ETV Bharat / state

মহানগৰীত আৱকাৰী বিভাগৰ অভিযান

author img

By

Published : Aug 4, 2020, 10:27 PM IST

গুৱাহাটীত আৱকাৰী বিভাগৰ চুলাই বিৰোধী অভিযান ৷ ভঙাগড়ৰ পৰা জব্দ কৰে 80 লিটাৰ চুলাই মদ ৷ অভিযানত চুলাই ব্যৱসায়ী সকল পলায়ন কৰে যদিও তদন্ত অব্যাহত থকা বুলি জানিবলৈ দিয়ে ৷

ligal Liquor seized in Assam Guwhati
মহানগৰীত আৱকাৰী বিভাগৰ সুৰা বিৰোধী অভিযান

গুৱাহাটী, 4 আগষ্ট : ৰাজ্যত কৰ'ণা মহামাৰী আৰু বানপানীৰ ত্ৰাস অব্যাহত থকাৰ মাজতে মঙলবাৰে গুৱাহাটী মহানগৰীৰ পৰা আৱকাৰী বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই মদ জব্দ কৰে ৷ মহানগৰীৰ ভঙাগড়ৰ পৰা উদ্ধাৰ কৰে চুলাই মদখিনি ৷

মহানগৰীত আৱকাৰী বিভাগৰ সুৰা বিৰোধী অভিযান

আৱকাৰী বিভাগৰ অভিযানত চুলাই মদৰ লগতে 1400 গ্ৰাম চুলাই প্ৰস্তুত কৰা সামগ্ৰী, বিভিন্ন সা-সৰঞ্জাম, 80 লিটাৰ চুলাই মদ জব্দ কৰা হয় ৷ আনহাতে, আৱকাৰী বিভাগৰ অভিযানৰ উমান পাই ঘটনাস্থলীৰ পৰা চুলাই ব্যৱসায়ীসকলে পলায়ন কৰে বুলি আৱকাৰী বিভাগে জানিব দিয়ে ৷ কিন্তু ব্যৱসায়ী কেইজনৰ সন্ধানত তদন্ত অব্যাহত থকা বুলি আৱকাৰী বিভাগে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

মহানগৰীত আৱকাৰী বিভাগৰ সুৰা বিৰোধী অভিযান

লগতে পঢ়ক : ঠেলায়ে যাতায়াতৰ একমাত্ৰ সাৰথি মৰিগাঁৱবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.