ETV Bharat / state

নাচিবলৈ অনা বিহুদল দুটাই মাননী বিচাৰি হাহাকাৰ লগাইছে ৰাজীৱ ভৱনত: জয়ন্ত মল্ল বৰুৱা

author img

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 4:00 PM IST

Etv Bharat
Etv Bharat

চাৰি ৰাজ্যৰ নিৰ্বাচনত তিনিখনতেই মুখ ঠেকেচা খালে কংগ্ৰেছে ৷ ইয়াকে লৈ সামাজিক মাধ্যমযোগে কংগ্ৰেছ দলক তাচ্ছিল্য কৰিছে এসময়ৰ দলটোৰ নেতা জয়ন্ত মল্ল বৰুৱাই ৷ বৰ্তমানৰ মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছে কিনি থোৱা আতচবাজীসমূহ ভূপেন বৰাই মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে ৷

গুৱাহাটী, ৩ ডিচেম্বৰ : দেশৰ চাৰি ৰাজ্যৰ নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে । গণনা অনুসৰি হিন্দী বলয়ত ধৰাশায়ী হোৱাৰ দিশে আগবাঢ়িছে কংগ্ৰেছ দল ৷ নিৰ্বাচনী ফলাফল ঘোষণাৰ পূৰ্বেই কংগ্ৰেছক সমালোচনাৰে থকা-সৰকা কৰা দেখা গৈছে বিজেপিয়ে ৷

‘‘দলৰ বিজয় উদযাপন কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কালিয়েই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে আৰু বিজয় উৎসৱত নাচিবলৈ অনা বিহুদল দুটিয়ে মাননী বিচাৰি ৰাজীৱ ভৱনত হাহাকাৰ লগাইছে ।’’ দেওবাৰে সামাজিক মাধ্যমযোগে এই মন্তব্য কৰিছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ এই কাণ্ডক অস্বাভাৱিক উদযাপনৰ ৰণনীতি বুলি কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, দেওবাৰে অনুষ্ঠিত ভোটগণনা অনুসৰি মধ্য প্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত গেৰুৱা দলৰ সপক্ষে দেখা গৈছে জনতাৰ ৰায় । আনহাতে কংগ্ৰেছে তেলেংগানাত সান্ত্বনা লাভ কৰিছে, য'ত মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ বিআৰএছৰ বিপৰীতে ৰাজ্যখনত চৰকাৰ গঠন কৰাৰ দিশে আগবাঢ়িছে কংগ্ৰেছ দল ৷

উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি হিন্দুত্ববাদী চিন্তাৰে ৰাজ্যখনত বিজেপিৰ চৰকাৰ গঠনৰ বাবে চেষ্টা কৰা দেখা গৈছিল ৷

ইফালে মধ্য প্ৰদেশত বিজেপিয়ে আত্মবিশ্বাসেৰে আধাৰসীমা অতিক্ৰম কৰিছে, ১৪৫ খন আসনত আগবাঢ়ি আছে গেৰুৱা দল ৷ বিপৰীতে কংগ্ৰেছ আগবাঢ়ি আছে ৪২ টা সমষ্টিত ৷ ৰাজস্থানে ৰাজ্যখনৰ পৰম্পৰা অনুসৰণ কৰা দেখা গৈছে, কিয়নো বিজেপিয়ে ক্ষমতাৰ পৰিৱৰ্তনৰ ওপৰত দৃষ্টি ৰাখিছে । ছত্তীশগড়ত বিজেপিক শাসনাধিষ্ঠিত কংগ্ৰেছতকৈ আগবাঢ়ি যোৱা দেখা গৈছে ।

আনহাতে সকলোৱে মিজোৰাম নিৰ্বাচনৰ ফলাফলৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংখ্যাগৰিষ্ঠতা থকা ৰাজ্যখনত দেওবাৰে পালন কৰা প্ৰাৰ্থনাৰ প্ৰতি সন্মান জনাই ৪ ডিচেম্বৰত ভোটগণনাৰ দিন ধাৰ্য কৰা হৈছে ৷

লগতে পঢ়ক : ৪ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলে লোকসভা নিৰ্বাচনত প্ৰভাৱ পেলাব: বিনোদ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.