ETV Bharat / state

Chadrayaan 3: তাৰকাগৃহত চন্দ্ৰযান-3ৰ অৱতৰণৰ সাক্ষী হ’ল মন্ত্ৰী কেশৱ মহন্ত-ৰণজিৎ কুমাৰ দাস

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 8:05 PM IST

Minister Keshab Mahanta Congratulate Team ISRO
গুৱাহাটী তাৰকাগৃহত মন্ত্ৰী কেশৱ মহন্ত আৰু ৰণজিৎ কুমাৰ দাস

বুধবাৰে গুৱাহাটী তাৰকাগৃহত সতীৰ্থ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সৈতে চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-3 ৰ লেণ্ডাৰ বিক্ৰমৰ দ্বাৰা ৰোভাৰ 'প্ৰজ্ঞান'ৰ সফল অৱতৰণ প্ৰত্যক্ষ কৰে মন্ত্ৰী কেশৱ মহন্তই ৷ ইছৰোৰ বিজ্ঞানীসকলক সফল চন্দ্ৰ অভিযানৰ বাবে অভিনন্দন জনায় মন্ত্ৰী দুগৰাকীয়ে ৷

গুৱাহাটী, 23 আগষ্ট : ভাৰতীয় মহাকাশ বিজ্ঞানে ইতিহাস ৰচি চন্দ্ৰ জয় কৰিলে ৷ চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰা প্ৰথম দেশত পৰিণত হ’ল ভাৰতবৰ্ষ ৷ দেশৰ কোটি কোটি জনতা সাক্ষী হৈ ৰ’ল এই বিৰল মুহূৰ্তৰ ৷ ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই ইছৰোৰ বিজ্ঞানীসকলক সফল চন্দ্ৰ অভিযানৰ বাবে অভিনন্দন জনায় ৷

মন্ত্ৰীগৰাকীয়ে বুধবাৰে গুৱাহাটী তাৰকাগৃহত সতীৰ্থ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সৈতে চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-3 ৰ লেণ্ডাৰ বিক্ৰমৰ দ্বাৰা ৰোভাৰ 'প্ৰজ্ঞান'ৰ সফল অৱতৰণ প্ৰত্যক্ষ কৰি উচ্ছাসিত হৈ পৰে ৷

সামাজিক মাধ্যমত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰীগৰাকীয়ে এক পোষ্টত উল্লেখ কৰিছে “India is on the Moon...মহাকাশ অন্বেষণৰ ইতিহাসত নজিৰ সৃষ্টি কৰি চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুলৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) -এ উৎক্ষেপণ কৰা চন্দ্ৰযানৰ লেণ্ডাৰ বিক্ৰমে মসৃণভাৱে অৱতৰণ কৰাৰ বিৰল তথা ঐতিহাসিক ক্ষণত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, বিজ্ঞানীসকল আৰু সমূহ ভাৰতীয়ক আন্তৰিক অভিনন্দন জনাইছোঁ ৷ চন্দ্ৰপৃষ্ঠত বিক্ৰম লেণ্ডাৰে অৱতৰণ কৰাৰ এই ক্ষণটি আমাৰ দেশৰ বাবে গৌৰৱোজ্বল ক্ষণ হিচাবে পৰিগণিত হৈ থাকিব ৷ মাননীয় সতীৰ্থ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সৈতে গুৱাহাটী তাৰকাগৃহৰ পোনপটীয়া সম্প্ৰচাৰৰ যোগেদি বিক্ৰম লেণ্ডাৰৰ অৱতৰণৰ দৃশ্যাংশ প্ৰত্যক্ষ কৰি গৌৰৱ অনুভৱ কৰোঁ ৷”

  • India is on Moon...

    आज मैं गुवाहाटी तारामंडल✨ से भारत के गौरवशाली ऐतिहासिक क्षण का साक्षी बना!

    मैं #Chandrayaan3 की सफल लैंडिंग पर पूरे देश को हार्दिक बधाई देता हूं और इस सफल मिशन के लिए भारतीय अंतरिक्ष अनुसंधान संगठन #ISRO के वैज्ञानिकों को हृदय से धन्यवाद देता हूं।

    इस क्षण… pic.twitter.com/0lQABmCNlJ

    — Ranjeet Kumar Dass (@RanjeetkrDass) August 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে যোৱা 14 জুলাইত চন্দ্ৰপৃষ্ঠলৈ উৎক্ষেপণ কৰা চন্দ্ৰযান-3 ৰ বিক্ৰম লেণ্ডাৰৰ জৰিয়তে প্ৰেৰণ কৰা প্ৰজ্ঞান ৰোভাৰে চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণ কৰে ৷ প্ৰজ্ঞান ৰোভাৰে চন্দ্ৰৰ ভৌগোলিক গাঁথনি, বাতাবৰণ, খনিজ আৰু পানীৰ সম্ভাৱনা আদি অধ্যয়ন কৰি দক্ষিণ মেৰু সম্পৰ্কে তথ্য প্ৰেৰণ কৰিব ৷ আমাৰ ভাৰতীয় বিজ্ঞানীসকলে সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে সফলতাৰে সম্পন্ন কৰা এই চন্দ্ৰযান অভিযানে ভাৰতীয় মহাকাশ গৱেষণা কাৰ্যসূচীৰ উপৰিও বিশ্বৰ মহাকাশ গৱেষণাক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি কয় মন্ত্ৰীজনে ৷

উল্লেখযোগ্য যে, কিছুসময় পূৰ্বে ইতিহাস ৰচনা কৰি চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে মসৃণভাৱে অৱতৰণ কৰে চন্দ্ৰযান-3ৰ লেণ্ডাৰ বিক্ৰমে ৷ অধীৰ আগ্ৰহেৰে ৰৈ থকা এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল সমগ্ৰ দেশবাসী ৷ চন্দ্ৰযান-3ৰ এই অৱতৰণৰ দৃশ্য লাইভযোগে প্ৰত্যক্ষ কৰিলে সমগ্ৰ দেশবাসীয়ে ৷

লগতে পঢ়ক : Chadrayaan 3: ইতিহাস ৰচিলে ভাৰতে; চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত সফল অৱতৰণ চন্দ্ৰযান-3 ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.