ETV Bharat / state

২ আগষ্টলৈ বন্ধ স্থানীয় ৰে'ল সেৱা

author img

By

Published : Jul 21, 2020, 9:33 PM IST

স্থানীয় ৰে’ল সেৱা বন্ধ হ’লেও অব্যাহত থাকিব দূৰণীহবটীয়া ৰে’লৰ চলাচল ৷ ৰাজধানী এক্সপ্ৰেছ, ব্ৰহ্মপুত্ৰ মেইল, লোকমান্য তিলক এক্সপ্ৰেছৰ চলাচল পূৰ্বৰ সময়সূচী মতে অব্যাহত থাকিব ৷

২ আগষ্টলৈ বন্ধ স্থানীয় ৰে'ল সেৱা
২ আগষ্টলৈ বন্ধ স্থানীয় ৰে'ল সেৱা

গুৱাহাটী, 21 জুলাইঃ বুধবাৰৰ পৰা অসমত বন্ধ আন্তঃজিলা যাতায়ত ব্যৱস্থা ৷ ৰাজ্য চৰকাৰৰ এই সিন্ধান্তৰ পিছত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেও বাতিল কৰিছে আন্তঃজিলা ৰে'ল সেৱা ৷ গুৱাহাটী-যোৰহাটৰ মাজত চলাচল কৰা জনশতাব্দী এক্সপ্ৰেছৰ চলাচল বাতিল কৰাৰ লগতে অহা 2 আগষ্টলৈ সকলো স্থানীয় ৰে'ল বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেয়ে ৷

২ আগষ্টলৈ বন্ধ স্থানীয় ৰে'ল সেৱা

অৱশ্যে এই সময়চোৱাত অব্যাহত থাকিব দূৰণীবটীয়া ৰে’ল সেৱা ৷ ৰে’ল কৰ্তৃপক্ষই অৱগত কৰা অনুসৰি ৰাজধানী এক্সপ্ৰেছ, ব্ৰহ্মপুত্ৰ মেইল, লোকমান্য তিলক এক্সপ্ৰেছৰ চলাচল পূৰ্বৰ সময়সূচী মতে অব্যাহত থাকিব ৷ এইসমূহ ৰে'লৰ যাত্ৰীৰ নিজ নিজ গন্তব্য স্থানলৈ যোৱাত কোনো বাধা নাথকিব ৷ আনহাতে অসমলৈ উভতি অহা যাত্ৰী সকলে তেওঁলোকৰ টিকট দেখুৱাই নিজ নিজ জিলালৈ যাব পাৰিব ৷

উত্তৰ-পূৱ সীমান্ত ৰে'লৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই সাংবাদিকৰ আগত প্ৰকাশ কৰে এই কথা ৷

লগতে পঢ়কঃ আৱাসিক এলেকাত কোভিড কেয়াৰ কেন্দ্ৰ স্থাপনৰ অনুমতি কেন্দ্ৰীয় চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.