ETV Bharat / state

Pijush Hazarika: ড° হিমন্ত বিশ্ব শৰ্মাক ‘জাতীয় জীৱনৰ মহানায়ক’ আখ্যা পীযুষ হাজৰীকাৰ

author img

By

Published : Aug 19, 2023, 8:30 PM IST

Pijush Hazarika
Pijush Hazarika

“ড° হিমন্ত বিশ্ব শৰ্মা অসমৰ জাতীয় জীৱনৰ মহানায়ক ।” শেহতীয়াভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগত বিজেপিৰ ৰাজেন গোহাঁইয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ এই মন্তব্যৰে মন্ত্ৰী পীযুষ হাজৰীকাই অসমৰ জাতীয় জীৱনৰ মহানায়ক আখ্যা দিলে মুখ্যমন্ত্ৰীগৰাকীক ।

ড° হিমন্ত বিশ্ব শৰ্মাক জাতীয় জীৱনৰ মহানায়ক আখ্যা পীয়ুষ হাজৰীকাৰ

গুৱাহাটী, ১৯ আগষ্ট : শুকুৰবাৰে কেবিনেট মৰ্যাদা সম্পন্ন পদ ত্যাগ কৰি ৰাজেন গোহাঁইয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৰিছিল কেতবোৰ বিস্ফোৰক মন্তব্য । তাৰ ভিতৰত এক অভিযোগ আছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পন্ন হৈছিল । তেঁৱেই নগাঁও লোকসভা সমষ্টিটো আজমলক গতাই দিয়াৰ ব্যৱস্থা কৰিলে । শনিবাৰে ৰাজেন গোহাঁইৰ এই বিশেষ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

“ৰাজেন গোহাঁই ডাঙৰীয়াই মোক যথেষ্ট সহায় কৰিছে ৷ তাৰ বাবে মই কৃতজ্ঞ । কিন্তু ৰাজেন গোঁহাইয়ে এটা কথা কৈছে যে ড° হিমন্ত বিশ্ব শৰ্মাই সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পন্ন কৰিছে নাইবা নেতৃত্ব দিছে ৷ কিন্তু আমি সকলোৱে জানো যে ভাৰতৰ নিৰ্বাচন আয়োগেহে 'Delimitation' কাৰ্য সম্পন্ন কৰে ৷ কোনো ব্যক্তিৰ প্ৰভাৱ বা হস্তক্ষেপ ইয়াত নাথাকে ৷ ৰাজেন গোহাঁই ডাঙৰীয়া এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আছিল। ৪ বাৰৰ সাংসদ আছিল । তেখেতে কি ভাবি এইটো ক’লে তেখেতেহে জানিব ৷ ”এই মন্তব্য কৰে মন্ত্ৰী হাজৰীকাৰ ৷

এই প্ৰসংগতে মন্ত্ৰীগৰাকীয়ে কয়, “যদিহে ৰাজেন গোহাঁইয়ে কোৱাৰ দৰে সঁচাকৈয়ে হিমন্ত বিশ্ব শৰ্মাই এইটো কৰিছে তেন্তে তেওঁ অসমৰ জাতীয় জীৱনৰ মহানায়ক । কিয়নো ইয়াৰ ফলত অসমীয়াৰ হাতত ১০৪ টা সমষ্টি সংৰক্ষিত হৈ থাকিব ৷ কিন্তু মই জানো নিৰ্বাচন আয়োগেহে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে ।”

হিমন্ত বিশ্ব শৰ্মাক জাতীয় মহানায়কৰ আখ্যা দি মন্ত্ৰী পীযুষ হাজৰীকাই আজমল-শ্বেৰমান আলীৰো প্ৰসংগ উত্থাপন কৰি কৰিলে মন্তব্য ৷ মন্ত্ৰী হাজৰীকাই ক’লে, “আজমল, শ্বেৰমান আদিয়ে কৈছে যে সমষ্টি পুনৰ নিৰ্ধাৰণে মুছলমানক শেষ কৰি দিলে ৷ শ্বেৰমানে কৈছে যে মুছলমানে ৰাজনীতি কৰা বাদ দিব লাগে ৷ মুছলমানে পঢ়িব লাগে আৰু ব্যৱসায় কৰিব লাগে । গতিকে ৰাজেন গোহাঁইয়ে কোৱাৰ দৰে যদি সঁচাকৈয়ে হিমন্ত বিশ্ব শৰ্মাই কৰিছে তেন্তে হিমন্ত বিশ্ব শৰ্মা অসমৰ জাতীয় জীৱনৰ মহানায়ক।”

এক কথাত ক্ষমতাৰ কচৰৎ কৰি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিদ্ৰোহী হৈ পৰা ৰাজেন গোহাঁইক প্ৰত্যুত্তৰ দিবলৈ গৈ মন্ত্ৰী পীযুষ হাজৰীকাই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগত মুখ্যমন্ত্ৰীক প্ৰশংসাৰে উপচাই পেলালে ৷ আগবঢ়ালে জাতীয় মহানায়কৰ খিতাপ ৷


লগতে পঢ়ক: Rajen Gohain upset : 2 ঘণ্টা অপেক্ষা কৰাৰ পিচতো মুখ্যমন্ত্ৰীয়ে লগ নকৰাৰ অভিযোগ ৰাজেন গোঁহাইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.