Covid Vaccination : বহুলোকে অন্ধবিশ্বাস-অপপ্ৰচাৰৰ বাবে লোৱা নাই ভেকচিন

author img

By

Published : Nov 12, 2021, 9:23 PM IST

Many people have not taken covid vaccine

দিছপুৰত সাতখন জিলাৰ খিলঞ্জীয়া পন্থাৰ প্ৰতিনিধি, খ্ৰীষ্টান ধৰ্মীয় নেতৃত্ব, সামাজিক কৰ্মীৰে স্বাস্থ্যমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক । এতিয়াও এলেকাৰ কেইবা হাজাৰ লোকে বিভিন্ন উৰা বাতৰি, অপপ্ৰচাৰ, অন্ধবিশ্বাস আদিৰ বাবে ক'ভিড প্ৰতিষেধককলৈ দ্বিধাগ্ৰস্ত আৰু অনিচ্ছুক হৈ আছে।

গুৱাহাটী, ১২ নৱেম্বৰ : নৱেম্বৰৰ ভিতৰত ৰাজ্যৰ ১০০ শতাংশ যোগ্য লোকৰ প্ৰথম পালি ক'ভিড ভেকচিন প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে জোৰদাৰ প্ৰয়াস চলাইছে । এতিয়াও ক'ভিড প্ৰতিষেধক নোলোৱাকৈ থকা সকলো যোগ্য লোকক ক'ভিডৰ সুৰক্ষা কৱচস্বৰূপ প্ৰতিষেধক গ্ৰহণৰ বাবে উৎসাহী কৰি তোলাৰ উদ্দেশ্যে ধৰ্মগুৰু, খিলঞ্জীয়া পন্থাৰ নেতৃত্ব তথা স্থানীয় সামাজিক কৰ্মীসকলক বিশেষ উদ্যোগ ল'বলৈ আহ্বান জনাইছে ৰাজ্য চৰকাৰে ।

এই সন্দৰ্ভত দিছপুৰৰ জনতা ভৱনত শুকুৰবাৰে সাতখন জিলাৰ থলুৱা লোক-বিশ্বাস অনুসৰণকাৰী পন্থাৰ প্ৰতিনিধি, খ্ৰীষ্টান ধৰ্মীয় নেতৃত্ব আৰু সামাজিক কৰ্মকৰ্তাৰ সৈতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু মুখ্য সচিব জিষ্ণু বৰুৱাই এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । কোকৰাঝাৰ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, গোৱালপাৰা, ওদালগুৰি, শোণিতপুৰ আৰু কামৰূপ(মহানগৰ) জিলাৰ একুৰিৰো অধিক ধৰ্মীয় নেতা, থলুৱা পন্থাৰ প্ৰতিনিধি আৰু সামাজিক কৰ্মীয়ে এই বৈঠকত অংশগ্ৰহণ কৰে ।

Many people have not taken covid vaccine
বহুলোকে অন্ধবিশ্বাস-অপপ্ৰচাৰৰ বাবে লোৱা নাই ভেকচিন

স্বাস্থ্য বিভাগৰ সচিব সিদ্ধাৰ্থ সিং, এন এইচ এমৰ ৰাজ্যিক সঞ্চালক ডাঃ এছ লক্ষ্মনন, পৰিয়াল কল্যাণ সঞ্চালক মুনীন্দ্ৰনাথ নাটে আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ লগতে চাৰিখন জিলাৰ অতিৰিক্ত উপায়ুক্তই বৈঠকত অংশগ্ৰহণ কৰে । বৈঠকত উক্ত জিলা কেইখনৰ লগতে ডিমা হাচাও, কাছাৰ, বাক্সা, দৰং আৰু চিৰাঙকে ধৰি কেইবাখনো জিলাৰ বহু ভিতৰুৱা, পাহাৰীয়া, সীমান্তৱৰ্তী তথা চাহ বাগিচা অঞ্চলৰ বহু অংশত এতিয়াও বেছিভাগ লোকেই ক'ভিড প্ৰতিষেধক ল'বলৈ অনিচ্ছুক হৈ ৰোৱাৰ কাৰকসমূহৰ বিষয়ে বিস্তাৰিত ভাৱে আলোচনা কৰা হয় ।

Many people have not taken covid vaccine
বহুলোকে অন্ধবিশ্বাস-অপপ্ৰচাৰৰ বাবে লোৱা নাই ভেকচিন

