক-যুৱতীয়ে আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে । যোগদান পৰ্বৰ পিচত মন্ত্ৰী পীযুষ হাজৰীকাই তেওঁলোক সকলোকে বিজেপি দললৈ আদৰণি জনাই সকলোৰে লগত কাম কৰি যাব বুলি মন্তব্য কৰে । দলক শক্তিশালী কৰিবলৈ কাম কৰিব বুলি উল্লেখ কৰি কয় যে, ‘আমি ৰাজ্যখনৰ বাবে কাম কৰিম, দেশৰ বাবে কাম কৰিম । আজি আমাৰ দলটোৰ বাবে ভাল খবৰ, এয়া সকলোৱে জানে । কিন্তু দলৰ ভাল খবৰ এইবাবেই যে দলে ভাল কাম কৰিছে । নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে বা আমাৰ ৰাজ্যসমূহতো ৰাজ্যিক চৰকাৰসমূহে খুব ভাল কৰাৰ কাৰণে আমি এই ফলাফল লাভ কৰিছো’ ।

মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘মধ্যপ্ৰদেশত আমাৰ চৰকাৰ আছিলেই, ৰাজস্থানত আমাৰ চৰকাৰ নাছিল, ছত্তীশগড়ত আমাৰ চৰকাৰ নাছিল, তাত কংগ্ৰেছে কৰা অপশাসনৰ বাবে তাত কংগ্ৰেছ হাৰিছে আৰু আমি জয়লাভ কৰিছো’ । মন্ত্ৰীগৰাকীয়ে কয় যে, যদিও আজি আমাৰ ভাল দিন ৰাইজৰ প্ৰতি দায়বদ্ধ হ’বলৈকে আমি বাধ্য । নিৰ্বাচনত যেতিয়া আমি জয়লাভ কৰো, ৰাইজৰ প্ৰতি আৰু অধিক দায়বদ্ধ হৈ কাম কৰিবলৈকে প্ৰচেষ্টা চলাব লাগে । তেতিয়াহে দল আগবাঢ়ি যাব, ৰাজ্য বা দেশৰ অগ্ৰগতি হ’ব । সেই অনুসাৰে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব কাম কৰিছো আৰু ভৱিষ্যতলৈ কাম কৰি যাম’ ৷

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি বিভিন্ন দলৰ আৰু বহু কেইগৰাকী নেতাই বিজেপি দলত যোগদান কৰিবলৈ আগ্ৰহী । এই তালিকা যথেষ্ট দীঘলীয়া বুলি উল্লেখ কৰি সময়ত এই তালিকা প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে তেওঁ । যিসকল লোক জাতিৰ প্ৰতি দায়বদ্ধ, দেশৰ প্ৰতি দায়বদ্ধ তেনে লোকসকলক পৰ্যায়ক্ৰমে তেওঁ দলত যোগদান কৰাব বুলি কয় । মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক পুনৰ তীব্ৰ সমালোচনা কৰি কয়, “কংগ্ৰেছে টিকট প্ৰদানৰ নামত প্ৰাৰ্থীৰ পৰা লাখ টকা সংগ্ৰহ কৰি দুৰ্নীতি কৰি আছে । ২০০ প্ৰাৰ্থীৰ পৰা টিকট দিয়াৰ নামত দুই কোটি টকা সংগ্ৰহ কৰিব, এইটো তেওঁলোকৰ এটা ডাইৰেক্ট স্কেম ।”

লগতে পঢ়ক : হিমন্ত-মোদীৰ কামে বিজেপিলৈ টানিলে আছুৰ প্ৰাক্তন নেতা দিব্যজ্যোতিক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.