ETV Bharat / state

নাহৰফুটুকীৰ আক্ৰমণত আহত ছাত্ৰঃ উত্তেজিত ৰাইজৰ আক্ৰমণত নিহত নাহৰফুটুকী

author img

By

Published : Dec 7, 2019, 3:18 AM IST

মহানগৰীত নাহৰফুটুকীৰ আক্ৰমণত আহত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ ৷ ঘটনাৰ পিচত একাংশ ছাত্ৰ আৰু স্থানীয় উত্তেজিত লোকৰ আক্ৰমণত নিহত হয় নাহৰফুটুকীটো ৷

leopard attacked at Assam Engineering college guwahati
নাহৰফুটুকীৰ আক্ৰমণত আহত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ

গুৱাহাটী, 6 নৱেম্বৰঃ মহানগৰীত পুনৰ নাহৰফুটুকীৰ আক্ৰমণ ৷ জালুকবাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ আহত নাহৰফুটুকীৰ আক্ৰমণত ৷ মহাবিদ্যালয়খনৰ তৃতীয় ষাণ্মাষিকৰ দেৱব্ৰত চুতীয়া নামৰ ছাত্ৰজনক আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হয় ৷ তেওঁক ততাতৈয়াকৈ চৰকাৰী আয়ুৰ্বেদিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নক চিকিৎসাৰ বাবে গুৱাহাটীৰ ব্যক্তিগত হস্পিতাললৈ লৈ যোৱা হয় ৷

নাহৰফুটুকীৰ আক্ৰমণত আহত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ

আনহাতে এই ঘটনাৰ পিচত একাংশ ছাত্ৰ আৰু স্থানীয় উত্তেজিত লোকৰ আক্ৰমণত নিহত হয় নাহৰফুটুকীটো ৷ উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা অঞ্চলটোত নাহৰফুটুকীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি আছিল ৷ এতিয়া ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে বাঘ-মানুহৰ সংঘাত ৷

আৰু পঢ়কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈৰ সংবাদমেল

Intro:নাহৰফুটুকীৰ আক্রমণত আহত জালুকবাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ। আহত ছাত্ৰজন তৃতীয় সন্মাৰ্ষিকৰ চিভিল বিভাগৰ দেৱব্ৰত চুতীয়া বুলি জানিব পৰা গৈছে। ফুৰিবলৈ যোৱা সময়চোৱাতে নাহৰফুটুকীটোৱে আক্ৰমণ কৰে ছাত্ৰজনক। নাহৰফুটুকীৰ আক্ৰমণত আহত ছাত্ৰজনক চৰকাৰী আয়ুৰ্বেদিক হস্পিতালত চিকিস্থাধীন হৈ আছিল যদিও উন্নত চিকিস্থাৰ বাবে গুৱাহাটীৰ ব্যক্তিগত হস্পিতাললৈ লৈ যোৱা হয়। ছাত্ৰজনক আক্ৰমণৰ পিছত একাংশ ছাত্ৰ আৰু স্থানীয় লোকে উত্তেজিত হৈ হত্যা কৰে নাহৰফুটুকীটোক। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা অঞ্চলটোত নাহৰফুটুকীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি আছিল। অৱশেষত এনেদৰেই হত্যা কৰা হয় নাহৰফুটুকীটোক। Body:Guwahati Conclusion:Hirul Haque

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.