লগতে পঢ়ক: DU PG Admission: 17 নৱেম্বৰত প্ৰকাশ পাব নামভৰ্তিৰ প্ৰথমখন Merit List

বৈঠকত স্বাস্থ্যমন্ত্ৰী, মুখ্য সচিব, স্বাস্থ্য বিভাগৰ সচিব আৰু এন এইচ এমৰ ৰাজ্যিক সঞ্চালকে ক'ভিড প্ৰতিষেধক গ্ৰহণৰ জৰুৰী প্ৰয়োজনীয়তা আৰু উপযোগিতা সম্পৰ্কে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ৰাজ্যবাসীক ক'ভিড অতিমাৰীৰ পৰা সুৰক্ষিত কৰাৰ বাবে নৱেম্বৰৰ ভিতৰতে ৰাজ্যখনে এশ শতাংশ যোগ্য লোকক প্ৰথম পালি ক'ভিড প্ৰতিষেধক দি সম্পূৰ্ণ কৰিবলৈ চৰকাৰে লক্ষ্য নিৰ্দিষ্ট কৰাৰ বিষয়েও অৱগত কৰে ।

ইতিমধ্যে ৰাজ্যত ১৮ বছৰৰ ঊৰ্দ্ধৰ ২.০৪ কোটিৰো অধিক লোকে ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰাৰ বিপৰীতে এতিয়াও কোকৰাঝাৰ জিলাৰ কচুগাঁও, চৰাইবিল, শোণিতপুৰৰ ঢেকিয়াজুলী, গোৱালপাৰাৰ ৰঙাজুলি, পশ্চিম কাৰ্বি আংলঙৰ জিৰিকান্দিং, উমপাইনাইৰ লগতে গোৱালপাৰা আৰু ওদালগুৰিৰ বহু ভিতৰুৱা গাৰো গাঁও, বিটিআৰৰ ভুটান সীমাৱৰ্তী এলেকাত কেইবা হাজাৰ লোকে বিভিন্ন উৰা বাতৰি, অপপ্ৰচাৰ, অন্ধবিশ্বাস আদিৰ বাবে ক'ভিড প্ৰতিষেধককলৈ দ্বিধাগ্ৰস্ত আৰু অনিচ্ছুক হৈ আছে ।

লগতে পঢ়ক: INDO CHINA BORDER CONFLICT : কেনেদৰে সাজু হৈছে ভাৰতীয় জোৱান ?

জিলাকেইখনৰ এই অঞ্চলসমূহৰ বাসিন্দাসকলৰ মাজত ক'ভিড প্ৰতিষেধক গ্ৰহণৰ উপযোগিতাৰ বিষয়ে জনসজাগতা বৃদ্ধি আৰু ক'ভিড প্ৰতিষেধক সম্পৰ্কীয় উৰা বাতৰি-অপপ্ৰচাৰ আদিয়ে সৃষ্টি কৰা বিভ্ৰান্তি আঁতৰাই ৰাইজক প্ৰতিষেধক ল'বলৈ উৎসাহী কৰিবলৈ স্থানীয় গীৰ্জাঘৰ, থলুৱা পন্থাৰ প্ৰতিনিধি আৰু সামাজিক কৰ্মীসকলে জিলা প্ৰশাসনৰ সহযোগত ১৪ নৱেম্বৰৰ পৰাই সক্ৰিয়তাৰে উদ্যোগ ল'বলৈ স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যসচিবে জনোৱা আহ্বানলৈ বৈঠকত অংশগ্ৰহণকাৰী ধৰ্মীয় নেতা-প্ৰতিনিধিসকলে পূৰ্ণ সঁহাৰি জনায় ।

এইক্ষেত্ৰত তেওঁলোকক সকলো ধৰণৰ সহযোগিতা আগবঢ়াবলৈ সংশ্লিষ্ট জিলাৰ উপায়ুক্ত আৰু স্বায়ত্ব পৰিষদৰ প্ৰধান সচিবসকলক আজিৰ ভিতৰতে মুখ্য সচিবে নিৰ্দেশনা আগবঢ়াব । জিলা উপায়ুক্তসকলে স্থানীয় ধৰ্মীয় নেতা-সামাজিক কৰ্মী আৰু বিশিষ্ট লোকৰ সহযোগত এনে গাঁও-অঞ্চলসমূহত বাসিন্দাসকলৰ মাজত ক'ভিড প্ৰতিষেধকক লৈ থকা দ্বিধাগ্ৰস্ততা আঁতৰোৱাৰ বাবে প্ৰয়োজনীয় কাৰ্যপৰিকল্পনা স্থিৰ কৰিব ৷

লগতে পঢ়ক: Financial scam: চিআইডিয়ে গ্ৰেপ্তাৰ কৰিলে এমট্ৰ’নৰ গাণনিক বিষয়া ৰাহুল হুজুৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.