ETV Bharat / state

Durga Puja 2023 : মহা নৱমী উপলক্ষে মহানগৰীৰ ৰাজগড়ত কুমাৰী পূজা

author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 5:04 PM IST

Updated : Oct 23, 2023, 5:17 PM IST

Maha Navami being celebrated in Guwahati
মহা নৱমীৰ উলাহ

মহানগৰীৰ ৰাজগড় দুৰ্গোৎসৱ সমিতিয়ে আয়োজন কৰা দুৰ্গা পূজাত অনুষ্ঠিত কৰা হৈছে কুমাৰী পূজা ৷ ৰাজগড়ৰ দুৰ্গা পূজাই এইবাৰ ভৰি দিলে সোণালী জয়ন্তী বৰ্ষত ৷

মহানগৰীৰ ৰাজগড়ত অনুষ্ঠিত কৰা হৈছে কুমাৰী পূজা

গুৱাহাটী, 23 অক্টোবৰ : আজি মহা নৱমী ৷ মহা নৱমী উপলক্ষে ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে কুমাৰী পূজা ৷ মহানগৰীৰ ৰাজগড় দুৰ্গোৎসৱ সমিতিয়ে আয়োজন কৰা দুৰ্গা পূজাতো অনুষ্ঠিত কৰা হৈছে কুমাৰী পূজা ৷

নৱৰাত্ৰিৰ নৱম দিনটোত মা দুৰ্গাক "সিদ্ধিদাত্ৰী" ৰূপত আৰাধনা কৰা হয় ৷ মা দুৰ্গাৰ নৱম ৰূপটোৰ নাম হ’ল "সিদ্ধিদাত্ৰী" ৷ দুৰ্গা পূজাৰ নৱম দিনা দেৱী "সিদ্ধিদাত্ৰী"ক পূজা কৰিলে ভক্ত সকলক সকলো প্ৰকাৰৰ সিদ্ধি প্ৰদান কৰে বুলি জন বিশ্বাস প্ৰচলিত ৷ মাৰ্কণ্ডেয় পুৰাণত উল্লেখ থকা মতে এই সিদ্ধি আঠ প্ৰকাৰৰ- অনিমা, মহিমা, গৰিমা, লঘিমা, প্ৰাপ্তি, প্ৰকাম্য, ইশিত্ব আৰু বশিত্ব সিদ্ধি ৷ কিন্তু ব্ৰহ্মবৈৱৰ্ত পুৰাণত এই সিদ্ধি ওঠৰ (18) প্ৰকাৰৰ বুলি উল্লেখ কৰা হৈছে ৷

দেৱী সিদ্ধিদাত্ৰী অৰ্থাৎ চতুৰ্ভুজা চাৰিখন হাতযুক্ত ৷ দেৱীৰ বাহন হ’ল সিংহ ৷ মহা নৱমীৰ দিনা ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে কুমাৰী পূজা ৷ ৰাজ্যৰ ভিন্ন ঠাইৰ লগতে মহানগৰীৰ বিভিন্ন স্থানতো অনুষ্ঠিত কৰা হৈছে কুমাৰী পূজা ৷ মহানগৰীৰ ৰাজগড় দুৰ্গোৎসৱ সমিতিয়ে আয়োজন কৰা দুৰ্গা পূজাটো অনুষ্ঠিত কৰা হৈছে কুমাৰী পূজা ৷ 9 গৰাকী কুমাৰীক বহুৱাই পতা হৈছে কুমাৰী পূজা ৷

ৰাজগড়ৰ দুৰ্গা পূজাই এইবাৰ ভৰি দিলে সোণালী জয়ন্তী বৰ্ষত ৷ অসমীয়া পৰম্পৰাগত সাজ-সজ্জাৰে এইবাৰ ৰাজগড়ৰ মা দুৰ্গা, সৰস্বতী, লক্ষ্মী, গণেশ আৰু কাৰ্তিকৰ প্ৰতিমা সজ্জিত কৰা হৈছে ৷ লগতে ৰাজগড়ৰ দুৰ্গোৎসৱ সমিতিৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে অনুষ্ঠিত কৰা হৈছে সাংস্কৃতিক সন্ধিয়া ৷ ষষ্ঠীপূজাৰ দিনা মহিলাৰ নাগাৰা নাম, সপ্তমী পূজাৰ দিনা নাগাৰা নাম,অষ্টমীত অংকীয়া ভাওনা আৰু নৱমী পূজাৰ দিনা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি জানিবলৈ দিছে পূজা কমিটিৰ বিষয়ববীয়াই ৷

লগতে পঢ়ক : Durga Puja in Sivasagar : মহা নৱমী উপলক্ষে শিৱসাগৰৰ পূজাস্থলীত মা দুৰ্গাৰ আৰতি

Last Updated :Oct 23, 2023, 5:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.