ETV Bharat / state

Minister Pijush Hazarika : কংগ্ৰেছৰ বিধায়কসকলক স্থিতি স্পষ্ট কৰাৰ আহ্বান মন্ত্রী পীযুষ হাজৰীকাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 7:03 PM IST

Pijush Hazarika Reacts on Congress Allegation
মন্ত্রী পীযুষ হাজৰীকা

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উত্থাপন কৰা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্রী পীযুষ হাজৰীকাই ৷ দেৱব্ৰত শইকীয়াই কি ভিত্তিত অভিযোগ কৰিছে তেওঁ অৱগত নহয় বুলি মন্তব্য কৰে মন্ত্ৰীজনে ৷

কংগ্ৰেছৰ বিধায়ক সকলক নিজৰ স্থিতি স্পষ্ট কৰাৰ আহ্বান মন্ত্রী পীযুষ হাজৰীকাৰ

গুৱাহাটী, ১৯ অক্টোবৰ : চৰকাৰে বিৰোধীৰ বাক স্বাধীনতা খৰ্ব কৰা বুলি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উত্থাপন কৰা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্রী পীযুষ হাজৰীকাই ৷ উল্লেখ্য যে বুধবাৰে বিৰোধী দলপতিৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে চৰকাৰে বিৰোধীৰ গণতান্ত্রিক অধিকাৰ খৰ্ব কৰা সন্দৰ্ভত ৰাজ্যপালক সাক্ষাৎ কৰি এখন স্মাৰক পত্র প্ৰদান কৰিছিল ৷ প্ৰদেশ কংগ্ৰেছে চৰকাৰৰ কাম-কাজক সমালোচনা কৰাটো বিৰোধীৰ গণতান্ত্রিক অধিকাৰ বুলি সদৰী কৰি এই অধিকাৰত যাতে চৰকাৰখনে চৰকাৰী প্ৰশাসন যন্ত্ৰ প্ৰয়োগ কৰি বাধা প্ৰদান নকৰে তাৰ বাবে এটা পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে ৰাজ্যপালৰ প্ৰতি দাবী জনাইছিল ৷

প্ৰদেশ কংগ্ৰেছৰ এই অভিযোগ সন্দৰ্ভত বৃহস্পতিবাৰে মন্ত্রী পীযুষ হাজৰীকাই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ তেওঁ কয় যে দেৱব্ৰত শইকীয়াই কি ভিত্তিত অভিযোগ কৰিছে তেওঁ অৱগত নহয় ৷ কিন্তু এই প্ৰশ্নৰ উত্তৰ তেওঁলোকৰ লগতে আছে বুলি সদৰী কৰি তেওঁ কয় যে বিগত প্ৰায় ২০ দিনমানৰ পৰা তেওঁলোকৰ দলত দুৰ্বাদল কাজিয়া ৷ চৰকাৰী অনুষ্ঠানত কংগ্ৰেছৰ বিধায়ক সকল থাকিব নে নাই তাক লৈ তেওঁলোকৰ মাজত দুৰ্বাদল কাজিয়া চলিছে ৷ আনকি বিধায়ক সকলক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে ৷ তদুপৰি দলৰ নেতা-কৰ্মীক নিলম্বন কৰা হৈছে ৷ মুঠৰ ওপৰত চৰকাৰৰ লগত কোনো ধৰণৰ সহযোগ কৰিব নোৱাৰিব বুলি কংগ্ৰেছৰ বিধায়ক সকলক কাঢ়া নিৰ্দেশ দিয়া হৈছে ৷ আনকি টিকট কৰ্তনৰো ভাবুকি দিয়া হৈছে ৷ যাৰ বাবে বিগত কেইদিনত কোনো চৰকাৰী অনুষ্ঠানত কংগ্ৰেছৰ বিধায়ক সকল যোৱা নাই বুলি তেওঁ কয় ৷

মন্ত্ৰী হাজৰীকাই লগতে কয় যে কংগ্ৰেছৰ কোনো বিধায়কে যদি চৰকাৰী অনুষ্ঠানত ভাগ নলয় আৰু ওলোটাকৈ চৰকাৰী সা-সুবিধা দাবী কৰে তেন্তে সেইটো কেনেকৈ হ'ব ৷ তেওঁ কংগ্ৰেছৰ এই কাৰ্যক দুমুখীয়া স্থিতি আখ্যা দিয়ে ৷ এই দুমুখীয়া স্থিতিৰ পৰা মুকলিকৈ ওলাই অহাৰ বাবে তেওঁ কংগ্ৰেছৰ বিধায়ক সকলক আহ্বান জনায় ৷ সমষ্টিৰ উন্নয়ন বিচাৰিলে বিধায়ক সকল মন্ত্রীৰ কাৰ্যালয়লৈ আহিবই লাগিব ৷ হোৱাটচআপত চিঠি দিলে নহ'ব বুলি তেওঁ স্পষ্ট কৰি কয় যে চৰকাৰী কাৰ্যসূচীত সকলো বিধায়কৰে অংশগ্ৰহণ প্ৰয়োজনীয় ৷

এইক্ষেত্রত তেওঁ কংগ্ৰেছৰ বিধায়ক সকলক নিজৰ স্থিতি স্পষ্ট কৰাৰ বাবে আহ্বান জনাই কয় যে চৰকাৰৰ উন্নয়নমূলক কাম-কাজত বিধায়ক সকলে সহযোগিতা আগবঢ়াবই লাগিব ৷ সকলো বিধায়কেই চৰকাৰৰ অংশীদাৰ বুলি সদৰী কৰি তেওঁ পুনৰ কংগ্ৰেছৰ বিধায়ক সকলক নিজৰ স্থিতি স্পষ্ট কৰাৰ আহ্বান জনায় ৷ আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পৰিয়ালৰ লোকক আক্ৰোশমূলক ভাৱে বদলি কৰাৰ অভিযোগ সন্দৰ্ভত তেওঁ কয় যে ওপৰলৈ থু পেলালে নিজৰ গাতে পৰিব ৷ কংগ্ৰেছ দলেই এইবিলাক আৰম্ভ কৰিছিল আৰু কংগ্ৰেছ দলেই এইবিলাক ভালদৰে জানে বুলি তেওঁ কয় ৷ তেওঁ লগতে কয় যে কংগ্ৰেছৰ নেতাৰ পৰিয়ালৰ কোনো লোক বদলি নহ'ব বুলি কিবা কথা আছে নেকি ৷

লগতে পঢ়ক : Apex Bank Scam : এপেক্স বেংকৰ লগত চৰকাৰৰ কোনো সম্পৰ্ক নাই : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.