ETV Bharat / state

Assam-Mizoram border problem : আইজলত হ'ব দুই ৰাজ্যৰ মন্ত্রী পৰ্যায়ৰ বৈঠক

author img

By

Published : Aug 6, 2022, 7:21 PM IST

border problem
border problem

মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত যাব অসমৰ পাঁচজনীয়া দল । আইজলত ৯ আৰু ১০ আগষ্টত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব বৈঠক । মিজোৰামৰ গৃহমন্ত্ৰী লালচামলিয়ানাৰ নেতৃত্বত মিজোৰামৰ প্রতিনিধি দলে বৈঠকত অংশগ্রহণ কৰিব । দুদিনীয়া বৈঠকখনত দুয়োখন চৰকাৰৰ প্রতিনিধিবৰ্গই ৰাজ্য দুখনৰ মাজৰ দীর্ঘদিনীয়া সীমা সমস্যাৰ স্থায়ী আৰু শান্তিপূর্ণ সমাধান সূত্র উলিওৱাৰ বাবে আলোচনা কৰিব (Meeting in Aizwal about Assam Mizoram border dispute)।

গুৱাহাটী, ৬ আগষ্ট : চুবুৰীয়া ৰাজ্যৰে থকা দীৰ্ঘদিনীয়া সীমাবিবাদৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিশেষ উদ্যোগ গ্ৰহণ কৰিছে (CM Himanta Biswa Sharma special initiatives about border dispute) । ইতিমধ্যে মেঘালয়ৰ সৈতে থকা সীমাবিবাদৰ কিছু অংশত মীমাংসা কৰা হৈছে । অৰুণাচল প্ৰদেশৰ সৈতেও আলোচনা চলি আছে । মিজোৰামৰ সৈতে থকা সীমাবিবাদৰ সমস্যা মীমাংসা কৰাৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে (CM Himanta Biswa Sharma special initiatives about border dispute)।

অসম-মিজোৰাম আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ উদ্যোগ
অসম-মিজোৰাম আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ উদ্যোগ

অসম-মিজোৰাম আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে গ্ৰহণ কৰা উদ্যোগৰ অংশ হিচাপে অহা ৯ আৰু ১০ আগষ্টত মিজোৰামৰ ৰাজধানী আইজলত ৰাজ্য দুখনৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব । অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত পাঁচজনীয়া এটা প্রতিনিধি দলে এই বৈঠকত অংশগ্রহণ কৰিব (Assam Border Security and Development Minister Atul Bora)।

আইজলত অসম-মিজোৰাম মন্ত্রী পৰ্যায়ৰ বৈঠক
আইজলত অসম-মিজোৰাম মন্ত্রী পৰ্যায়ৰ বৈঠক

ৰাজ্যৰ নগৰ উন্নয়ন আৰু গৃহ নিৰ্মাণ বিভাগৰ মন্ত্ৰী অশোক সিংঘালৰ (Urban Development and Housing Minister Ashok Singhal) লগতে সীমান্ত সুৰক্ষা আৰু উন্নয়ন আয়ুক্ত আৰু সচিব জি ডি ত্ৰিপাঠীকে ধৰি তিনিজন শীর্ষ বিষয়া মন্ত্ৰী অতুল বৰাৰ সৈতে যাব ।

অসমৰ পাঁচজনীয়া প্রতিনিধি দলটো ৯ আগষ্টত আইজলত উপস্থিত হ’ব । মিজোৰামৰ গৃহমন্ত্ৰী লালচামলিয়ানাৰ নেতৃত্বত মিজোৰামৰ এটা প্রতিনিধি দলে বৈঠকত অংশগ্রহণ কৰিব (Mizoram Home Minister Lalchamliana and others attend meeting) । দুদিনীয়া বৈঠকখনত দুয়োখন চৰকাৰৰ প্রতিনিধিবৰ্গই চুবুৰীয়া ৰাজ্য দুখনৰ মাজৰ দীর্ঘদিনীয়া সীমা সমস্যাৰ স্থায়ী আৰু শান্তিপূর্ণ সমাধান সূত্র উলিওৱাৰ বাবে আলোচনা কৰিব বুলি সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ আয়ুক্ত আৰু সচিব জি ডি ত্রিপাঠীয়ে জানিবলৈ দিয়ে ।

আইজলত হ'ব দুই ৰাজ্যৰ মন্ত্রী পৰ্যায়ৰ বৈঠক
আইজলত হ'ব দুই ৰাজ্যৰ মন্ত্রী পৰ্যায়ৰ বৈঠক

উল্লেখ্য যে অসম-মিজোৰাম সীমাৰ কাছাৰ জিলাৰ বিবদমান অঞ্চলত প্ৰায় এবছৰ পূৰ্বে মিজো আৰক্ষীয়ে কৰা গুলীচালনাৰ ঘটনাত অসম আৰক্ষীৰ ছজন লোককে ধৰি অসমৰ মুঠ সাতজন লোকে প্রাণ হেৰুৱাবলগা হৈছিল । তাৰ পিছত দুয়োখন ৰাজ্যৰ প্ৰতিনিধিয়ে আইজলত বৈঠকত মিলিত হৈ আলোচনাৰ মাধ্যমেৰে আন্তঃৰাজ্যিক সীমাবিবাদ নিষ্পত্তিৰ উদ্যোগ গ্রহণ কৰিছিল ।

ইয়াৰ পৰৱৰ্তী সময়ত অর্থাৎ বিগত নৱেম্বৰ মাহত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীদ্বয়ে নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ (Home Minister Amit Shah) উপস্থিতিত আন্তঃৰাজ্যিক সীমাবিবাদ নিষ্পত্তি বিষয়ক লৈ এখন বৈঠকত মিলিত হৈ অঞ্চলটোত শান্তি-সম্প্ৰীতি বৰ্তাই ৰখাৰ সিদ্ধান্ত গ্রহণ কৰে । এই বৈঠকতে দীর্ঘদিনীয়া সীমা সমস্যাৰ সমাধান সূত্ৰ উলিওৱাৰ বাবে দুয়োখন ৰাজ্য চৰকাৰে মন্ত্ৰীৰ নেতৃত্বত একোখন সমিতি গঠনৰ সিদ্ধান্ত গ্রহণ কৰিছিল ।

এই উদ্যোগৰ অংশ হিচাপে অহা ৯ আৰু ১০ আগষ্টত আইজলত দুয়োখন ৰাজ্যৰ মন্ত্ৰী নেতৃত্বাধীন প্রতিনিধি গোটৰ দুদিনীয়া বৈঠক অনুষ্ঠিত হ'ব । এই বৈঠকতে পৰৱৰ্তী ৰূপৰেখা প্ৰস্তুত কৰা হ'ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Indian Army Seminar: ভাৰতীয় সেনাৰ আলোচনাচক্ৰৰ সামৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.