ETV Bharat / state

অসম-মেঘালয় সীমা সমস্যাঃ ২৭ মাৰ্চত দিল্লীত চূড়ান্ত বৈঠক

author img

By

Published : Mar 24, 2022, 3:59 PM IST

অসম আৰু মেঘালয়ৰ সীমান্তত অৱস্থিত ছয়টা বিবাদমান স্থান সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হব ২৭ মাৰ্চত । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত ২৭ মাৰ্চত দিল্লীত অনুষ্ঠিত হ'ব এখন অত্যন্ত গুৰুত্বপূৰ্ণ বৈঠক ।

delhi meeting on border
অসম-মেঘালয় সীমা সমস্যাঃ

গুৱাহাটী, ২৪ মাৰ্চ: অসম আৰু মেঘালয়ৰ সীমান্তত অৱস্থিত ছয়টা বিবাদমান স্থান (Disputed areas in Assam Meghalya border) সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হব ২৭ মাৰ্চত । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত ২৭ মাৰ্চত দিল্লীত অনুষ্ঠিত হ'ব এখন অত্যন্ত গুৰুত্বপূৰ্ণ বৈঠক(meeting in Delhi on Assam Meghalay border issue) ।

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ উপস্থিতিত অনুষ্ঠিত হবলগীয়া এই বৈঠকখনতে দুয়োখন ৰাজ্যৰ সীমান্তত থকা ছয়টা বিবাদমান স্থান সন্দৰ্ভত গ্ৰহণ কৰা হব চূড়ান্ত সিদ্ধান্ত । ৰাজ্যৰ গৃহ বিভাগৰ এক সুত্ৰই জানিবলৈ দিছে এই কথা ।

মনকৰিবলগীয়া যে উত্তৰ পূৱৰ ৰাজ্যসমূহৰ মাজত চলি থকা সীমা সমস্যা নোহোৱা কৰিবৰ বাবে সীমা পুণৰগঠনৰ বাবে সংসদত এক সংশোধনী প্ৰস্তাৱ গৃহীত হব লাগিব । সেই প্ৰস্তাৱ সংসদত উত্থাপনৰ পূৰ্বে সংশ্লিষ্ট ৰাজ্য দুখন পাৰস্পৰিক বুজাবুজিৰে এক ঐক্যবদ্ধ সিদ্ধান্তত উপনীত হব লাগিব । সেই চূড়ান্ত ঐক্যবদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিবলৈকে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত ২৭ মাৰ্চত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত এই বৈঠক অনুস্থিত হব বুলি সুত্ৰটোৱে প্ৰকাশ কৰিছে ।

২৭ মাৰ্চৰ উক্ত বৈঠকত অসম আৰু মেঘালয়ৰ মাজত এখন চুক্তিও স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে । এই চুক্তি স্বাক্ষৰ হোৱাৰ পিছতহে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সংসদত উক্ত সংশোধনী প্ৰস্তাৱ উত্থাপন কৰিব । অসম-মেঘালয়ৰ সীমান্তত মুঠ বিবাদমান স্থান আছে ১২ টা ।

ইয়াৰে ভিতৰত প্ৰথম পৰ্যায়ত ছয়টা স্থানৰ বিবাদ নিস্পত্তি কৰিবলৈ দুয়োখন ৰাজ্যই ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে । সেই অনুসৰি উক্ত ছয় বিবাদমান স্থানৰ অন্তৰ্ভুক্ত হৈ থকা মুঠ ৩৬ খন গাঁৱৰ ৩০ খনেই মেঘালয়ে লাভ কৰিব । যাক লৈ ইতিমধ্যে অসমৰ ৰাজনীতি আৰু সমাজ জীৱনত কিছুদিনৰ পূৰ্বে তীব্ৰ প্ৰতিবাদো হৈছিল ।

বিবাদমান এই ৩৬ খন গাঁৱৰ মাটিকালি হৈছে ৩৬.৯ বৰ্গ কিলোমিটাৰ । এই বিবাদমান অঞ্চল সমূহৰ ভিতৰত হাহিমত মেঘালয়ে দাবী কৰিছিল ১২ খন গাঁও । কিন্তু লাভ কৰিব ১১ খন । একেদৰে গিজাঙত মেঘালয়ে তিনিখন গাঁও দাবী কৰিছিল যদিও দুখনহে লাভ কৰিব । তাৰাবাৰীত মেঘালয়ে লাভ কৰিব ৮ খন গাঁও । আনহাতে, সীমান্তৰ বক্লাপাৰা অঞ্চল থাকিব মেঘালয়ৰ লগত আৰু জুমি অঞ্চল থাকিব অসমৰ লগত ।

খানাপাৰা আৰু পিলিংকাটাৰ একোটাকৈ অঞ্চলৰ উপৰিও বৰপথাৰ আৰু মাইকলী অঞ্চল মেঘালয়ত অন্তৰ্ভুক্ত হব । সীমান্তৰ উমপীৰডেট, মালিডৰ আৰু ৰাতাচেৰাৰ দুখন গাঁও বাদ দি বাকী সমস্ত অঞ্চল মেঘালয়ত অন্তৰ্ভুক্ত হব । মেঘালয়ে লাভ কৰিবলগীয়া এই ৩০ গাঁৱৰ মাটিকালিৰ মুঠ পৰিমাণ হব ১৮ বৰ্গ কিলোমিটাৰ ।

লগতে পঢ়ক: বনভূমিত ভূমি পট্টাৰ বাবে অজনজাতীয় লোকে দেখুৱাব লাগিব 75 বছৰৰ আৱাসিক প্ৰমাণ পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.