Maharashtra political crisis: ৰেডিশ্বনত অব্যাহত মহাৰাষ্ট্ৰৰ শ্বাসৰুদ্ধকাৰী ৰাজনৈতিক নাটক

author img

By

Published : Jun 24, 2022, 12:12 PM IST

w

আজিও অন্ত পৰা নাই হোটেল ৰেডিশ্বন ব্লুত মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙা-পতাৰ শ্বাসৰুদ্ধকাৰী ৰাজনৈতিক নাটকৰ ( Maharashtra political crisis)। দেশবাসীৰ দৃষ্টি এতিয়া গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত। কোনফালে গতি কৰিব মহাৰাষ্ট্ৰৰ ৰাজনৈতিক দৃশ্য়পট ।

গুৱাহাটী,২৪ জুনঃ মহাৰাষ্ট্ৰত চৰকাৰ ভঙা-পতাৰ শ্বাসৰুদ্ধকাৰী ৰাজনৈতিক নাটকখনৰ আজিও যৱনিকা পৰা নাই । বৰং সঘনে সলনি হৈছে ইয়াৰ দৃশ্যপট (Maharashtra political drama continue ) । বুধবাৰৰ পৰা কাৰ্যতঃমহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অভিকেন্দ্ৰ হৈ পৰিছে গুৱাহাটীৰ হোটেল ৰেডিচন ব্লু । দেশৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু হৈ পৰিছে গুৱাহাটীৰ এই হোটেলখন (Radission Blue)।বুধবাৰে মহাৰাষ্ট্ৰ চৰকাৰৰ ৪০ জনীয়া বিসম্বাদী বিধায়কৰ দল এটা লৈ গুৱাহাটীলৈ আহি বাহৰ পাতিছে বিসম্বাদী শিবিৰৰ নেতৃত্ব দিয়া শিৱসেনাৰ নেতা একনাথ সিন্দেই। তাৰ পাছৰে পৰাই বিগত দুদিন ধৰি গুৱাহাটী দেশৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু হৈ পৰে।

গুৱাহাটীত বাহৰ পাতিয়েই একনাথ সিন্দে নেতৃত্বাধীন বিসম্বাদী শিবিৰে শক্তি প্ৰদৰ্শনৰ কুচ-কাৱাজত অৱতীৰ্ণ হৈছে । ইফালে,বুধবাৰৰ পৰাই দুই-চাৰিজনকৈ শিৱসেনা আৰু নিৰ্দলীয় বিধায়কৰ আগমন ঘটি আছে বিসম্বাদী শিবিৰলৈ । ইতিমধ্যে ৪২গৰাকী বিধায়কৰ সমৰ্থন থকাৰ কথা উল্লেখ কৰিছে একনাথ সিন্দেই । সংখ্যাৰ খেলৰ এই অংকক লৈ এতিয়া ব্যস্ত বিসম্বাদী শিবিৰ । লক্ষণীয় বিষয় যে ৰেডিশ্বন ব্লুলৈ বিধায়কৰ আগমনৰ ধাৰা অব্যাহত আছে ।

guwahati
Maharashtra political crisis:ৰেডিচনত অব্যাহত মহাৰাষ্ট্ৰৰ শ্বাসৰুদ্ধকাৰী ৰাজনৈতিক নাটক

অসম চৰকাৰৰ তত্বাৱধানত ৰাজ-আতিথ্যত আছে মহাৰাষ্ট্ৰ বিসম্বাদী বিধায়ক সকল । বিগত দুদিন ধৰি এখনৰ পাছত আনএখনকৈ বৈঠক অনুষ্ঠিত কৰি মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ণয়ত ব্ৰতী হৈ আছে বিসম্বাদী বিধায়কসকল । এইক্ষেত্রত সহযোগী হিচাপে আছে বিজেপি । এতিয়া যেন দিল্লী আৰু দিছপুৰৰ ওপৰতে নিৰ্ভৰ কৰিছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ভৱিষ্যৎ । মহাৰাষ্ট্ৰত চৰকাৰ ভঙা-পতাৰ খেল দিল্লী আৰু দিছপুৰৰ পৰাই নিয়ন্ত্ৰণ হৈ আছে । যিকোনো সময়ত পট পৰিৱৰ্তন হ'ব পাৰে ।

মহাৰাষ্ট্ৰত চৰকাৰ ভঙা-পতাৰ গুৱাহাটীত চলি থকা ৰাজনৈতিক খেলখনত অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা সন্মূখত নাই যদিও আঁৰৰ পৰাই যেন সকলো নিয়ন্ত্ৰণ কৰি আছে । বুধবাৰৰ পৰা সমগ্ৰ দেশৰ দৃষ্টি মহাৰাষ্ট্ৰৰ ৰাজনৈতিক প্ৰেক্ষাপটক কেন্দ্ৰ কৰি গুৱাহাটীত নিৱদ্ধ হৈ আছে যদিও মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই কিন্তু কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।

আনহাতে, বুধবাৰৰ পৰা এতিয়ালৈকে মুখ্যমন্ত্রী ড৹ শৰ্মাই হোটেল ৰেডিশ্বন ব্লুলৈ অহা নাই । বুধবাৰৰ পৰা ৰাজ্যৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰাত ব্যস্ত থকা মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা আজি আছে দিল্লীত । এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল পৰ্বত অংশ লোৱাৰ বাবে তেওঁ দিল্লীত আছে ।

মহাৰাষ্ট্ৰৰ দৰে এখন ৰাজ্যৰ চৰকাৰ ভঙা-পতাৰ খেল গুৱাহাটীত চলি থকাৰ সময়তে মুখ্যমন্ত্রী ড৹ শৰ্মাই অতি কৌশলপূৰ্ণ স্থিতি গ্ৰহণ কৰিছে । অৱশ্যে মুখ্যমন্ত্রীগৰাকী সন্মূখলৈ অহা নাই যদিও ৰেডিশ্বনৰ সমগ্ৰ দিশ তদাৰক কৰি আছে তেওঁৰ অতি ঘনিষ্ঠ মন্ত্রী পীয়ূষ হাজৰিকা, মন্ত্রী অশোক সিংঘাল, সাংসদ পল্লৱ লোচন দাস আৰু বিধায়ক সুশান্ত বৰগোহাঁয়ে । ৰেডিশ্বনত বৃহস্পতিবাৰৰ দিনটোত বেছিভাগ সময় বিসম্বাদী বিধায়ক সকলৰ লগত কটাই মন্ত্রী পীয়ূষ হাজৰিকা আৰু অশোক সিংঘালৰ লগতে সাংসদ পল্লৱ লোচন দাসে । অৱশ্যে সমগ্ৰ ঘটনা প্ৰৱাহ সন্দৰ্ভত কোনেও কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।

জানিব পৰা মতে, মুখ্যমন্ত্রীৰ নিৰ্দেশত তেওঁলোকে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰে যোগাযোগ ৰক্ষা কৰি আছে । মহাৰাষ্ট্ৰত চৰকাৰ ভঙা-পতাৰ শ্বাসৰুদ্ধকাৰী ৰাজনৈতিক নাটকখনৰ যৱনিকা কেতিয়া পৰিব তাৰ এতিয়াও কোনো উমান পোৱা যোৱা নাই ।

লগতে পঢ়ক: Maha political Drama: কাৰ হাতত মহাৰাষ্ট্ৰ চৰকাৰৰ ৰিম’ৰ্ট ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.